পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৫২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পৰমাৰ্থ-দৰ্পণ। দুৱাৰ অন্তৰ্জগতৰ ফালে মুকলি হয়। সুতৰাং আধ্যাত্মিক জগতত, বি বিলাক অনাভুৱা নোহোৱা, নেপজা আচৰিত বস্তু বৰ্তমান আছে আৰু লওহে-মহফুজত অৰ্থাৎ (স্বৰ্গ-ধামৰ যি খলত, বিশ্বজগতৰ, ভূত, ভবিষ্যত, বৰ্ত্তমান, সকলো বস্তু, সকলো ঘটনা ৰখা থাকে) তাত যি বিলাক অচিনাকি ভবিষ্যত ঘটনাৰ ছাৱ বা ছবি আঁকা আছে, সেই আটাই বোৰ চকুত পৰে; কিন্তু, টোপনিত, সেই বিলাক অৰত থকা আৰু আগন্তুক ঘটনা, কেতিয়াবা ফটফটীয়া কৈ, সেই অনুৰূপেই আৰু মাজে সময়ে দৃষ্টান্ত স্বৰূপে দেখা দিয়ে। দৃষ্টান্ত ৰূপে দেখা গলে, তেতিয়া, তাৰ অৰ্থ ভাঙ্গি বুজিবৰ প্ৰয়োজন হয়। সাধাৰণতঃ মানুহে মনত ভাবে, সজাগ অৱস্থাত সহ পৰিমান জ্ঞান লাভ হয়, কিন্তু দৰাচলত তেনে নহয়; দিঠকত, কেতিয়াও চকুৰ অৰিৰ, অচিনাকি, নজু বস্তুৰ সমন্ধে একোকে জ্ঞান পোৱা নাযায়। চিন-জনা বস্তুৰ বাহিৰেও বহুত নজনা, মুশুনা, চকুৰ আঁৰত থকা বস্তু, সপোনত মানুহে দেখে; এই কথা মিছা বুলি ভাবি না লাগে। সপোনত সভা জ্ঞান, কেতিয়াও বহিৰিক্ৰিয়ৰ সাহায্যত, পোৱা নহয়। সপোনৰ বহল বিবৰণ, এই পুথিত নাটিব। তেও, চমুকৈ, অলপ-অচৰপ তলত কোৱা যাব।