পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৭৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পৰমাৰ্থদৰ্পণ। সিহঁত নামৰ ছুফী, তেনে ছুফীয়ে নিজৰ অজ্ঞানতা আৰু মূঢ়তাৰ হে চিনাকি দিয়ে মাথোন। | প্ৰিয় পাঠক! এতিয়া সুধিব পাৰা যে, মানুহৰ প্ৰকৃত সৌভাগ্য, কেনেকৈ খোদাতায়ালাৰ মায়াৰ ফৎ অৰ্থাৎ তত্ত্ব-দৰ্শনত নিহিত আছে বা স্থিতি কৰে? এই প্ৰশ্নৰ উত্তৰ বুজিবৰ নিমিত্তে, গোটা দিয়ে কথা, আগেয়ে জানি লোৱা উচিত। যি জনে, যি কামত সুখ আৰু শান্তি পায়, সেই কামত তাৰ সৌভাগ্য স্থিতি কৰে; মানুহৰ প্ৰকৃতি বা স্বভাবে যিহক ভাল পায়, তাৰে মাজত সুখ আৰু শান্তি; যিহৰ হন্তে জন কৰ্ত্তাই সুজন কৰিছে, তাকে পাবলৈ হে প্ৰকৃতিনো ধাউতি। উজুকৈ বুজিবৰ কাৰণে গোটা চেৰেক পটন্তৰ দিয়া যাওক। যি কামে, মানুহৰ বাঞ্ছা পূৰ্ণ কৰে, তাকে পাবলৈ মানুহে হেপাহ কৰে। কামনাৰ বস্তু পালে, কাম-প্ৰবৃত্তি তৃপ্ত হয়, শৰু তাৰ পোটক তুলিব পাৰিলে, ক্ৰোধ-ৰিপু শান্ত হয়; ৰূপহ বস্তু দেখি চকু জুৰায়; শুৱল মাত শুনি কাণ জুৰ পৰে। আত্মাৰ সমন্ধেও সেই কথা। যি কাৰ্য্যৰ হৈ, আত্মাৰ স্ৰজন, যি তাৰ স্বভাবৰ অনুৰূপ তাৰ মাজতে আত্মাৰ তৃপ্তি নিহিত। প্ৰত্যেক বস্তুৰ স্বৰূপ দৰ্শন, প্ৰত্যেক কৰ্ম্মৰ সত্য তত্ত্ব অনুসন্ধান, আত্মাৰ কাৰ্য্য। তাকে পাবৰ নিদানে, আত্মা ব্যাকুল; আৰু এয়ে আত্মাৰ প্ৰকৃতি বা স্বভাৱ। ইতৰ প্ৰাণীৰে, কাম, ক্ৰোধ, লোভ