পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অসমীয়া

পৰমাৰ্থ-দৰ্পণ

বা

আধ্যাত্মিক জ্ঞানশাস্ত্ৰ।

ইয়াৰ চাৰি আধ্যা।

 ১। আধ্যাত্মিক জ্ঞান, বা আত্মজ্ঞান।

 ২। তত্ত্ব-জ্ঞান বা পৰমেশ্বৰ-জ্ঞান।

 ৩। ইহকাল-জ্ঞান বা সংসাৰ-জ্ঞান।

 ৪। পৰকাল-জ্ঞান বা স্বৰ্গপুৰী-জ্ঞান।

১। আধ্যাত্মিক-জ্ঞান বা আত্মজ্ঞান, অৰ্থাৎ নিজৰ চিনাকি।

 প্ৰিয় পাঠক। তুমি এই আষাৰি কথা জানি ৰাখাঁ, মনত ঠাৱৰাই লোৱাঁ যে, আত্ম-জ্ঞান, তত্ত্ব-জ্ঞানৰ সঁচাৰ। নিজক চিনিলেহে ঈশ্বৰক চিনিব পাৰি। কথাত কয় বোলে, যেয়ে খোদাক (ক) চিনিছে, সেয়ে খোদাক (খ)


( ক ) খোদ—নিজ।  ( খ ) খোদা-ঈশ্বৰ৷।