পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৬১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৪৭ পৰমাৰ্থ-দৰ্পণ। গম্বৰ সকলো, মানুহ হে তেও। খোদা-তায়ালাই, মহম্মদ (খ) (ছ; য়া; অ;) ক, নিজে মানুহ বুলি কবলৈ তেখেতক কৈছে; কোৱা, মই, তহঁতৰ নিচিনা মানুহৰ বাজে, আন একো নহওঁ”। যিনা-মহাপুৰুষৰ ভাগ্যত, তেনে বিধ বিশুদ্ধ, পবিত্ৰ জ্ঞানৰ দুৱাৰ মুকলি হৈছে, তেঁওক যদি জগতৰ হিতৰ কাৰণ, স্বয়ং খোদাতায়ালাৰ ফালৰ পৰা শিকনি দি, নৰ- নাৰীৰ উপদেশক পাতি দিয়ে, তেৱে, যদি সিহতক আবাহন কৰে আৰু উপদেশ দিবলৈ ধৰে, তেন্তে, তেওক পয়গম্বৰ আৰু তেওঁৰ অসাধাৰণ ক্ৰিয়া-কাণ্ডক, মোয়- জেজা আৰু তেঁও শিক্ষা দিবৰ কাৰণে, খোদা-তায়ালাই যি শিকায়, সেই শিকনি বোৰক শ্যৰিয়ত বা ধৰ্ম্মনীতি বোলে। কিন্তু, ওপৰত কোৱামতে জ্ঞান-লভা কোনো- জনে, যদি, শিক্ষাদান কাৰ্য্য নকৰে, তেন্তে, তেঁওক ওলী বা ছুফী আৰু তেওঁৰ অদ্ভুত ক্ৰিয়া-কাও বোৰ কেৰামাত বোলে। কিয়নো, তেন্তে আধ্যাত্মিক জ্ঞান ভূষণেৰে ভূষিত আৰু অসাধাৰণ ক্ষমতাৱন্ত হলেই যে, শিক্ষা-দান কাৰ্যত নিযুক্ত থাকিব লগে, এনে নহয়। পৰম জ্ঞানী পৰমেশ্বৰে নিজদিহা, আৰু বুজমতে, যোগাযোগ্য বুজি, (খ) ইয়াক দৰুদ বেলে; হজৰত মহম্মৰ নাম মাতিলে বা শুনিলে, দৰুদ পাৰিব লাগে।