সমললৈ যাওক

পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
পৰমাৰ্থ দৰ্পণ।

ফেৰেস্তা জাতিৰ অন্তৰ্গত। এই হেতুকে, খোদা-তায়ালাই, আত্মাকো, ফেৰেস্তাৰ ক্ষমতা দি জড়-জগতৰ কেতখিনি অংশ আজ্ঞাধীন কৰি দিছে। যি ২ আত্মাৰ অধিকাৰৰ ভিতৰ, তাৰ মাজত নিজ দেহটো প্ৰধান। দেহটো, আত্মাৰ নিচেই ওচৰ; শৰীৰৰ কোনো অঙ্গ প্ৰত্যঙ্গত আত্মা বন্ধগৈ থকা নাই; অথচ গোটেইটো শৰীৰ আত্মাৰ ইচ্ছাক্ৰমে চলা-ফুৰা কৰে। আঙ্গুলিৰ ভিতৰত আত্মা নাই, জ্ঞান অথবা ইচ্ছাও নাই; তেও, ই দেলৰ ইচ্ছামতে লৰে-চৰে। মনৰ ভিতৰত খং উঠিলে, গোটেইটো শৰীৰ ঘমায়। প্ৰকৃতিৰ কাৰ্য্যৰ তুলনাত ই বৰষুণ বৰষাৰ নিচিনা। কাম-ৰিপুৰ, কামনালৈ মন মতলীয়া হলে, শৰীৰত এবিধ জোকাৰণি উঠে; আৰু সেই জোকাৰণি, কোনো এটা বিশেষ অঙ্গৰ ফালে গতি কৰে; এইটো প্ৰাকৃতিক ঘটনাত বতাহ বলাৰ নিচিনা। আকৌ, কোনো বস্তু খাবলৈ মন গলে, জিভাৰ এবিধ শক্তি তাৰ আল- পৈচানলৈ সষ্টম হয় আৰু খোৱা বস্তু তিয়াবলৈ বুলি লালটি পানী উলিয়াই দিয়ে; সেই লালটিৰে তিতি, খোৱা বস্তু অপ্ৰয়াসে গলাধঃ হয়।

 ওপৰত কোৱা ঘটনা বোৰ, ভালকৈ গমি চালে, ফট্- ফটীয়াকৈ বুজিব পাৰি যে, শৰীৰৰ ওপৰত দেলৰ এনে এবিধ প্ৰভুত্ব আছে, যাৰ, কোনো না কোনো স্বৰূপে, বাধা-ব্যাঘাত ঘটিব নোবাৰে। শৰীৰ নিজেই গৈ দেলৰ