পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
পৰমাৰ্থ-দৰ্পণ৷


আত্মাৰ সৈতে দাস বিলাকৰ সমন্ধ।

 ওপৰত যি কোৱা হল, তাৰ মুঠ কথা কৰুণাধাৰ স্ৰজনকৰ্ত্তাই , ক্ৰোধ আৰু লোভ, আমাৰ শৰীৰ ৰক্ষাৰ কাৰণে দান কৰিছে। ভোজন, পান কৰি শৰীৰ পোষণ কৰিবলৈ লোভৰ সৃষ্টি; শত্ৰুৰ হাতৰ পৰা ৰক্ষা পাবলৈ ক্ৰোধৰ জনম হৈছে; ক্ৰোধ আৰু লোভ দুয়ো শৰীৰৰ ভৃত্য বা সেৱক। চকু, কাণ, নাক আদি ইন্দ্ৰিয় বোৰক বৈ-লৈ ফুৰা শৰীৰৰ কাম। এই হেতুকে শৰীৰক ইন্দ্ৰিয়ৰ ভৃত্য বা সেৱক বোলা যায়। আকৌ চোৱাঁ ইন্দ্ৰিয় বিলাক, বুদ্ধিৰ দূত বা বাতৰি বাহী কটকী; বুদ্ধিয়ে এই ইন্দ্ৰিয় বোৰৰ আলম্‌লৈ পৰমেশ্বৰৰ অদ্ভুত ২ গঢ়ন পাৰ্গতালি চিনিব পাৰে; এই কাৰণে ইন্দ্ৰিয় বোৰক বুদ্ধিৰ ভৃত্য বা সেৱক বুলিব পাৰি। এই বুদ্ধি আকৌ “দেলৰ” হন্তে হৈছে , বিবেক অৰ্থাৎ সজ বুদ্ধি “দেলৰ” বন্তি, “দেল” ইয়াৰ পোহৰত পৰমোন্নত, পৰম্পদ দেখিবলৈ পাৰ্গত হয়; “দেলৰ” পক্ষে এয়ে বেহেস্ত বা বৈকুণ্ঠ। সেই কাৰণে বুদ্ধি আকৌ “দেলৰ” ভৃত্য বা সেৱক। পৰমেশ্বৰৰ শোভা দৰ্শনৰ বাবে হে “দেলৰ" সৃষ্টি। “দেল” যেতিয়া পৰমেশ্বৰৰ শোভা চাই চাই