পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
পৰমাৰ্থ-দৰ্পণ।

 ওপৰৰ ৰহস্যটি চমুকৈ হলেও, ফট্-ফটীয়াকৈ বুজুৱা গল। এতিয়া, কওঁ, আত্মা অনাদি নহয়; অৰ্থাৎ আত্মাৰ আগেয়ে, একো নাছিল যে, এনে নহয়। যি বিলাকে আত্মা অনাদি বুলি কয়, তেওঁ লোকৰ তেনে কোৱা ভুল। আকৌ, যেয়ে, আত্মা, পদাৰ্থৰ গুণ বুলি তবে, সিবিলাকৰো বুজিবৰ ক্ৰটী। কিয়নো, বস্তুৰ গুণ অকল-শৰে, মুকলি-মূৰে থাকিব নোৱাৰে। গুণাধাৰ বস্তুৰ আলম্ লৈহে থাকে। আত্মা, যি স্থলত মানুহৰ ঘাই বস্তু আৰু শৰীৰ তাৰ অধীন বা লগুৱা মাথোন তেনে স্থলত, আত্মা কেনেকৈ শৰীৰৰ গুণ হব পাৰে। আকৌ, যিবিলাকে আত্মা শৰীৰী বস্তু বুলি কয়, সিহঁতো, ভুলতহে পৰি আছে। কিয়নো, শৰীৰ বিভক্ত হব পাৰে, আত্মা, বিভক্ত হব নোৱাৰে।

 আমি এতোখনি পৰ আত্মা বা দেল বুলি, যি আত্মাৰ আলোচনা কৰিলোঁ হঁক, তাৰ বাজে, মানুহৰ আৰু এটি আত্মা আছে, তাক জীউ, জীবাত্মা বা প্ৰাণ বোলে। ই, বিভক্ত হব পৰা বস্তু; ই, পশু, পখী আদি আটাই গ্ৰাণীৰ দেহত বৰ্ত্তমান আছে। কিন্তু, আমি ৰুহ বা আত্মা বুলি, যি আত্মাৰ বিবৰণ পূৰ্ব্বে দিছোঁ, সেয়ে, পৰমেশ্বৰৰ তত্ত্বজ্ঞানৰ থল; পশু, পখী আদি প্ৰাণী দেহত সেই আত্মা নাই। সি, শৰীৰী নহয় আৰু গুণ পদাৰ্থ ও নহয়; বৰং সি ফেৰেস্তাৰ সমনীয়া জাতি, ভাঙ্গি কব

নোৱৰা, এটি, অতি অপূৰ্ব্ব বস্তু।