পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
পৰমাৰ্থ-দৰ্পণ।

জ্ঞান মানুহৰ অন্তৰত নাই, তাক মানুহে বুজিব নোৱাৰে। সেই কাৰণেই খোদা-তায়ালাৰ স্বৰূপ বা অৱস্থা, খোদা বিনে আন কাৰো বুজিবৰ শক্তি নাই।

 ওপৰত যি তিনি শ্ৰেণী গুণৰ বিবৰণ দিয়া হল, তাৰ বাহিৰে আৰু ভালেমান, ওপৰ খাপৰ শুৱলা গুণ আৰু ক্ষমতা, পয়গম্বৰ সকলৰ গাত বৰ্ত্তমান আছে, যাৰ গোন্ধ ভাগো আমাৰ গাত নাই। সুতৰাং আমি সেই বিলাকৰ একোকে ভূ-ভা নাপাওঁ। ইতি পূৰ্ব্বে কথিত হৈছে, খোদা-তায়ালা বাজে, খোদা-তায়ালক কোনেও সম্পূৰ্ণ চিনিব নোৱাৰে। সেইদৰ, জগতৰ সৱাতকৈ ঘাই পয়গম্বৰ আমাৰ হজৰত মহম্মদ মুস্তাফা ( ছ্ব; য়া; অ :) ক, নিজে কিম্বা স্বয়ং স্ৰজন-কৰ্ত্তাৰ বাজে অইন কোনেও পূৰ্ণ মাত্ৰায় নিচিনে।

 পূৰ্ব্বতে উল্লেখ হৈছে, মানুহে অন্যভুবা বস্তু অৰ্থাৎ পূৰ্ব্বে যাক দেখা নাই, যাক নাজানে, তাক সঁজাত নকৰে। যদি আমি, টোপনি কিহক বোলে, নাজানিলোঁ হেঁতেন, আৰু কোনোবাই আহি কলেহি হেঁতেন, “অমুক-তমুক, কিছু পৰ, চকু মুদি, মাত বোল হেৰুৱাই মাটিত পৰি আছিল, সেইখিনি পৰ, সি একোকে দেখা শুনা নাপাই- ছিল, এপৰ মান পাচত, আকৌ উঠি বহিল, আকৌ দেখিব শুনিব আৰু লৰি-চৰি ফুৰিব পৰা হল”, সেই মানুহ টোৰ, তেনে কথাত, কেতিয়াও পতিয়ন নগলোঁ হেঁতেন।