সমললৈ যাওক

পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
পৰমাৰ্থ-দৰ্পণ৷


ভালকৈ আউটি-পিটি চায়, তেনেহলে, আত্মাৰ খাটি বা সত্য-তত্ত্ব উদ্ধাৰ হব; আৰু তেতিয়া, আত্মাৰ প্ৰেমৰ প্ৰকৃত প্ৰেমিক হৈ, সেই অপাত্ৰ, আপচু মানুহ, সি পুৰীত বহুমূলীয়া, মৰগীয়া সামগ্ৰী হৈ পৰিব। নিকৃষ্ট পশুৰ চেৰাই ওখ খলপৰ ফেৰেস্তা সকলৰ শ্ৰেণীত উঠিব পাৰিব। তাকে নকৰি যদি সাংসাৰিক মোহ-মায়াত ভোলগৈ, ২ দিনে-ৰাতিয়ে, বিষয়-সুখ ভোগত লাগি থাকে, তেনেহলে, সিকালত সেই পৰম-বিচাৰক খোদাতায়ালাৰ সন্মুখত শূকৰ, কুকুৰ, বান্দৰ, শিয়ালত বৰং তাতোকৈ নীহ জন্তুৰ ৰূপ ধৰি থিয় হবগৈ লাগিব।

 মানুহে, যেনেকৈ, আপোন মহত্ত্ব, শ্ৰেষ্ঠত্ব, গৌৰব জনা আৱশ্যক তেনেদৰে, নিজৰ নিৰ্ব্বলী, নিসহায়, নিকৃষ্ট অৱস্থাও জানি ৰখা যুগুত। এনেবিধ, আত্ম-জ্ঞান, তত্ত্ব- জ্ঞানৰ বহুত সঁচাৰৰ মাজৰ এটি। নিজৰ চিনাকিৰ বাবে, যিখিনি চমুকৈ বৰ্ণোৱা হল, এই পুথিত সেয়ে বিস্তৰ।

ইতি আত্ম-জ্ঞান আধ্যা সাং।

⸺⸺