ইয়াৰে বলত, পৃথিবীৰ পিঠিত যি ২ আছে, সেই সমস্তই
মানুহৰ তলতীয়া। এই কাৰণে, খোদা-তায়ালাই কৈছে,
“যি কিছু পৃথিবীত আছে, সেই সমুদয়কে, তোমাৰ
অধীনকৈ দিয়া হৈছে।”
যি সকল গুণ, মানুহৰ শ্ৰেষ্ঠত্ব আৰু পূৰ্ণত্বৰ মূল, সেই সমুদয় তাৰ আচল বা নিত্য-গুণ। তাৰ বাজে, অইন সমস্তই নৈমিত্তিক অৰ্থাৎ আন কাৰণে ওপজা গুণ; সেই বোৰক অনিত্য গুণো বুলিব পাৰি। এই অনিত্য- গুণ বোৰ, মানুহৰ আল্-পৈচান ধৰাৰ আৰু তাক পূৰ্ণ অৱস্থা লভিবলৈ সহায়তা কৰাৰ কাৰণে হে স্ৰজা হৈছে। এই হেতু, মানুহ যেতিয়া মৰে, যেতিয়া জীৱনৰ উদ্দেশ্য ওৰপৰে, তেতিয়া, তাৰ লগত, কাম, ক্ৰোধ, লোভ আদি অনিত্য-গুণ বোৰ আৰু নাথাকে। থাকোঁতে, অকল তলত কোৱা দুটি গুণৰ এটি, আত্মাৰ সঙ্গত নেৰা-নেৰিকৈ ৰৈ যায়। প্ৰথমৰটি, ধৰ্ম্মিষ্ঠ পূণ্যাত্মা সকলৰ সঙ্গী। ই, উজ্জ্বল দীপ্তিমন্ত আৰু খোদা-তায়ালাৰ তত্ত্ব-জ্ঞানেৰে, শোভান্বিত। এই অনিৰ্ব্বচনীয় অৰ্থাৎ বৰ্ণাব নোৱৰা ভাবটি, মৃত্যুৰ পাচত পূণ্যাত্মা বিলাকৰ সঙ্গত বন্ধুভাবে বাস কৰে। ফেৰেস্তা সকল যেনে, সেই গুণত ভূষিতহৈ খোদা-তায়ালাৰ ওচৰত সৰ্ব্বতিকাল হাজিৰ থাকে, আত্মাও তেনেদৰে ভূষিতহৈ, তেখেতৰ সন্নিধানত বিৰাজ কৰিব এই বিষয় উপলক্ষ্য কৰি কোৱা আছে “সত্য