পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
পৰমাৰ্থ দৰ্পণ।


 আত্মা, জ নিবা, এজন ফান্দী বা চিকাৰী, তত্ত্ব- জ্ঞান, তেওঁৰ চিকাৰ; ইন্দ্ৰিয় বিলাক, জাল, জৰি আদি চিকাৰ ধৰা ফান্দ বা সজুলি। দেহটোৱে দুটা কাম কৰিছে; ১ম, ই, হাতী বা ঘোৰাৰ দৰে চিকাৰী আত্মাক পিঠিত তুলি লৈছে। আত্মাই দেহ স্বৰূপ হাতীৰ পিঠিত উঠি, তত্ত্ব-জ্ঞান স্বৰূপ চিকাৰ ধৰিবলৈ অনাই-বনাই ফুৰিছে। ২য়, ই, চিকাৰী আত্মাৰ চিকাৰ্ ধৰা আহিলা বোৰ বৈলৈ গৈছে। ইয়াৰ ওপৰত আত্মা চিকাৰৰ ইন্দ্ৰিয় স্বৰূপ জাল, জৰি, ফান্দ আদি আহিলা, বা, সজুলি বোৰ যুগুতকৈ ৰখা আছে। যেতিয়াই যিটো প্ৰয়োজন হব, চিকাৰী আত্মাই তাকে ব্যৱহাৰ কৰি, জ্ঞান-চিকাৰ ধৰি পেলাব। এই উদ্দেশ্যেই পৰম কৰুণাময় পৰমেশ্বৰে ইন্দ্ৰিয় সংযুক্ত দেহ, আত্মক দান কৰিছে।

 ওপৰত কোৱা হৈছে, দেহটো আত্মাৰ ৰাজ্য। এই ৰাজ্যত, নানা আলৈ-আহুকাল আৰু শত্ৰু-ভয় আছে। সেই বিলাক শত্ৰুৰ হাতৰ পৰা সাৰিবৰ নিমিত্তে দয়াময় গৰাকীয়ে হাত, ভৰি আদি অঙ্গ-প্ৰত্যঙ্গ, চকু, কাণ নাক আদি ইন্দ্ৰিয় দি আত্মাক দেহটি দান কৰিছে। তাৰ ওপৰঞ্চি আকৌ, বুদ্ধি, স্মৃতি, চিন্তা আদি কিছুমান উৎকৃষ্ট মনোবৃত্তি বা মানসিক শক্তি আৰু কাম, ক্ৰোধ, লোভ আদি কিছুমান অপকৃষ্ট বৃত্তিও দিছে। কিয়নো, আত্মাই, সেই গোটেই বিলাকক দেহ-ৰাজ্যৰ ৰখীয়া স্বৰূপে, ভিন ভিন