পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
পৰমাৰ্থ-দৰ্পণ।

 মানুহৰ সাংসাৰিক সুখ-ভোগৰ ইচ্ছা, শৰীৰৰ লগত সম্পৰ্ক ৰাখে। মৃত্যু ঘটনাত, শৰীৰৰ লগে ২ সেই ইচ্ছা খহি পৰে। ইন্দ্ৰিয় আৰু ৰিপুবোৰক সন্তোষ দিবৰ কাৰণে, মানুহে ই কালত যেতেক শ্ৰম কৰে, সেইবোৰ মৃত্যুৰ লগতে সমূলঞ্চে নিষ্ফলহৈ যায়। কিন্তু ইপোনে খোদাৰ দৰ্শন-সুখ আৰু তত্ত্ব-জ্ঞান-অমৃতৰ, আত্মাৰে সৈতে সমন্ধ। আত্মাৰ স্বাভাবিক আকাঙ্ক্ষা পূৰ্ণ কৰিবলৈ, মানুহে, যিমান শ্ৰম কৰিব, সেই শ্ৰম, নষ্ট নহৈ বৰং মৰণৰ পাচত, কৰ্ম্ম-ফল বিলাক, পূৰ্ব্বতকৈ চাৰ জলন্তি হৈ উঠিব; আৰু তাৰপৰা জন্মা সুখ, দুগুণ আনন্দ আৰু সন্তোষকৰ হব। কিয়নো, জীৱদ্দশাত, মানুহৰ আত্মা, তেজ-মাংসময় জড়-শৰীৰে সৈতে সংলগ্ন থাকে , আকৌ সেই নিৰ্ব্বলী দেহৰ ওপৰত, কাম, ক্ৰোধ, লোভ আদি ৰিপু বোৰে, সদায় নিজ ২ ক্ষমতা চলায়। এতেকে আত্মাৰ মূল গুণ, তত্ত্ব-জ্ঞান-পিপাসা, সিহঁতৰ প্ৰভাৱত দীপ্তিহীন নিস্তেজ অৱস্থাত পৰি থাকে। মৃত্যুৰ পিচত আত্মা, সেই ৰিপুবোৰৰ প্ৰভাৱৰ পৰা সমূলি মুক্তি পায়। গতিকে, আত্মাৰ নিজ গুণ আৰু কৰ্ম্ম-ফল বিলাক দুগুণ দীপ্তিমন্ত আৰু সতেজ হৈ উঠে। ইয়াৰ বহল বিবৰণ, এই পুথিৰ সাৱ-শেষত দিয়া যাব।

 মনুষ্যাত্মাৰ সমন্ধে, যি অলপ-অচৰপ কোৱা হল, এই পুথিত সেয়ে কুলায়। যিজনে সৰহীয়াকৈ জানিবৰ বাঞ্ছা