পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৫০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৩৬ পৰমা-দৰ্পণ। পাৰে। অধিকন্তু, এখন ভাজৰ মৰু পথাৰৰ মাজত এটি বালিৰ ৰেণু যেনে, মহাসাগৰৰ মাজত এটি পাণীৰ কণিকা যেনে, আত্মাৰ মানত বিশ্বব্ৰহ্মাণ্ডৰ সমস্ত জানো তেনে। আত্মাই চকুৰ পচাৰতে নিম্ন পৃথিবীৰ পৰা উৰ্ধ আকাশলৈ উঠিব? বিশ্ব-জগতৰ এমুৰৰ পৰা আন মুৰলৈ মূহুৰ্ততে ফুৰি-চাকি আহিব, মাটিৰ ওপৰৰ পৰা আকাশ-মগুল পিয়ল কৰিব আৰু গ্ৰহ, তৰাৰ আকাৰ-প্ৰকাৰ, গঢ়-গতি, ইটে- সিটে হন্তৰ ঠিকনা কৰিব পাৰে। আকৌ, অঠাই সাগৰৰ তল-চৰীয়া মাছ, কল-কৌশলেৰে ওপৰলৈ তুলি আনিব, আলাসত উৰি ফুৰা চৰাই-চিৰিকতিক, তিলকতে মাটিত পেলাব আৰু হাতী; ঘোম, বাঘ-ভালুক আদি মহাবলী বনৰীয়া জন্তুকো, কৌশল ক্ৰমে, নিজৰ বশীভূত কৰি লব পাৰে। | আত্মাৰ গুপ্ত মহত্ত্ব; বিশ্ব-জগতৰ আশ্চাৰ্য ২ জ্ঞান, আত্মাৰ ব্যবসায়। সেই জ্ঞান, পাঁচ ইন্দ্ৰিয় সাহায্যে লাভ হয়। ইয়াক চাই জানিব পাৰি, আত্মলৈ সমস্ত ইন্দ্ৰিয়ৰ একোটা বাট আছে। সৰহ ভাগ মানুহে, অকল জড়-জগতকে জানিব লগীয়া বিষয় আৰু অকল ইন্দ্ৰিয় বোৰকে জ্ঞানৰ দুৱাৰ বুলি ভাবে; কিন্তু, বহুত বিস্তৃত আধ্যাত্মিক জগতো যে, আছে, সেই সমন্ধে তানো মানুহে লাভ কৰিব পাৰে আৰু আধ্যাত্মিক জগতৰ ফালে, মাত্মাৰ, এটি অতি বহুল বাট মুকলি আছে, সেই কথা সকলোৱে জ্ঞাত নাই।