পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/২১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পৰী-দৰ্পণ। বাব, আৰু আজি কালিকৈ, আওবাটে ছলকৈ নি, আয়- শেষত, অতি কুৎসিত, কুন্ধচ, নীহ ঠাইত পেলাব; সেই খেচ ঠাইকে দোজখ বা নৰক বোলে। ওপৰত যি কোৱা হল, যদি তাৰ সাৰাৰ্থ বুজিছা, তেনেহলে, তুমি তোমাৰ আত্ম-জ্ঞানৰ যৎকিঞ্চিৎ গম পাইছা। সেই সন্তে নোপোৱা জনৰ মনত হলে, ধৰ্ম কথা কৱা আৰু অতি অমনি লগ।। তেনে জনৰ পৰা ধৰ্ম্ম-তত্ত্ব বহু নিলগত অৰত পৰি থাকে। প্ৰিয় পাঠক। তুমি যদি নিজক জানিব খোজা, তেন্তে অগেয়ে, এই কথা ফাকি জনা উচিত; পৰমেশ্বৰে তোমাক দুবিধ বস্তুৰে অঞ্জন কৰিছে। ১ম দেহ, যিহক চকুৰে দেখা পোৱা যায়; ২য়, ভিতৰুৱা হেতু, যিহক কই বা দেল, অথবা আত্মা বা পৰমাত্মা বোলে। আত্মা, চকুৰ অৰে; জ্ঞান-চকু নহলে দেখা যায়। এই ভিতৰুৱা বস্তুটোৱেই “তুমি”। তাত বাজে আৰু ৰি বস্তু তোমাৰ লগত আছে, সেই আটাইবোৰ আত্মা তলতীয়া দাস বা লগুৱা মাগোন।। আত্মাক, এই পুথিত “দেল” আৰু মাজে সময়ে “কই" নামেৰে উল্লেখ কৰা হব; তেতিয়া সি, মানুহৰ সেই মূল বস্তু আত্মক হে বুজাব। মানুহৰ বঁাঁও ফালৰ বুকৰ ভিতৰত যি এড়োখৰ মঙ্গহ আছে, যিহুক সাধাৰণ মাতেৰে দেল বলে, এই পুথিত সেই দেল নুবুজাৰ।