পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৪৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


'৩৪ পৰশীৰ্থ দৰ্পণ। আসনত পৰম ক্ষমতাশালী মহাৰাজাধীৰাজৰ কাৰত বহিৰ। এনে অৱস্থা ধাৰ্মিক আত্মাৰ ভাগত হে ঘটে। | দ্বিতীয় গুণটি, মৰণৰ পাছত পাপাত্মাৰ সঙ্গত থাকে। ই, অন্ধকাৰ ময়, ওপৰলৈ ভৰি তললৈ মূৰ কৰি স্থিতি কৰে। পাপ আত্মা পাপৰ গুণত কাঙিকত; আন্ধাৰে তাক ঢাকি ৰাখে। তাৰ ভৰি ওপৰলৈ, মূৰ তললৈ হোৱাৰ কাৰণ এই; পাপাত্মা মানুহ, জীৱদ্দশাত, আনৰ প্ৰতি অত্যাচাৰ, অন্যায় অকথা কৰি মনত সুখ পাইছিল; কাম- বৃত্তিৰ দাসত্ব কৰি, তৃপ্তি লভিছিল। কত কাল, তেনে কৰোতে সেই কামত আত্মাৰ অভ্যাস বন্ধ গৈছিল। মৃত্যু ঘটনাত, দেহাটো আত্মাৰ পৰা বেলেগ হৈ যায়, আৰু তাৰ লগে কাম, ক্ৰোধ আদি বিপু, আত্মাৰ পৰা খহি পৰে। কিন্তু সিহঁতৰ প্ৰভাৱত, আত্মাৰ ভিতৰত যি গুণ বা জব জম্মিছিল সেই ভাব আত্মাৰ পৰা আঁতৰি নাযায়। কাম, ক্ৰোধ, লোভ, আপোন২ ভোগ্য বস্তুত আকৃষ্ট হৈ আছিল। ক্ৰোধ আৰু কামনা, এই পৃথিবীৰ বস্তু; সুতৰাং পৃথিবীৰ পিঠিতে বন্দীহৈ থাকে। এতেকে, মৃত্যু কালত পাপাত্মা, ই-পুৰী এৰি, যেতিয়া সি-পুৰীলৈ উধাই গৈ থাকে, তেতিয়া, তাৰ লগৰ লগৰীয়া ভাষটি, যাৰ ভোগ্য বস্তু, পৃথিবীতে ৰৈ গৈছে, সেই বস্তুৰ দ্বাৰা আকৃষ্ট হবলৈ ধৰে। সি-পুৰীও আৰু ই-পুৰী চাপৰ, সেই অকৰ্ষণেৰে, আকৃষ্ট হৈ পাপী আত্মা, ওপৰ মূৰীয়া গুচি, তল মূৰীয়া হৈ পৰে। এই