পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
পৰমাৰ্থ-দৰ্পণ।

 এতেপৰ, যি কোৱা হল, তাৰ পৰা মনুষ্যাত্মাৰ মাহাত্ম্য বুজা গল। আৰু ছুফী বা ওলী সকল অসাধাৰণ ক্ষমতাপন্ন যে, সেই কথাও জনা হল। ছুফী লোকে কয়, বহিৰ্জ্ঞান আৰু শাস্ত্ৰবিদ্যা; এই দুয়ো, আধ্যাত্মিক জ্ঞান, পথৰ বাধক। সম্ভবতঃ তোমালোকে, এনে কথা পূৰ্ব্বেও শুনিছা আৰু শুনি, মিছা বুলি ভাবিছা! কিন্তু, কথা-ষাৰি, সমূলে অসত্য বুলি পতিয়ন যোৱা যুগুত নহয়। কিয়নো, বহিৰ্জ্ঞান মাত্ৰই, ইন্দ্ৰিয়ৰ সাহায্যে জড়-জগতৰ পৰা প্ৰাপ্ত। যদি তুমি এই বহিৰ্জ্ঞানৰ পাচতে বলীয়া হৈ ফুৰা, অন্তৰ্জগতৰ জ্ঞান, তেন্তে, কাহানি বেহাবা? ই, তোমাৰ পৰা বহুত আঁৰত পৰি থাকিব। তাৰ দৃষ্টান্ত এনেকুৱা; আত্মা জানিবা, এটি পাট-নাদ, পাঁচ ইন্দ্ৰিয় জানিবা, সেই নাদলৈ পাণী সোমোৱা পাঁচোটা জুৰি বা জান। পাঁচ ইন্দ্ৰিয় স্বৰূপ জুৰিৰ বাটে, বহিৰ্জ্ঞান ৰূপ পাণী একেৰাহে, আত্মা ৰূপ নাদত আহি পৰে। নাদৰ তলিৰ পৰা যদি, নিকা পাণী উলিয়াব মন কৰা, অৰ্থাৎ অন্তৰ্জগতৰ জ্ঞান পাবলৈ বাঞ্ছা ৰাখা, তেনেহলে, প্ৰথমতে জুৰি কেইটা বন্ধ কৰাঁ, তাৰ পাচত, নাদৰ ভিতৰৰ বোকা- পাণী বোৰ সমূলে তুলি পেলোৱাঁ, সৱ-শেহত, নাদৰ তল ডোখৰ খানিব ধৰাঁ; তেতিযা দেখিবা, পাতালৰ নিকা, ফট্-ফটীয়া পাণী ওলাই নাদ ওপচি পৰিছে। যেতিয়ালৈ পূৰ্ব্বৰ পাণীৰে নাদ পূৰ থাকিব আৰু যেতিয়ালৈ বাহিৰৰ