পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৩৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পৰমাৰ্থ-ঘৰ্পণ। তায়ালাই, তাৰ ওপৰত মোক জয়ী কৰিছে; সি, মোৰ অজ্ঞ-বহ হৈ আছে; কোনো বেয়া কামলৈ মোক চলাই নিব নোৱাৰে।” মানুহৰ প্ৰতি আদেশ আছে, সি, কাম, ক্ৰোধ, লোভ আদি বিপু বোৰক, এনে স্বৰূপে বুদ্ধিৰ শকৈ ৰাখে, যেন তাৰ হুকুমত, সিহঁতে “বহ” বুলিলে বহে, “উঠ” বুলিলে উঠে। যিজনে, এনেকুৱা কৰিব পাৰিব, সেই জনে, সম্পদৰ বিধান স্বৰূপ, সজ-স্বভাৱ, সজ-গুণ লভিব পাৰিব। যদি তেনে নকৰি কোনোবাই তাৰ ওলোটা আচৰে অৰ্থাৎ স্বয়ং কাম, ক্ৰোধ, লোভৰ গোলাম হৈ পৰে, তেনেহলে তাৰ অন্তৰত কেতবোৰ বেয়া স্বভাৱ নকৈ উপজিব। সেই কু-স্বভাৱ বোৰ তাৰ হতে, চিৰ- কলীয়া দুৰ্দশাৰ সঁচ হব। | যদি তাৰ নিজৰ অৱস্থা, সমাজিকতে হওক বা দিঠকতে হওক দৃষ্টান্ত দি ভাঙ্গি দেখুউৱা যায়, তেনেহলে, দেখিবলৈ পাব, সি এটা গাহৰি বা এটা কুকুৰ অথবা এটা পিশাচৰ সন্মুখত, হাত জুৰি, তাৰ হুকুমলৈ বাট চাই থিয় হৈ আছে। | মানুহে যদি বিচাৰৰ চকুৰে চায়, চিন্তাকৈ বুকে, তেনেহলে, দেখিবলৈ পাব যে, সিহঁতে দিনে-ৰাতিয়ে, কাম, ক্ৰোধ, লোভ আদিৰ গোলামিতে লিপিত খাই কাল নিয়াইছে। সাক্ষাৎ আকৃতি, আও-ভাওত মানুহ