পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৭৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পৰমাথ-দৰ্পণ সেই ধিত কপলীয়া হঁতৰ অৱস্থা এনে, যেনে কিছুমান মানুহে স্পৰ্শমণি (পৰশ-পাথৰ) নামে এবিধ মণি। আছে, তাৰ দ্বাৰাই দমে২ সেন কৰিব পাৰি, এই কথা শুনি আৰু সেই বিশ্বাস ভোলগৈ, হাতৰ গুৰিৰ অপৰিমিত সোন তুলি নলৈ ভৰিৰে ঠেলি পেলালে। কিন্তু, ইপিনে স্পৰ্শ-মণিও বিচাৰি নাপালে; বপুৰা হঁতে “ইতোনষ্ট স্ততেভ্ৰষ্ট” হৈ ওঠ-মুখ চেলেকি ৰল। এই চাম, মানুহ ডাঙ্গৰ দুৰ্ভগীয়া আৰু অঙ্গ মূখ। বিদ্যাৱস্ত আলেম লোকৰ য়েলেম অৰ্থাৎ শাস্ত্ৰ-জ্ঞান, সোন হেন; ওলী লোকৰ তত্ত্ব-জ্ঞান, স্পৰ্শ-মণি যেন। সোনৰ গৰাকীতকৈ যেনে, স্পৰ্শ-মণিৰ গৰাকী শ্ৰেষ্ঠ, তেনেদৰে বিদ্যাৱন্ততকৈ, তত্ব-জ্ঞানীৰ গৌৰব বেচি, তাৰ সংশয় নাই। কিন্তু ইয়াৰ ভিতৰত এটি কথা আছে , ভাব কৰা, এজন মানুহৰ হাতত জানিবা, নিচেই একণ মানি, এডোখৰ স্পৰ্শ-মণি আছে, যাৰে মুঠে এশ সোনৰ মোহৰ হব পাৰে; অইন এজনৰ লগত এহেজাৰ নিভাঁজ সোনৰ মোহৰ নগদ আছে। এনে স্থলত, সেই স্পৰ্শ- মণিৰ গৰকীক, এই সোনৰ গৰাকীতকৈ, কেনেকৈ ডাঙ্গৰ বা শ্ৰেষ্ঠ বুলিব পাৰি? আজি কালিৰ দিনত, কিমিয়া বিচৰা মানুহ অগণিত; কিন্তু জন মানুহ দুটি বা এটি। সেই নিচিনা, সঁচা ছুফী নিচেই তাকৰ, ভণ্ডক ছুফী অলেখ।