পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৩৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পৰমাৰ্থ-দৰ্পণ। | দৰাচল পক্ষত, মানুহৰ স্বভাৱৰ মাজত গাহৰি স্বভাৱ, কুকুৰ স্বভাৱ শায়তানী স্বভাৱ আৰু ফেৰো স্বভাৱ, এই চাৰিও বিধ স্বভাৱ বৰ্তমান আছে। শূকৰ, তাৰ, আকাৰ, গঢ়-গতিৰ নিমিত্তে ঘৃণাৰ পাত্ৰ নহয়; সদ সৰ্বদা অশুচি, ঘিণ-লগা বস্তুলৈ লোভ কৰে দেখিয়ে লোকে তাক ঘিণায়। কুকুৰো, হাত, ভৰি, নোম, ছাল, আকাৰ, গঢ় ইত্যাদিৰ বাবে, ঘৃণাৰ পাত্ৰ হোৱা নাই। সদায় স্বজাতিলৈ শত্ৰু ভাব পোষণ কৰে, আন কাৰবাক দেখিলে ভেউ-ভেউ কৰে ভুকে আৰু খেং-খেং কৰে কামুৰিবলৈ খেদি আহে, এই কাৰণেহে ঘৃণাৰ পাত্ৰ শূকৰ, কুকুৰৰ জীউ তেনে প্ৰকৃতিৰ কাৰণেই সিহঁতে আপোন ২ স্বভাৱ অনুসৰি কাৰ্য কৰে। মানুহৰ গাতে তেনে প্ৰকৃতি আছে। মানুহৰ শ্যায়তনী স্বভাৱ আৰু দেৱ-ভাবৰ বিবৰণ, সেই দৰে বহলাই কোৱা যাব। বুদ্ধিৰ পোৰ, ফেৰেস্তাৰ জেউতিৰ নিচিনা; বুদ্ধি পোহৰলৈ শ্যায়নৰ ছল, চক্ৰান্ত সদৰী অৰ্থাৎ জন- শুনা কৰি দিবলৈ মানুহৰ প্ৰতি আদেশ আছে। তেনে কৰিলে শ্যায়তন, তাৰ শ্যায়নী কামত সদায় কেঁচ- খাই থাকিব আৰু সজ-কৰ্ম্মত কোনো বিন্নি ব্যাঘাত ঘটাব নোৱাৰিব। মহাপুৰুষ হজৰত মহম্মদ মস্তাফা (ছ, যা, অ) মে, কৈছে, “মানুহৰ সঙ্গত গাই ২ একোটা শ্যায়ন আছে; আৰু মোৰৰ লগত এটা আছে; কিন্তু খোদা-