পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
পৰমাৰ্থ-দৰ্পণ।


শাৰীৰ-স্থান বিদ্যাৰ গৌৰব, অকল চিকিৎসা বিদ্যাত আৱশ্যক বুলি নহয়। যেনেকৈ কবিতাৰ মধুৰতা, ৰচনাৰ চতুৰালি অথবা শিল্পৰ বিচিত্ৰতা, ধ্যানকৈ চালে, কবিৰ কবিতা-শক্তি ৰচকৰ নিপুণালি, শিল্পীৰ শিল্প পাৰ্গতালিৰ চিনাকি পোৱা যায়। তেনেদৰে, নৰ-দেহৰ, নানা তৰহৰ গঢ়ণ-ক্ৰিয়া, আৰু অদ্ভুত ২ নিৰ্মাণ কৌশলৰ ওপৰত মন সংযোগ কৰিলে, স্ৰজন-কৰ্ত্তাৰ সম্পূৰ্ণ ক্ষমতা, অনন্ত- জ্ঞানৰ পৰিচয় লাভ হয়। এই কাৰণে, শাৰীৰ-স্থান বিদ্যাকো, আত্ম-দৰ্শনৰ এটা বাট বুলিব পাৰি। কিন্তু, আধ্যাত্মিক বিদ্যাৰে ৰিজালে শাৰীৰ-স্থান বিদ্যা নিচেই সামান্য। শাৰীৰ স্থান বিদ্য়াৰ পৰা শৰীৰৰ অৱস্থা জনা যায়; আৰু আধ্যাত্মিক বিদ্যাই আত্মাৰ অসাধাৰণ গুণ- জ্ঞানৰ, জ্ঞান দিয়ে। আকৌ চোৱাঁ, আত্মা শ্ৰেষ্ঠ, শৰীৰ নিকৃষ্ট; আত্মা চিৰকলীয়া, শৰীৰ খন্তেকীয়া; আত্মা, আৰোহী, শৰীৰ, তাৰ বাহন; আৰোহীৰ হন্তেহে বাহনৰ স্ৰজন, বাহনৰ হন্তে আৰোহীৰ নহয়। আৰোহী সমন্ধে জ্ঞান, বাহন সম্বন্ধে জ্ঞানতকৈ নিশ্চয় শ্ৰেষ্ঠ, তাৰ ভুল নাই।

 ইতিপূৰ্ব্বে কোৱা হৈছে, জগতৰ আটাই বস্তুতকৈ, তোমাৰ শৰীৰ, তোমাৰ গোটই ওচৰ; আৰু ই, সৰু, সীমাবন্ধা। ওচৰীয়া সৰু আৰু সীমাবন্ধা বস্তুৰ জ্ঞান, অপ্ৰয়াসে লাভ হয়, সন্দেহ নাই। তেনে সৰু বস্তুৰ