পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/১৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পৰমাৰ্থ-দৰ্পণ। চিনিছে; যেয়ে নিজক জানিছে, সেয়ে নিৰঞ্জনক আনিছে। পৰমব্ৰক্ষ খোদা-তায়ালাই, আপোন মহাগ্ৰন্থ পবিত্ৰ কোৰাণ শ্যাৰিফত উক্তি কৰিছে, “আমি মানুহক দেখুৱাৰ নিমিত্তে জগতত আৰু মনুষ্য-দেহত, আমাৰ নিজৰ চিন বোৰৰ আৰ্হি দিছে; অভিপ্ৰায় সত্য অৱস্থা সিহতৰ মনত বিদিত হওক”। পাঠক! তোমাৰ নিজৰ শৰীৰতকৈ জগতৰ কোনো বস্তু তোমাৰ বেচি ওচৰ নহয়। গতিকে, যদি তুমি নিজক চিনিব নোৱৰ হেন্তে, দূৰৈৰ বস্তু কেনেকৈ চিনিব। তাৰ উত্তৰত, হয়তো তুমি কৈ পেলাব পাৰা, “মই মোক সুন্দৰ মতে চিনো”। এই আষাৰ উত্তৰে তোমাৰ মাথোন মূখালিৰ হে চিনাকি দিব। এনে আত্ম-জ্ঞান কেতিয়াও তত্ত্ব-জ্ঞানৰ সঁচাৰ হব নোৱাৰে। তেনে দৰৰ আত্ম-জ্ঞান পশুৰৰ আছে; তুমি যেনেকৈ অপোনাৰ হাত, ভৰি, নাক, মুখ চিনা আৰু কিছুমান দেহৰ ভিতৰুৱা অৱস্থাও জানিব পাৰা, যেনে, ভোক লাগিলে আহাৰ খোবা, খং উঠিলে ঠুজ পাতা, কামভাব হলে, নাৰী সঙ্গম কৰা, পশুৱেও তেনেকুৱা কৰে। এনে বোৰ কামত পণ্ডৰে তোমাৰ সমানে জ্ঞান আছে। এতেকে এই চিনাই চিনা নহয়। তুমি নিজৰ স্বৰূপ আৰু অৱস্থা বিচৰা উচিত। তুমি তো কোন্? কৰ পৰা আহিছা? কলৈ যাবা? এই সংসাৰলৈ কিয় আহিছা? সুজন-কৰ্ত্তা