সৰ্ব্বতি কাললৈ মুকলি হৈ থাকিব। পূৰ্ব্বে কোৱা
সমাজিকত, আন লোকে যি ২ দেখা পায়, এনে অৱস্থাৰ
মহাত্মাজনেদি ঠকতে সেই সমস্ত ফট্–ফটীয়া কৈ দেখিব।
ফেৰেস্তা সকল, মনোহৰ সাজ-পাৰে সৈতে তেওঁৰ দৃষ্টিত
পৰিব, পয়গম্বৰ আৰু ওলী-আল্লা বিলাকৰ সাক্ষাৎ পাব,
আৰু সিবিলাকৰ পৰা, বিস্তৰ উপকাৰ আৰু সাহায্য
লাভ কৰিব, অকাশ, পাতালৰ, য’ত যিমান স্ৰজন কৰ্ত্তা
আল্লা-তায়ালাৰ ৰাজ্য আছে, সকলো দৰ্শন হব। যাৰ
ভাগ্যত, এই মহা জ্ঞানৰ বাট মুকলি হৈছে, তেওঁ
বিশ্ব-ব্ৰহ্মাণ্ডৰ আচৰিত ২ বস্তুৰ ৰঙ্গ ৰূপ দেখি, অপূৰ্ব্ব,
অবৰ্ণনীয়, ক্ৰিয়া-কাণ্ড আৰু মহৎ ২ ঘটনা বিলাকৰ
চাক্ষুষ দৰ্শন পাই পৰমানন্দ ভোগ কৰে।
এই অৱস্থা সমন্ধে, আমাৰ মহা পয়গম্বৰ হজৰত মহম্মদ মস্তফা ( ছ্ব; য়া; অ;) মে কৈছে, “মোক গোটেই ব্ৰহ্মাণ্ডখন দেখুৱাইছে, অৰ্থাৎ মই বিশ্বজগতৰ পূব্বৰ পৰা পাশ্চমলৈ তেনেই দোমছোঁ”। খোদা-তায়ালাইও নিজ পবিত্ৰ কালামাল্লা শ্যাৰিফত কৈছে; “আৰু আমি সেই নিচিনাকৈ এব্ৰাহিমক, আছ্মান-জমিনৰ অৰ্থাৎ স্বৰ্গ-মৰ্ত্ত্যৰ ৰাজ্য বিলাক দেখুৱাই ছোঁ”।
পয়গম্বৰ লোকৰ জ্ঞান গোটেই তেনে স্বৰূপে পোৱা। ইন্দ্ৰিয়ৰ সাহায্যে বা শিক্ষাৰ বাটে উপাৰ্জিত নহয়। কৰ্ত্তব্য কাৰ্য্যত পৰিশ্ৰম, ৰিপু বোৰৰ লগত সংগ্ৰাম, এনে