পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/১২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


| (॥ ) মন কৰি, সকলো সজউদ্যোগৰ অকল ভাৰসা আল্লা- তায়ালা সুৱৰি, এই অভাজনে, অসমীয়া ভাষাত ভাজি উলিয়াবলৈ ওলাইছে আৰু সেই বাবে ৰাইজত বৰ মাগিছে। ভাঙ্গনি পুথিখনৰ, পৰমাৰ্থ দৰ্পণ বুলি নাম কৰণ হল। এই ছেগতে, মনৰ খু-দুৱনিৰ দণ্ডিত, কেই আষাৰি মান উচিত কথা নকৈ থাকিব পৰা নগল। | “এক মেব দ্বিতীয়ং” এই বেদ-বাণী ফাঁকিয়ে, প্ৰমাণ দিয়ে যে, পুৰণি কলীয়া ভাৰতবাসী হিন্দু সমাজৰ ভিতৰত, ঈশ্বৰ বিশ্বাসী লোক নাছিল যে, এনে নহয়। কেৱল, এই কলি-কালৰ লোকৰ মাজতহে সেই বিশ্বাসৰ হীনডেঢ়ি দেখা গৈছে। ইংৰাজি শিক্ষাৰ উগতি যেতেকে বাঢ়িছে, ঈশ্বৰ-বিশ্বাস, ঈশ্বৰ-প্ৰেম, ঈশ্বৰ-ভক্তি, তেতেৰ্কে টুটি আহিছে। আজিকালিৰ নামজ্বলা অসমীয়া লেখকৰ লেখনৰ ধৰণৰ পৰা ধৰ্ম্ম-নিষ্ঠাৰ গোন্ধ পোৱা না যায়। পাত্ৰিক প্ৰস্তাব তেঁও বিলাকৰ মনত বিষাল সৰ্প আৰু সিবিলাকৰ ব্যাখ্যা-আকাশৰ বিজুলী-চমক। যেতিয়া পৰমেশ্বৰে এই সংসাৰ হ সুখ ভোগৰ সকলো উপকৰণ, আয়োজন কৰি থৈছে, তেতিয়া তাক সম্ভোগ নকৰি, পৰমেশ্বৰ চিন্তাত দেশ-বিদেশ ভ্ৰমিলে, দয়াময়ৰ দানৰ অসন্মান কৰা হয়। এইটিয়েই লেখকৰ মূলমন্ত্ৰ। ইয়াৰে আলম বা আশ্ৰয়লৈ সংসাৰ ভোগাবলৈ নিজৰ আৰু পৰৰ মনক বোধয়েছে। আলমটি প্ৰথম দৃষ্টিত নিই নিশ কতীয়া আৰু অসাৰুৱা নহলেও, এটি কথা; সাংসাৰিক মুখসম্ভোগে প্ৰথম সৃষ্টিৰ পৰা আজি পৰিমিত, কাৰে হেপাহ পলুৱাৰপৰা নাই আৰু নোৱাৰেও তেন্তে