পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
পৰমাৰ্থ দৰ্পণ।


 আত্মাৰ সমস্ত ভৃত্য বা সেনাৰ বিবৰণ অতি বিস্তৃত। তদপি, তাৰ আওভাও বুজিবৰ কাৰণে চুটিকৈ এটি দৃষ্টান্ত দিয়া যাওক, শৰীৰটো জানিবা এখন ডাঙ্গৰ ৰাজ্য, আত্মা, সেই ৰাজ্যৰ ৰজা, আৰু বুদ্ধি মন্ত্ৰী; লোভ জানিবা ৰাজহ তোলা তহছিলদাৰ বা, খাজাঞ্চি; আৰু ক্ৰোধ তাৰ কটোৱাল বা শান্তি ৰক্ষক। অপোন ৰাজ্য সুশৃঙ্খলাৰে চলাবৰ কাৰণে, ৰজাই, সেই সকল তলতীয়া বিষয়া ৰাখিবৰ সকাম হৈছে।

 লোভ যাক আমি তহছিলদাৰ নাম দিছোঁ, সি অতি মিছলীয়া, আৰু অসজ প্ৰকৃতিৰ, বহুত সময়, সি নিজৰ কৰ্ত্তব্যৰ বাহিৰা কাম কৰি উঠে। বুদ্ধি মন্ত্ৰীৰ আদেশ অমান্য কৰে; ৰাজৰ ৰাজহ,ৰাজহুৱা কামত লগাবৰ ছলে সমূলঞ্চে আত্মসাৎ কৰি পেলায়। ক্ৰোধ, যাক আমি কটোৱালৰ লগত উপমা দিছোঁ, সি মহা দুৰ্দ্দান্ত, দোৰ্ঘোৰ দুৰন্ত, ভয়ানক খঙ্গাল আৰু অতিশয় তেজস্বী। কটা কটি মৰা-মৰি কৰি- বলৈ, সি, বৰ ভাল পায়। ধৰনী পতি মহাৰাজ সকলে যেনেকৈ নিজ ৰাজ্যৰ সুচক মন্ত্ৰীৰ আলচ লৈ, লুভীয়া, তহছিলদাৰক কাণত ধৰি পোণবাটে চলায়, সঞ্জাতী মন্ত্ৰীৰ বাহিৰে কাৰো কথাত কাণ নিদিয়ে; চোৰ, ডকাইত, ৰাজদ্ৰোহী অসজ প্ৰজাক দণ্ড দিবৰ আৰু দমাই ৰাখিবৰ কাৰণে কটোৱাল পাতি দিয়ে, ইফালে আকৌ কটোৱাল কো, লাই নিদিয়ে; সি যেন আপোন অধিকাৰৰ বাহিৰে