পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰমাৰ্থ-দৰ্পণ।


 পৰমোন্নত পৰম্পদ, আত্মাৰ আদি থল অৰ্থাৎ, আত্মা সেই পৰমোন্নত থলত জনমলৈ, এই জগতলৈ আহিছে৷ দুনাই সেই থললৈ উলটি যাব। আলহী স্বৰূপে, দিন চেৰেক, মাথোন থাকি, বেহা বা খেতি কৰিবৰ কাৰণে এই মৰু জগতলৈ আত্মাৰ আগমন। আত্মাৰ বণিজ বা খেতি সমন্ধে বহুল বৰ্ণনা পাচত হব।

 প্ৰিয় পাঠক! যেতিয়ালৈ তুমি, আত্মাৰ অস্তিত্ব অৰ্থাৎ আত্মা বুলি যে, এটি বস্তু, তোমাৰ দেহৰ ভিতৰত আছে, তাক বুজিব নোৱাৰিবা, তেতিয়ালৈকে আত্মাৰ স্বৰূপ সমন্ধে একো জ্ঞান নাপাবা। ১ম, আত্মাৰ অস্তিত্ব; ২য়, আত্মাৰ ভৃত্য বা দাস বিলাকৰ পৰিচয়; ৩য়, সেই দাস বোৰেৰে সৈতে আত্মাৰ সমন্ধ; ৪ৰ্থ, আত্মা কোন্ কোন্ গুণৰ প্ৰভাৱত পৰমেশ্বৰৰ তত্ত্ব-জ্ঞান লাভ কৰিবলৈ সমৰ্থ, ৫ম, পৰমেশ্বৰৰ তত্ত্ব-জ্ঞানৰ পৰাই বা মানুহৰ আপোন আপোন সৌভাগ্য কি স্বৰূপে লাভ হয়। এই সমস্ত সম্ভেদ পালেহে.. আত্মাৰ স্বৰূপ কেনে বুজিৰ পাৰিবা। খোদা কৰিলে এই সকল গূঢ় বা গুপ্ত কথা অনুক্ৰমে অৰ্থ আজি বহলাই লেখা যাব।

 আত্মাৰ অস্তিত্ব; আত্মাৰ অস্তিত্ব বা স্থিতি সমন্ধে বহুত ফট্ ফটীয়া প্ৰমাণ আছে। নিজৰ অস্তিত্বৰ তো কাৰো একো সন্দেহ নাই। “মই আছোঁ” “তুমি আছা”, এই কথাৰ প্ৰমাণ কাকো বুজাবৰ আৱশ্যক নকৰে কিন্তু