পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৸৹ )


কোনো ভুল নাই। কিয়নো কোনেও নজনা নহয়, ৰিপু বা নিকৃষ্ট মনোবৃত্তি বিলাকে উচটাইদি, মানুহৰ কি কি নাগতি নকৰে আৰু কেনে ২ ভয়ানক আপদ-আহুকালৰ হাতত পেলাই নিদিয়ে। ইমানলৈ, ৰাজ্যাধিপতি মহাৰাজো সিহঁতৰ প্ৰলোভনত পৰি ৰাজ্যভ্ৰষ্ট আৰু পৰাধীন হয়; লক্ষপতিয়ো ভিকহু মগনিয়া হৈ পৰে। তাৰ বাজে, ৰাজ-দণ্ডিত পৰি কত কত মহাপ্ৰাণী চিপ-জৰীত প্ৰাণ হেৰুউৱা দেখা যায়। এতেকে, তেনে বোৰ গৰ্হিত, উদণ্ড বৃত্তিৰ, চোকা আহুদি এই পুথি নিজ ২ সতি-সন্ততিক, সৰু কালৰ পৰা শিক্ষা দান দিবৰ নিমিত্তে সকলো পিতৃ মাতৃ বিশেষ মনোযোগী আৰু যত্নশীল হোৱা উচিত।

 পুথি ডোখৰ ছপা হবৰ আগেয়ে শ্ৰীযুত সত্যনাথ বৰা বি এ, বি এল ডাঙ্গৰীয়াই কৃপা কৰি, ইয়াৰ ভাষাৰ আঁৰ ভাঙ্গি কিছুমান পোনাই দিছে; আৰু শ্ৰীযুত চন্দ্ৰকান্ত শৰ্ম্মা, বি এ, মহাশয়েও পঢ়ি চাই, কেইবা ঠাইতো অশুদ্ধ শোধন কৰিছে; সেই বাবে আমি সিবিলাকৰ নথৈ শলাগ লৈছোঁ।

 যেয়ে এই পুথি পঢ়িব, সকলো জ্ঞান বিজ্ঞানৰ আদি কাৰণ, সেই পৰম-ব্ৰহ্ম আল্লা তায়ালাৰ তত্ত্ব-জ্ঞান, লাভলৈ যেন, সিবিলাকৰ জ্ঞান চাপে আৰু অন্তৰ ফৰকাল হয়। তেখেতৰ ওচৰত, নিহ্কিন্ ৰ এয়ে শেহ গোহাৰি।

বিনীত

শ্ৰীছাখাৱত আলী

পৰম পাতকী।