পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
পৰমাৰ্থ-দৰ্পণ।


বস্তু এখন দেখিলে, বিনাশৰ কামনা, আপোন-আপুনি তাৰ মনত ওপজে। তেনে খিয়লীয়া আত্মাৰ কু-দৃষ্টি, যাদ কোনো পশুৰ ওপৰত পৰে, তেন্তে সেই পশু, তেতিয়াই বিনাশ পায়। এই অৰ্থে, (ক) হাদিছ শ্যাৰিফত উক্তি আছে যে, “বদ-নজৰে, মানুহক কবৰৰ ভিতৰলৈ আৰু উটক, কেৰাহীৰ গৰ্ভলৈ নিয়ে’’। আত্মাৰ অসাধাৰণ ক্ষমতাৰ মাজত ই ও এটা আচৰিত ক্ষমতা।

 এনে বিধ অসাধাৰণ ক্ষমতাপন্ন জনে, তেওঁৰ ক্ষমতা সজ কৰ্ম্মত আচৰিলে পয়গম্বৰ বা ওলী বোলায়; আন পক্ষত, তেনে ক্ষমতাৱন্তে, সেই ক্ষমতা, অসজ, অপকৰ্ম্মত অৰ্থাৎ পৰৰ অনিষ্টাদি পাপ কাৰ্য্যত ব্যয় কৰিলে যাদুকৰ নাম পায়। যাদু, কেৰামাত, মোয়-জেজা কেইওটা, আত্মাৰ অসাধাৰণ ক্ষমতাৰ ক্ৰিয়া মাথোন। কিন্তু, সিহঁতৰ মাজত ডাঙ্গৰ অমিল বা প্ৰভেদ আছে; সেই সমস্ত বহলাই লেখিবলৈ গলে, এই পুথিত ঠায়ে নুকুলাব।

 এনেদৰৰ অসাধাৰণ ক্ষমতা-শালী পুৰুষ, তিনি বিধ মহৎ গুণে গুণী।

 ১। সৰ্ব্ব সাধাৰণে, সমাজিকত যি ২ দেখে, এওঁ বিলাকে ঠিকতে সেই সমস্ত ফট-ফটীয়াকৈ দেখা পায়।

 ২। সাধাৰণৰ আত্মাই, আপোন দেহৰ বাহিৰে (ক) মহম্মদ (ছ্ব; য়া, অ;) ৰ উক্তিক হাদিছ বোলে।