পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
পৰমাৰ্থ দৰ্পণ৷

দৰ্শনৰ পৰা তাক বঞ্চিত কৰে। আন পক্ষত, সজ-গুণ আৰু উত্তম চৰিত্ৰ বন্তিৰ দৰে উজ্জ্বল; ই, দেলত গৈ সকলো মলিনতা বা পাপ গুচাই তাৰ শোভা বৃদ্ধি কৰে। এইবাৰে, হজৰত মহম্মদ মস্তাফা ( ছ্ব; য়া; অ;) মে, আদেশ কৰিছে, “প্ৰত্যেক পাপ-কৰ্ম্মৰ পাচত এটি পূণ্য- কৰ্ম্ম সমাধিবাঁ”; কিয়নো, সজ-কৰ্ম্মে অসজ-কৰ্ম্মৰ চেকা ধুই পেলায়।

 কেয়ামত বা মহা-প্ৰলয়ৰ দিনা মনুষ্যাত্মা, হয় দীপ্তিময় কান্তিমন্তহৈ নাইবা কৃষ্ণপক্ষৰ আঙ্গাৰ যেন মলিয়নহৈ বিচাৰ-ক্ষেত্ৰলৈ উঠি যাব। এই কাৰণে, খোদা-তায়ালাই, আপোন পবিত্ৰ কালামাল্লাত কৈছে, “যি জনে, খোদা- তায়ালাৰ সন্মুখত নিদাগী আত্মালৈ যাব পাৰিব, তেওঁৰ বাহিৰে অইন কোনেও পৰিত্ৰান না পায়।’’

 প্ৰথম স্ৰজন কালত, আটাই, লো, নিকা, চক্চকীয়া থাকে , সেই অৱস্থাত সকলো, লোৰ, মুখ দেখা আৰ্চী সাজি লব পাৰি; কিন্তু, অতি সাৱধানে ৰক্ষা কৰিব নোৱাৰিলে, মামৰে ধৰি তাক নষ্ট কৰে। তেতিয়া, চক-চকীয়ালি গুণ গুচিগৈ আৰ্চীৰ কামৰ অযোগ্য হয়। তেনদৰে, স্ৰজন হবৰ প্ৰথম অৱস্থাত সকলো মনুষ্যাত্মা, এনেকুৱা নিৰ্ম্মল আৰু উজ্জল থাকে যে, তাত বিশ্ব-জগতৰ আটাই বস্তুৰ ছাঁ প্ৰতিফলিত হব পাৰে অৰ্থাৎ বস্তুৰ আকাৰ তাত ওলাব পাৰে; কিন্তু সাৱধান হৈ চলিব নেজানিলে কুকৰম কু-