পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰমাৰ্থ-দৰ্পণ।


পৰাকীয়ে, তোমাক কি সকামে স্ৰজন কৰিছে? তোমাৰ সম্পদ বা সৌভাগ্য কি? কি কাৰ্য্যত তাক স্থিতি? তোমাৰ বিপদ বা অধোগতিয়েই বা কেনেকুৱা? আৰু কিহত নো সি লুকাই আছে?

 জীৱ-শ্ৰেষ্ঠ নৰ, বুদ্ধিবৃত্তি ৰূপ, দেৱ দুৰ্ল্লভ গুণৰ অধিকাৰী হৈও যদি সেই সমস্যা কেইটি পূৰণ কৰিবলৈ পুৰুষাৰ্থ নকৰি সংসাৰেই সৰ্ব্বস্ব, ইয়াতেই নৰ জীৱনৰ সকলো সুখ-সম্পদ ওৰ পৰিছে বুলি নিজৰ আৰু আনৰ মনক বুজনি দি চকু মুদি থাকে তেনেহলে, ইতৰ প্ৰাণী তকৈ শ্ৰেষ্ঠ বোলাবৰ মুখ সিহতঁৰ কত ৰল?

 পৰম কৰুণাময় বিশ্বপতিৰ ঘৰ–ওপজা গোলামহৈ তেওঁৰ বসুন্ধৰাত ৰজাৰ আয়মে জীৱন প্ৰবৰ্ত্তন কৰি, তেওঁ দিয়া অক্ষয় ভণ্ডাৰৰ পৰা দেৱতাৰ ভোগে, ভোগাই, তাৰ ওপৰঞ্চি, আকৌ সেই মহা দানীৰ মহাদান আপু ৰুগীয়া মানব-জন্ম লাভ কৰিও, আৰু বিতোপন জ্ঞান মুকুট পিন্ধিও, যদি, সেই জনা মহামহিমান্বিত পৰম গৌৰ বান্বিত মহাপুৰুষ নো কোন্, কত থাকে। কেলেই বা অযাচিতে আমাৰ ওপৰত তেওঁৰ কৃপা-বাৰি বৰষিছে, কেনেকৈ নো, তেওঁৰ দৰ্শন পাম; এনে দৰৰ ভাব মনত নেখেলালে তেওঁক চিনিবলৈ হাবিলাষ নেৰাখিলে, সৰ্ব্বতি কাল সাংসাৰিক ধন, মান, জ্ঞান ইয়াৰ ৰাগীতেই মতলীয়াহৈ দিন কটালে, অশলাগি, গিৰিদ্ৰোহী, নৰাধম,