পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৫৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পৰমাৰ্থ-দৰ্পণ। পৰমেশ্বৰৰ তত্ত্ব-জ্ঞানৰ পৰা, মানুহৰ নিজ সৌভাগ্য লাভৰ উপায়। আত্মা, এখনি জিলিকা ফটফটীয়া দৰ্পন বা আৰ্চীৰ নিচিনা; আৰু লও হে-মহফুজ, এখনি চিত্ৰিত বা আঁকা আয়নাৰ দৰে। ইয়াত, গোটেই বিশ্ব-জগতৰ ঘটনা আৰু বস্তু বিলাকৰ ছবি আঁকা আছে। এখন চকচকীয়া জিলিকা দাপোন, এখন চিত্ৰ আঁকা দাপোনৰ সমুখত থলে, যেনেকৈ, ইখনৰ ছবি বা চিত্ৰ বোৰৰছ, সিখনতগৈ পৰে, তেনেকৈ, নিৰ্মল আত্ম। লওহ-মহফুজৰ ওচৰ চাপিলে তাৰ ওপৰত থকা, বিশ্ব-সংসাৰৰ সমুদায় ঘটনা ছবি, আত্মত, ফটফটীয়াকৈ দেখা যায়। লওহ-মহফুজৰ ওচৰ চাপিব খুজিলে আত্মাক, পাপৰ মলিনতাৰ পৰা নিৰ্ম্মল ৰাখিব লাগে; আৰু জড়জগতে সৈতে, তাৰ সমন্ধ ছিঙ্গি পেলাব লাগে; আত্মা, যিমান নিৰ্মল থাকিব আৰু যিমান, জড়-জগতৰ লগত, তাৰ সমন্ধ ছিগিব ওহ-মহফুজত থকা বিশ্ব-জগতৰ ঘটনাদি, সিমান জৰ্জ ফট-ফট কৰে, আত্মত প্ৰতিবিম্বিত হব। যেতেখিনি পৰ, আত্মা জড়-জগতৰ কাম-বনত লাগি থাকে, তেতেখিনি প, আত্মা আৰু আধ্যাত্মিক জগতৰ মাজত, এখন পৰ্দা ৰা অৰ ওলমি পৰি থাকে।