পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৫৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


• পৰমাৰ্থ-দৰ্পণ। | টোপনি গলে জড়-জগতেৰে সৈতে আত্মাৰ সম্বন্ধ কিছুমান ছিগিলে, আধ্যাত্মিক জগতে সৈতে আপোনা- আপুনি তাৰ সংযোগ ঘটি উঠে। এই হেতুকে, আধ্যাত্মিক জগতৰ ঘটনা বোৰ তেতিয়া, আত্মাৰ দৃষ্টিত পৰে। আকে, এইটিও মনত ৰখা উচিত, টোপনি গলেও, জড়- জগত আৰু আত্মাৰ সম্বন্ধ সম্পূৰ্ণ নিছিগে; ইন্দ্ৰিয় বিলাকৰ কাজ-কাম ক্ষান্ত হয়, সচা, কিন্তু, সজাগ কালৰ সাংসাৰিক ভাব বা ধী-ধিয়ণী বোৰ, মনৰ পৰা গোটেই মুগুচে; এই কাৰণে, টোপনিৰ কালত, আধ্যাত্মিক জগতৰ আৰু লওহে-মহফুজৰ, ক্ৰিয়া-কাও বোৰ, সততে প্ৰকৃত আকাৰে দেখা নগৈ, প্ৰায় দৃষ্টান্ত স্বৰূপে দেখা যায়। | মানুহে দেহ এৰিলে অৰ্থাৎ মৰিলে, মৰণৰ লগে ২ তাৰ ইন্দ্ৰিয়-জ্ঞান বোৰো লুপ্ত হয়; জড়-জগতৰ জ্ঞান সমুলি গুচে; সুতৰাং, আধ্যাত্মিক জগতৰ ফালে, আত্মাৰ জ্ঞানৰ দুৱাৰ, সম্পূৰ্ণ মুকলিহৈ পৰে। আত্মা আৰু আধ্যাত্মিক জগতৰ মাজত, কোনো অৰ-বেৰ নাথাকে। বিশ্ব-জগতৰ ক্ৰিয়া-কাৰণ, দাৰা-দস্তুৰ বোৰ, তেতিয়া, আত্মাৰ চকুত, নিচেই কৈ ফট-ফটীয়া হৈ পৰে। সেই সময়ত, সুজন-কৰ্তা আল্লা-তায়ালাই মাত লগাই কব, “এতিয়া আমি, তহঁতৰ ওপৰৰ পৰা পৰ্দা তুলি লৈছো, তহঁতৰ দৃষ্টি, এতিয়া চোকা হৈছে”। সিহঁতে কব, “হে