পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
পৰমাৰ্থ-দৰ্পণ।


আয়ুস্ কটায। আকৌ, আৰবী আৰু তুৰ্কী জাতি মানুহে, বিবেচনা কৰে, অইন জাতিক যুঁজত হৰুউৱা আৰু সিহঁতৰ ওপৰত মহতালি দেখুউৱা মনুষ্য-জীৱনৰ লক্ষ্য। দকৈ গমি চালে, বুজা যায়, এই দুয়োটা মত ভুল। খোৱ-বোয়া, ৰতি-ক্ৰিয়া কৰা, কামনা বৃত্তিৰ কাম; এই বৃত্তি নীচ প্ৰাণীৰো আছে। সকলোৱে জানে, উটৰ পানাহাৰ শক্তি আৰু ঘৰচিৰিকাৰ মৈথুন শক্তি মানুহকৈ বঢ়া। খোৱা- লোৱা, মৈথুন ক্ৰিয়াত উদ্গতি লভাই যদি মনুষ্য-জীৱনৰ ঘাই কাম, তেনে হলে, কেনে কৈ মানুহক উট আৰু ঘৰচিৰিকাতকৈ শ্ৰেষ্ঠ বুলিব পাৰি। আকৌ, যুঁজত জিকা ক্ৰোধৰ কাম, পৰমেশ্বৰে, হিংসক জন্তুক পূৰ্ণ মাত্ৰাই খং দিছে। এতিয়া, চোৱাঁ, ইতৰ প্ৰাণী আৰু হিংসাকুৰীয়া জন্তুৰ প্ৰকৃতিত যি২ গুণ আছে মানুহৰ গাতো সেই বোৰ বৰ্ত্তমান। তেনেহলে, কিহৰ কাৰণে মানুহ শ্ৰেষ্ঠ? বুদ্ধিৰ কাৰণ নহয় নে? পৰমেশ্বৰে দয়াকৈ অকল মানুহক এই বিবেক শক্তি দিছে, পশুক দিয়া নাই। বুদ্ধি আছে বুলি, মানুহে, খোদা-তায়ালাক চিনিব আৰু তেখেতৰ নানা তৰহৰ শিল্প চতুৰালি, আচৰিত২ কাৰিকৰি জানিব পাৰে বুদ্ধি বলে, মানুহে, আপোনাক, কাম, ক্ৰোধ, লোভৰ হাতৰ পৰা এৰাবলৈ সমৰ্থ হয়; এয়েই ফেৰেস্তা স্বভাৱ; মানুহ জাতি, ইয়াৰে প্ৰভাৱত পশু, পখী আদি সকলো প্ৰাণীৰ ওপৰত প্ৰাধান্য চলাবলৈ পাৰ্গত। মুঠতে, কবলৈ গলে,