পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
পৰমাৰ্থ দৰ্পণ।

পাপ-ক্ৰিয়াই আবৰি ধৰি দূষিত কৰিলে, আত্মাই, আধ্যাত্মিক জ্ঞান লাভৰ ক্ষমতা হেৰুৱায়। এতদৰ্থে, পবিত্ৰ হাদিছ শ্যাৰিফত উক্তি আছে, “মনুষ্য-সন্তান নিৰন্তৰে আপোন প্ৰকৃতিলৈ জনম ধৰে, পিচত তাৰ পিতৃ, মাতৃয়ে, তাক ইহুদি, খৃষ্টান বা জড়োপাসক কৰি লয়”। মানুহ মাত্ৰই বিশুদ্ধ আধ্যাত্মিক জ্ঞান লাভ কৰিবৰ সক্ষম। সেই সমন্ধে, খোদা-তায়ালাই নিজ পবিত্ৰ গ্ৰন্থত সম্বাদ দিছে, “আমি তহঁৰত প্ৰভু নহওনে? সিহঁতে উত্তৰ দিলে “হোৱা”। তেনেমতে, চোবাচোন, যদি এজনে, আন এজনক সোধে, “একতকৈ দুই বেচি নহয় নে?’’ সিজনে উত্তৰ দিব, “নিশ্চয় বেচি।” যদিও, কেতিয়াও মুখেৰে কোৱা নাই, কাণেৰে শুনা নাই, সকলোৰে অন্তৰত সত্যৰ ছাব, দ-কৈ বহোৱা আছে; এজনা স্ৰজন-কৰ্ত্তা আছে যে সেই জ্ঞান, সমুদয় মানুহৰ প্ৰকৃ তত নিহিত। সেই নিমিত্তে, খোদা-তায়ালাই, নিজ পবিত্ৰ বচনত উক্তি কৰিছে, “আৰু যদি সিহঁতক সোধা, কোনে তহতক স্ৰজিছে? নিশ্চয, সিহঁতে কব, আল্লাই আমাক স্ৰজিছে”। আকৌ তেখেতে কৈছে, “যি প্ৰকৃতিৰ ওপৰত মনুষ্যৰ স্ৰজন, সেয়ে, আল্লা-তায়ালাৰ স্ৰজা প্ৰকৃতি”। যুক্তি, বুদ্ধি আৰু অভিজ্ঞতাৰ দ্বাৰাইও বুজা যায়, তত্ত্ব-জ্ঞান, কাৰো সুকীয়া বিত নহয়। (ক) পয়-

 (ক) প্ৰেৰিত পুৰুষ।