সকলৰ শ্ৰেণীত গণ্য। গণ্য হলেও সিবিলাকৰ মাজত
বিস্তৰ প্ৰভেদ আছে; কাৰো ২ মনত, সেই তিন বিধ
গুণৰ, তিনিও বিধ অনুৰূপীয়াকৈ আকৌ কাৰো বা কিছু
সৰহীয়াকৈ বিকাশ হয়। জগতৰ শিক্ষা-গুৰু মহাত্মা,
হজৰত মহম্মদ মস্তাফা (ছ্ব; য়া; অ;) মে, সেই তিনিও
গুণ অসামান্য পূৰ্ণ মাত্ৰায় পাইছে। এতেকে, তেখেত,
মহা গৌৰবান্বিত ওলী আৰু পয়গম্বৰ সকলৰ শ্ৰেণীৰ
মাজত, সৱাতকৈ শ্ৰেষ্ঠ আৰু পূৰ্ণ। গোটেই জগতত,
তেখেতৰ নবুয়ত অৰ্থাৎ প্ৰেৰিত্ত্বৰ বাতৰি, সোনকালে
ব্যাপি পৰিব; আটাই নৰ-নাৰী, অতি হাবিলাষেৰে,
তেখেতৰ উপদেশ মনি চলিব আৰু আপোন২ সৌভাগ্যৰ
বাট মুকলি কৰিব। এই অভিপ্ৰায়ে কৰুণাময়ে, কথিত
তিন শ্ৰেণী গুণ অসামান্য পূৰ্ণ মাত্ৰায় তেখেতক দান
কৰিছে। আৰু সেই গুণৰ জান-নেজান গোন্ধ মাথোন
সৰ্ব্ব সাধাৰণৰ হৃদয়ত ছটিয়াইছে।
পাঠক! এতিয়া ভাবি চোৱাঁ, যি গুণ বা যি ভাব, যি মানুহৰ অন্তৰত মুঠে নাই কিয়া, তাক তেওঁ কি স্বৰূপে ধাৰনা কৰিব; যিটো ধাৰনাৰ বা বুজিবৰ শক্তি নাই, সেইটো কোনেও সজাত নকৰে। পয়গম্বৰ বিলাকৰ অলৌকিক, অসাধাৰণ গুণৰ ছাটি ফেৰিও যদি মানুহৰ হিয়াত নেথাকিল হেঁতেন, তেন্তে পয়গম্বৰ সকলৰ গুণ, কেতিয়াও, কোনেও গম নাপালে হেঁতেন। যি বস্তুৰ