( ৷৶৹ )
কৰা হৈছে। এনেকুৱা গভীৰ বিষয়ৰ কথা উজু ভাষাত
প্ৰকাশ কৰা টান। আপুনি, তেনে কাম সুকলমে সাধি
এটাইছে। অসমীয়া মানুহে যে, পুথি খনক, অসমীয়া
ভাষাৰ এটি বহু মূলীয়া ৰত্ন বুলি সাদৰ কৰিব, তাত মোৰ
একণো সন্দেহ নাই। পুথিত দুটা, এটা সাধাৰণ
তৰপৰ শব্দ পোৱা যায়। কিন্তু তাৰ পৰা পুথিৰ গুণাগুণৰ
হীনডেঢ়ি হৈছে যেন বোধ নহয়।
গুৱাহাটী
২৫৷৭৷১৫
স্বাক্ষৰ
শ্ৰীসত্যনাথ বৰা৷
শ্ৰীযুক্ত খান বাহাদুৰ মৌলুবী মুহিবদ্দিন আহমদ
সবজজ চাহাব
শলাগনি।
পৰমাৰ্থ-দৰ্পণ পুথিখনি মই , আদ্যোপান্ত পঢ়ি চাই বৰ সন্তোষ পালোঁ। এই পুথি খনি যে অসমীয়া ভাষাৰ এখনি মুল্যবান গ্ৰন্থ হব, তাৰ একণো সন্দেহ নাই। যদিও পুথিখনি অন্য ভাষাৰ ভাঙ্গনি, তথাপি ইয়াৰ আধ্যাত্মিক ভাব, ইমান ওখ খাপৰ যে, অনুবাদ পঢ়িও অনেকে বিশেষ ফল পাব। আধ্যাত্মিক ভাবৰ কিতাব, এক ভাষাৰ পৰা, অন্য ভাষালৈ নিয়া, অতি সহজ কাম নহয়; তথাপি আপুনি যে মূল গ্ৰন্থৰ ভাব, অসমীয়া ভাষাত ইমান সুন্দৰ ৰূপে ব্যাখ্যা কৰিব পাৰিছে, এই বাবে