সমললৈ যাওক

পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
পৰমাৰ্থ-দৰ্পণ।


জগতৰ বস্তু বুলি কি স্বৰূপে কব পাৰি। ই, আধ্যাত্মিক জগতৰ বস্তু, কোনো ভুল নাই। বহিৰ্জগতৰ জ্ঞান, লাভ কৰিবৰ হন্তে, ইন্দ্ৰিয়ৰ স্ৰজন। অন্তৰ্জগত বা আধ্যাত্মিক জগতৰ জ্ঞান লাভৰ বিষয়ে ইন্দ্ৰিয় বোৰ বাধক। যেতিয়ালৈ মানুহে, জড়-জগতৰ ঠেৰু নিছিঙ্গে, তেতিয়ালৈ, আধ্যাত্মিক জগতৰ ফালে বাট পোৱা সুকঠিন।

 পাঠক! মনত নেভাবিবা, সপোন আৰু মৃত্যু ঘটনাত বাজে, অইন কোনো অবস্থাত, আধ্যাত্মিক জগতৰ ফালে, আত্মাৰ দুৱাৰ মুকলি নহয়। যদি কোনো জনে সজাগ অৱস্থাত, সত্য তপস্বীৰ দৰে, যথাবিধি শ্ৰম কৰে; কাম ক্ৰোধ, লোভ আদি ৰিপুৰ হাতৰ পৰা নিজক এৰুৱাব পাৰে; সকলো কু-আচাৰ কু-চৰিত্ৰৰ পৰা শুচি থাকে; নিজান ঠাইত বহি, চকু মুদি, বহিৰ্জগতে সৈতে ইন্দ্ৰিয় বিলাকৰ সমন্ধ গোটেই ছিঙ্গি পেলায় আৰু তাৰ সলনি, অন্তৰ্জগতেৰে আত্মাৰ সংযোগ ঘটাই অন্তৰাত্মাৰ পৰা ‘আল্লাহ্’ ২ শব্দ, সদায় জপে আৰু সেই নিয়মে, নেৰা- নেপেৰাকৈ, ওৰেও ধ্যানত মগ্ন থাকে; তেনেহলে, শেষত গৈ এনে এটা অৱস্থা পাব যে, তেঁও নিজকে নিজে, আৰু গোটেই বহিৰ্জগত খন, তেনেই পাহৰি যাব। এক খোদা-তায়ালাৰ বাহিৰে, অইন একো মনত নেথাকিব। তেতিয়া, সজাগ কালতো, আত্মাৰ ভিতৰুৱা দুৱাৰ, সদা-