আমাৰ প্ৰভু! আমি দেখিলোঁ, শুনিলোঁ, আমাক আকৌ, সংসাৰলৈ পঠিয়াই দিয়েক; এতিয়া আমি সজ-কৰম কৰিম, আমি এতিয়া সঁচাকৈ বিশ্বাসী হৈছোঁ’’।
সপোনত জড়-জগতৰ বাহিৰে আধ্যাত্মিক জগতৰ জ্ঞানো আত্মাত প্ৰবেশ কৰে, আমি, এতেখিনি পৰ, তাৰহে আলোচনা কৰিলোঁ৷ হঁক; সজাগ অৱস্থাতো, আধ্যাত্মিক জগতৰ কিছুমান জ্ঞান, আত্মাত সোমায় যে এতিয়া, তাৰ প্ৰমাণ দিয়া যাওক।
সংসাৰত এনে মানুহ কেওঁ নাই, যি, নিজ বুদ্ধিৰ বলত, মনে ২ আলচি কোনো এটা বিষয়ৰ জ্ঞান সঞ্চয় কৰিব নোৱাৰে; আৰু ন, ন, ভাব, (এল্ হাম্ অৰ্থাৎ ঈশ্বৰাদেশ) স্বৰূপে মনত নুঠে। এনেকুৱা জ্ঞান আৰু ভাব সমন্ধে গমি চালে জানিব পাৰি যে, সেই বিলাক, ইন্দ্ৰিয়ৰ বাটে নাহে; বৰং, মনৰ ভিতৰতে ওপজে। সেই বোৰ কৰ পৰা আহিল, মানুহে, সটকাই আঁটকলে নাপায়।
ওপৰত যি কথা, উনিকিওঁৱা হল, তাৰ পৰা চমুকৈ বুজা গল, যে, সকলো বোৰ জ্ঞান অকল বহিৰ্জগতৰ পৰা লব্ধ, এনে নহয়; আত্মা, জড়-জগতৰ বস্তু হোৱা হেঁতেন, ইয়াৰ জ্ঞান, জড় জগতৰ জ্ঞানতে ওৰ পৰিল হেঁতেন। কিন্তু, যি স্থলত, আত্মাই জড়-জগতৰ বাজে, আধ্যাত্মিক জগতৰো জ্ঞান লাভৰ সক্ষম, তেনে মূলত আত্মাক, জড়-