পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৩৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পৰমাৰ্থ-দৰ্পণ। বিভোল হৈ পৰিব; তেতিয়াহে তেখেতৰ উপযুক্ত বান্দা অৰ্থাৎ স্তুতিকাৰী আজ্ঞাবহ দাস হব পাৰিব। সুজন কৰোঁতা খোদাতায়ালাই এই সমন্ধে স্বীয় পবিত্ৰ (ক) কালামাল্লা শ্যৰিত কৈছে, “আৰু আমি উপাসনা, বন্দনাৰ বাজে আন কোনো কাৰণে জেন ( উপদেৱতা) আৰু এছন (মানব জাতি), সুজন কৰা নাই।” পৰম দয়ালু পৰমেশ্বৰে আত্মা অঙ্গন কৰি, অলেখ লগুৱাৰে সৈতে এই লোভনীয় দেহ দান কৰিছে। অন্যা, দেহ ৰূপ ঘোৰত উঠি যেন, এই নিম্ন জগতৰ পৰা “য়ালা ইল্লিন” অৰ্থাৎ ওখতকৈ ওখ শ্ৰেষ্ঠতম জগতলৈ অনুক্ৰমে উধাই গৈ থাকে। যদি কোনোৱে এই মহা দানৰ ষোল জানিবলৈ হাবিলাষ ৰাখে আৰু নিজ দাসালি ধৰ্ম্ম সাৰ্থক কৰিবলৈ হুতাহ কৰে, তেনেহলে তেওঁৰ উচিত; তেওঁ, ৰজাৰ দৰে নিজ সিংহাসনত থিৰ হৈ বহে, পৰমেশ্বৰক সন্মুখত লক্ষ্য কৰি লয়, পৰকালক চিকলীয়া ঘৰ বুলি বুজে আৰু এই সংসাৰক আলি কাষৰীয়া পান্থ- শালা, দেহাটোক বাহন, হাতভৰিক লগুৱা, বুদ্ধিক মন্ত্ৰী, লোভক খাজাঞ্চী, ক্ৰোধক কটোৱাল, ইন্দ্ৰিয় বিলাকক, বাৰ্তা বাহক দূত পাতি লয়; আৰু প্ৰত্যেক আপোন ২ কৰিব লগীয়া কাৰ্য্যত লগাই; পৰকলৰ সম্বল সঞ্চয় কনে। (ক) কোৰান শ্যৰিফ।