পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৯৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পৰমাৰ্থ-দৰ্পণ। বিলাকক সম্বোধিলে; হে বন্ধু সকল! এই বিষ্ঠা বোৰে, আমাক কি কৈছে বুজ পাইছা নে? সিবিলাকে উত্তৰ দিলে, দেউ! আমি বুজ পোৱা নাই; অনুগ্ৰহকৈ, আপুনি বুজাই দিয়ক। শ্যেখ চাহাবে কব ধৰিলে; বন্ধু সকল শুনা; এই দুৰ্গন্ধময় মলবোৰে ইয়াকে কৈছে। “কালি, হাট-বজাৰত আমি নানা তৰহৰ, উপাদেয়, সুখাদ্য ফল, মূল, মিঠৈ-মিষ্টান্ন ৰূপে, দোকান, পোহাৰ জিলিকাই আৰু শোলকৈ আছিলোঁ; দোকানী, পোহাৰীয়ে, পৰম যতনেৰে আমাক ৰখিছিলে, বেহাওঁতা সকলে, আমাক বেহাবলৈ ব্যাকুলহৈ, মুঠিয়ে ২ ধন ভাঙ্গিছিলে। একেটি ৰাতি মাথোন, তঁহতৰ সঙ্গত পৰি, সঙ্গদোষত, কুৎচিত, নীহতকৈ নীহ অৱস্থা পাইছোঁ। এনিশাৰ সংসৰ্গতে, যেতিয়া, দুৰ্গন্ধ মল-মূত্ৰৰ আকৃতি পালোঁ, সৰহ দিন লগ- সঙ্গ কৰিলে, নাজানে। কি ভয়ানক বিলৈ হব; সেই ভয়ত, বৰং আমি, তঁহতৰ গুৰিৰ পৰা আঁতৰি যাব লাগে। কিন্তু, হায়! কি দুখৰ বিষয়, কি লাজৰ কথা, উলটি উঁহতহে আমাৰ পৰা পলাইছ।” ওপৰত যি ২ বিবৰণ দিয়া গল, তাৰ প্ৰকৃত মৰ্ম্ম এই; ইহজগতত, মানুহ অতি অসাঠন, নিতান্ত নিৰ্বলী আৰু নিচেই নি সহায়। সিহঁতে, যদি এই পৰমাৰ্থ-দৰ্পণ পুথি খনি মন সংযোগ কৰি পুনঃ ২ পঢ়ে আৰু অনবৰত তাৰ অনুধাবন কৰে অৰ্থাৎ যি পঢ়িলে তাক মনৰ ভিতৰত