পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৮৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পৰমাৰ্থ-দৰ্পণ। যি বস্তু নহলে, মানুহে মূহুৰ্ত্তকো জীয়াই নাথাকে, সেই গোটেই বিলাক, মানুহক দান কৰিছে; যেনে, দেল, মগজু, হাও-ফাও। আকৌ, চোৱা মানুহৰ সুখ-শান্তিৰ হন্তে, যি ২ প্ৰয়োজন সেই সমস্তও যথেষ্ট পৰিমাণে দিছো যেনে, হাত, ভৰি, ভি, চকু, কাণ আৰু আন ২ বস্তু। তাৰ বাজে, দয়াৰ আধাৰ খোদাতায়ালাই, কিছু। মান সামগ্ৰী, কেৱল, শোভা, সৌন্দৰ্য বৃদ্ধিৰ নিমিত্তে দান কৰিছে; যেনে চুলিৰ কণীয়া আৰু ওঠ দুটিৰ ৰচীয়া বৰণ, চেলাউৰি যোৰৰ ধেনু ভাজ আৰু চকুৰ নোম সমতা। সেই বিলাকেৰে শোভিতহে মতা মাইকী দেখনি- যাৰ হব, তেনে মনেৰে কৰুণাময় খনিকৰে আপোন খনিকৰাৰ আৰু কৰুণাৰ চিনাকি এই দৰে দিছে। অকল মানুহ জাতিৰ প্ৰতি হে, খোদাতায়ালাৰ, তেনে কৃপা, তানু গ্ৰহ, এনে নহয়। জগতৰ সমস্ত পদাৰ্থ, আটাই উৱ-জন্তুৰ ওপৰত তেখেতৰ কৃপা বাৰি ধাৰাসাৰে বৰষি অ'ছে। ঢেবি, মহ, গাখি, ভোমোৰা, পৰুৱা, পীপাকে তাদি কৰি, সামান্য ২ প্ৰাণ'ৰ জীৱন প্ৰবৰ্তন আৰু শোভা, শু তাৰ কাৰণে, যি ২ দৰকাৰ, সমুদয়কে দি, দয়ালু পুৰুষে তেওৰ দয়াৰ নিদৰ্শন দেখুবাইছে। | সি যিকি নহওক, মানুহৰ বাহ্যাকৃতি অৰ্থাৎ শৰীৰ গণ ক্ৰিযাত, সুজন কৰ্তাৰ, যি ক্ষমতা আৰু জ্ঞান লাগিছে, তাক সুজা শবৰ দেখি জনা যায়; এই হেতুকে,