পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/১৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


( 1 ) দিনে ৰাতিয়ে সংসাৰকে সাবটি ধৰি থাকিলে পত্ৰিক দিহা নো কাহানি হব? সাংসাৰিক আৰু পাৰত্ৰিক সুখ; এই দুইৰে আকাশ, পাতাল অন্তৰ। পিৰত্ৰিক সুখ উৎকৃষ্ট, সাংসাৰিক সুখ নিকৃষ্ট। চে'ৱা, পৰমেশ্বৰ এই গোটেইখন বিশ্ব-সংসাৰৰ জোতা সংসাৰ আৰু সংসাৰৰ আটাই বস্তু, পৰমেশ্বৰৰ স্ৰজা বস্তু। জোতা- জন, নিশ্চয়, সুজা বস্তুতকৈ শ্ৰেষ্ঠ বা উৎকৃষ্ট, আৰু সুজা বস্তু নিকৃষ্ট। উৎকৃষ্টলৈ পিঠিদি নিকৃষ্টৰ লগত মন মতলীয়া কৰিলে পৰম কৰুণাময়ৰ মিয়া ৰূপ-দৰ্শন- সুখক নেওচ। দিয়া নহবনে? এই প্ৰশ্নটি, বুদ্ধিমন্ত লোক নিৰন্তৰে, ওঁ” বুলি শলাগিব সন্দেহ নাই। এতেকে, উৎকৃষ্ট সুখক নেওচা নিদি, নিকৃষ্ট সুখক দিয়াছে যুক্তি- সঙ্গত যেন লাগে। সংসাৰ ত্যাগী হবলৈ ধৰ্ম্মনীতিয়ে নকয়; বৰং তাৰ আলমলৈ পৰিত্ৰিক সুখৰ বাটত আগুৱাৰ লৈহে মত দিছে। গতিকে, ওপৰত উক্তি কৰা, লেখকৰ আলমটো প্ৰকৃত আলম নহয়। ই, সংসাৰ ভোগাবৰ এটা ভুৱা মাথোন। | অতঃপৰ জনাওঁ', এই পুথি কোনো ধৰ্ম্ম-মতৰ বিৰোধী নহয়। ইয়াত, কোনো বিশেষ ধৰ্ম্ম-মণ্ডলীৰ নিন্দাবাদ নাই ইয়াক পঢ়ি কি (ক) বিশ্বাসী কি অবিশ্বাসী সকলোৱে সমানে পাত্ৰিক আৰু সাংসাৰিক জ্ঞান আৰু কল্যান লাভ কৰিবলৈ সমৰ্থ হব। ই, বুঢ়াৰ হাতৰ, লাখুটি, ডেকাৰ ডিঙ্গিৰ ফুল হাৰ আৰু কোমলমতি লৰা-ছোৱালীৰ মনৰ পৈণত বিধান। লৰা-কালত সিহঁতৰ উৰ মনত, এই গুটি সিচিলে কালত যে, অতি অপূৰ্ব ফল ফলিয়াব তাৰ (ক) বিশাসী—ছলমান;. অবিশ্বাসী-বিধী।