পদ্য চণ্ডিকাখ্যান

ৱিকিউৎসৰ পৰা

[  ]







বেচ ॥৹ আঠ অনা মাথোন।

[  ]

পদ্য

চণ্ডিকাখ্যান।

শ্ৰীকীর্তিচন্দ্র বিদ্যাভূষণ গােস্বামী কর্তৃক

প্রণীত।


পদকর্তাৰ অনুমতি মতে ।
এজেঞ্চি কোম্পানীৰ স্বত্বাধিকাৰী
শ্ৰীনন্দেশ্বৰ চক্রবর্তী দ্বাৰা প্ৰকাশিত।

—:::—

ডিব্ৰুগড়

গোৰী শঙ্কৰ যন্ত্রণ্ড
শ্ৰীৰত্নেশ্বৰ চৰ্ত্তীৰ দ্বাৰা ছাপা কৰা”

শকাব্দ। ১৮৩০ ;  ১লা আশ্বিন ।

[  ]

বিজ্ঞাপন।
⸺৹☆৹⸺

ইমান দিনে দেশৰ এটী অভাব পূৰ্ণহল। মাৰ্কণ্ডেয় পুৰাণান্তৰ্গত দেবী মাহাত্ম্য চণ্ডীৰ নাম নজনা মানুহ বোধকৰো হিন্দুৰ ভিতৰত কানো নাই। কোনো বিপদ বা ৰোগহলে সকলোৱেই চণ্ডী পাঠ কৰাই, চণ্ডী পাঠ দ্বাৰা অনেকৰ অভীষ্ট সিদ্ধি হোৱা দেখিব আৰু শুনিবলৈ পোৱা হৈছে। মূল চণ্ডী সংস্কৃত ভাষা ও ৰচিত, সংস্কৃত নজনা মানুহ তাৰ অৰ্থ গ্ৰহণ কৰি মৰ্ম্ম বুজিব নোৱৰে। কিন্তু এতিয়াৰ পৰা স্ত্ৰী পুৰুষ সকলোৱেই চণ্ডীৰ মৰ্ম্ম বুজিব পাৰিব। সম্প্ৰতি পূজ্যপাদ শ্ৰীযুক্ত কীৰ্ত্তিচন্দ্ৰ বিদ্যাভূষণ গোস্বামী প্ৰভুৱে মূল চণ্ডীৰ পৰা সহজ অসমীয়া ভাষাত নানা বিধ পথেৰে চণ্ডী ৰচনা কৰি সকলোৰে এটা মহৎ উপকাৰ কৰিলে। এই “চণ্ডীকাখ্যান" পঢ়িলে বা শুনিলে মূল চণ্ডী পঢ়িবলৈ বা শুনিবলৈ একো বাকী নাথাকে প্ৰতি আধ্যাৰ আদিতে এটী২ শক্তি বিষয়ৰ দিহানাম ৰচিদিয়া বাবে স্ত্ৰী পুৰুষ সকলোৱে চণ্ডীৰ পদেৰেই নাম গাব পাৰিব।

পুস্তকখানি সকলোৰে বিশেষকৈ ব্ৰাহ্মণ জাতিৰ উপকাৰী হব যেন বিবেচনা কৰি মুদ্ৰিত কৰিলো। আশা কৰে। স্বধৰ্ম্মনুৰাগী হিন্দু মাত্ৰেই একোখানি গ্ৰহণ কৰি আমাক উৎসাহিত কৰিব। আৰু বৰ্ণ যোজক সকলৰ অসাবধনাতঃ কোনো ঠাইত বৰ্ণাশুদ্ধি থাকিলে সহৃদয় পাঠকে যেন দোষ ক্ষমা কৰে। কিমধিকমিতি শক ১৮৩০।

১লা আশ্বিন। প্ৰকাশক
⸻⸻

শ্ৰীনন্দেশ্বৰ চক্ৰবৰ্ত্তী।

[  ]

উৎসর্গ।

পৰমাৰাধ্য⸺
শ্রীশ্ৰীদুর্গাদেবী শ্ৰীচৰণ কমলেষু।

মাতঃ!
তযু কৃপা কণাবলে চণ্ডীৰ আখ্যান;
পদবন্ধে তবপুত্ৰে কৰিলা ৰচন।
কিবা সাধ্য আছে মােৰ ৰচো চণ্ডীপদ;
কেবল তােমাৰ কৃপা আৰু আশীৰ্ব্বাদ।
অলঙ্কাৰ ৰসগুণ পদ্যৰ শৰীৰ;
ৰাতি ছন্দ পদন্যাস শ্রুতি সুখকৰ।
কিন্তু মই অল্পমতি স্কুল মােৰ জ্ঞান;
ৰচনত আছে মম অনেক দূষণ।
তথাপি তােমাৰ শুভ পৰিত্ৰ নামত;
চণ্ডীকাৰ পদ খানি কৰিলোঁ অর্পিত।
শিশু যদি দিয়ে তৃণ হাতত মাৱৰ;
জননী গ্ৰহণ কৰি কৰন্ত আদৰ।
  কিমধিকমিতি৷৷

[  ]

চণ্ডিকাখ্যান।

নমঃ শ্ৰীচণ্ডিকায়ৈঃ।

জয় জয় জগদ্ধাত্ৰি জগত জননী।
চৰণে শৰণ লৈলো তুমি নাৰায়ণী॥
স্ৰজনত তুমি সৃষ্টি পালনত স্থিতি।
সংহৰণে তুমি দেবি আতি ঘোৰমূৰ্ত্তি॥
ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তোমাৰ কিঙ্কৰ।
তুমি বিনে সিসবাৰ নাই অধিকাৰ॥
তযুশক্তি বলে বিধি কৰন্ত সৃজন।
পালয় জগত বিষ্ণু শিবে সংহৰণ॥
প্ৰধান প্ৰকৃতি তুমি জগত কাৰণ।
তযু লোমকূপে আছে চৈধ্যয় ভুবন॥
অনন্ত ৰূপিনী তুমি দেবী ভগবতী।
চৰণে তোমাৰ, মোৰ অসংখ্য প্ৰণতি

[ ১০ ]

তুমি চণ্ডী তুমি দুর্গা তুমি কাত্যায়ণী।
ভুক্তি মুক্তি প্রদ তযু চৰণ দুখানি॥
তােমাৰ চৰণ পদ্ম দৰিদ্ৰৰ ধন।
অধমক কৰি কৃপা কৰা প্রদর্শন॥
সপ্তশতী পদ মই কৰিবাক মনে।
ভৈলােহোঁ শৰণাগত তব শ্ৰীচৰণে॥
দূর্বোধ চণ্ডীৰ পদ মই অল্পমতি।
তযু কৃপা বিনে মােৰ নাহিকে শকতি॥
বুদ্ধি ৰূপা তুমি দেবি দিয়া বুদ্ধি মােক।
ৰচিবো চণ্ডীৰ পদ সবাই শুনুক॥
শুক্লাম্বুজ নিবাসিনি মাৰ সৰস্বতি।
কৰি কৃপা মােৰ কণ্ঠ হােৱা তুমি স্থিতি॥
আসিযো কল্পনা দেবি কবি সহচৰি।
বসিযো হৃদয়াম্ভোজে মােৰে কৃপাকাৰি॥
হে হেৰম্বগণাধীশ বিঘ্নবিনাশন।
কৃপাকৰি কৰামোক বিঘ্ন নিবাৰণ॥
সন্ত সকলক মই কৰিছো মিনতি।
নধৰিব দোষ মােৰ মই অল্পমতি॥
পৰম পবিত্ৰ এহি চণ্ডীৰ আখ্যান।
ভুক্তি মুক্তি হােৱে লাভ কৰিলে কীৰ্ত্তন॥

[ ১১ ]

ঘােৰ কলিযুগে এই চণ্ডিকাৰ পদ।
শ্রবণ কৰিলে খণ্ডে সমস্ত আপদ॥
এহি কথামার্কণ্ডেয় পুৰাণ মধ্যত।
চণ্ডীনামে ভাষান্তৰে আছিলা প্রখ্যাত॥
তান হন্তে পদ বন্ধে কৰিলো প্ৰচাৰ।
হৌক কৃপা মােৰ প্রতি দেবী চণ্ডিকাৰ॥
 ⸺⸺⸺*⸺⸺⸺

জয় জয় দুর্গাদেবী জগত জননী।
মধু কৈটভক তুমি মুহিলা আপুনি॥
 ⸺⸺:*:⸺⸺

  পদ।
মার্কণ্ডেয় বদতি শুনিয়াে তপোধন।
যিৰূপে চণ্ডিকা দেবী ভৈলা উতপন॥ *
যিৰূপে সুৰথ ৰাজা আৰাধি চণ্ডীক।
অষ্টমাধিপতি মনু ভৈলা সাবর্ণিক॥
স্বাৰােচিষ মন্বন্তৰে চৈত্র বংশ জাত।
আছিল সুৰথি নামে নৃপতি বিখ্যাত॥



  • সাবর্ণিঃ সূৰ্য্যতনয়াে যােমনুঃ কথ্যতেহষ্টমঃ।
নিশাময় তদুৎপত্তিং বিস্তৰাদগদতােমম। [ ১২ ]

জিনিল সমস্ত ৰাজা নিজ বাহুবলে ।
একছত্র কৰিলন্ত পৃথিবী মণ্ডলে॥
শাস্ত্ৰত পাৰ্গত সিটো নীতিজ্ঞ প্রবীণ।
কৰন্ত দেবতা পূজা ব্রাহ্মণক দান॥
পূত্র সমকৰি পালে প্রজা সমস্তক।
কৰন্ত দুষ্টক দণ্ড সাধুক সম্মান॥
এহিৰূপে ৰাজ্যভােগ কৰে বহুকাল ।
দেবীৰ নিগ্রহে পাছে মিলিল জঞ্জাল॥
আছিল যতেক ম্লেচ্ছ ৰাজা অধীনত ।
তাহাৰ ঐশ্বৰ্য্যদেখি গুণিলা মনত॥
অধীন ৰাজাৰ জানা নিস্ফল জীবন।
সবেমিলি সুৰথেৰে কৰো মহাৰণ॥
এহিৰূপে যতৰাজা হুয়া একমত।
সুৰথৰ কাশে পঠাইলন্ত ৰণদূত॥
দূতমখে ৰণ বাৰ্ত্তা শুনি নৃপবৰ।
নকৰি সঙ্কোচ মনে ভৈলা অগ্ৰসৰ॥
গজবাজী ৰথসৈন্য সঙ্গে অগণন ।
(১)চতুৰঙ্গ বলে ৰাজা কৰিলা গমন॥
দুষ্টগণ সমে ৰাজা কৰিলা সমৰ।


[ ১৩ ]

বিনাশিলা শত্রুগণে বাহিনী ৰাজাৰ॥ (২)
ভাগ্যপ্রতি কুল হেতু ৰাজা পৰাজিত।
হুয়া নিৰানন্দ মনে পশিলা পুৰীত॥
সেহি দিন হন্তে ৰাজা কোলা নগৰীত। (৩)
আছিল ৰাজত্ব কৰি বিবাদ মনত॥
তাতে শত্ৰুগণে আসি মন্ত্ৰীৰ লগত।
মিত্ৰকৰি সমস্তকে কৈলা বশীভূত॥
পাত্র মন্ত্রি সৈন্য যত আছিল ৰাজাৰ।
সিবেলাত ভৈলা সবে বিৰূপ নৃপৰ॥
একদিনা সবে মিলি ৰাজাৰ নগৰ।
আক্ৰমিলা পৰাজিত ভৈলা নৃপবৰ॥
প্রবল নৃপতিগণে মন্ত্ৰীৰ সহিত।
ভাণ্ডাৰক ভাঙ্গিলৈলা ধন ৰত্ন যত॥
বলহীন ভৈলা যেবে সুৰথ নৃপতি।
গজ বাজী সহ সেনা গৈলা শত্ৰু ভিতি॥ (৪)
তথাপি নগৰে ৰাজা অন্তৰে দুঃখিত।
অল্পসৈন্য বন্ধু সহ নিবাস কৰন্ত॥


 (২) বাহিনী, সেনা। (৩) বর্ত্তমান কোলাপুৰ পূৰ্ব্বকালত সুৰথৰ ৰাজধানী।

(৪) শত্ৰুভিতি শত্ৰুৰফালে । [ ১৪ ]

 একদিন মৃগয়াৰ ছলে নৰপতি।
 একাকী পশিলা বনে ঘােটকত উঠি॥
 অনেক অৰণ্য ভ্রমি মেধস মুনিৰ।
 দেখিলা আশ্রম এক আতি মনােহৰ॥
(ক) অনেক শ্বাপদ গণ আছে আশ্ৰমত।
 অপকাৰ নকৰয় মুনি প্রভাবত॥
 শাৰ্দ্দুল কেশৰী হস্তী সৰ্প মৃগ যত।
 নিয়ত ভ্রমিছে সবে হুয়া আনন্দিত॥
 কলকণ্ঠে মুনিগণে বেদ উচ্চাৰণ।
 কৰি আশ্ৰমৰ শােভা কৰিছে বৰ্দ্ধন॥
 প্রবেশি আশ্রমে দুঃখে মুনিক প্রণতি।
 কৰি কৃতাঞ্জলি হুয়া বসিলা নৃপতি॥
 কৰিলা সৎকাৰ মহর্ষিয়ে নৃপতিক।
 পাদ্য অর্ঘ আচমনী দিয়া মধুপক্ক॥
 পাছে ৰাজা তপােবনে ইভিতি সিভিতি। (৫)
 বিষাদিত মনে ফুৰে নলয় স্থিতি॥
 ৰাজ্যনাশ সন্তাপত অতীব অস্থিৰ।
 সিবেলা চিন্তিবে লাগিলন্ত নিজপুৰ॥


[ ১৫ ]

মােৰ পূৰ্ব্ব পিতৃগণে পালিলা ষিপুৰী।
সিপুৰীত মইস্থান নপাইলো সমূলি॥
মােৰ দুষ্টভৃত্যগণে ধৰ্ম্ম অনুসৰি।
পালিছে বা নপালিছে মােৰ কোলাপুৰী॥
মদমত্ত শূৰ হস্তী* যুদ্ধত প্রধান।
শত্ৰু অধিনত কিনো কৰিছে ভােজন॥
মােৰ কৃপা ধন অন্নে তুষ্ট ভৃত্যগণ।
হায় আন নৃপতিৰ কৰিছে সেবন॥
অসাধু অমাত্য সবে কৰি আতি ব্যয়।
কষ্টার্জিত বিত্তমােৰ কৰিবন্ত ক্ষয়॥
স্বর্ণ ৰূপ হীৰা মুক্তা মনি মৰকত।
প্রবাল গোমেদ আদি ৰত্ন ৰাজি যত॥
অতি দুঃখে ভণ্ডাৰত আছিল সঞ্চিত।
শত্ৰুৰ হাতত সব ভৈলা ভস্মীভূত॥
এহিমতে আনাে নানা ভাবিয়া থাকন্তে।
দেখিলন্ত একবৈশ্য সেহিআশ্ৰমতে॥
দেখিয়া বৈশ্যক ৰাজ পুছিবে লাগিলা।
কিকাৰ্য্যে আসিলা তুমি কহিয়াে কিহৈলা॥


[ ১৬ ]

বিষাদিত দেখাে যেন তােমাৰ বদন।
যদি দোষ নাই ব্যক্ত কৰা নিজাখ্যান॥
ৰাজাৰ বিনীত বাণী শুনি বৈশ্যবৰ। (৬)
সবিশেষে নিবেদিলা ৰাজাৰ গােচৰ॥
বৈশ্য নিগদতি শুনিয়েক গুণনিধি।
বৈশ্যকুলে জন্ম মােৰ নামত সমাধি॥
প্রত্যহ বিপ্ৰক কৰো মই ধন দান।
তাক দেখি ভার্য্যাপুত্রে কৰে অভিমান॥
নশ্বৰ শৰীৰ ইটো দানেহে ৰক্ষণ।
নজানে দুম্মতি ভাৰ্য্যা দুষ্ট পুত্রগণ॥
একদিনা নিষেধিলা ভাৰ্য্যা পুত্র মোক ।
নকৰিবা ধন দান আৰু ব্রাহ্মণক॥
সেহিদিনা হন্তে মই মহা অভিমানে। (খ)
পুত্ৰ ভাৰ্য্যা গৃহত্যজি পশিলো অৰণ্যে॥
ধন পুত্র ভাৰ্য্যা বন্ধু সবে হুয়া হীন।
তাপিত হৃদয়ে কাল কৰিছো যাপন॥

[ ১৭ ]

কিবা ভৈল পুত্ৰ ভাৰ্য্যা আৰু বন্ধুগণ।
কিৰূপে সিসব লোকে কৰিছে বৰ্ত্তন॥ (গ)
দুৰ্ব্বৃত্ত চৰিত্ৰ কিবা শোভন স্বভাব।
কুশলে আছন্ত কিবা অকুশল ভাব॥
নপাই বাৰতা মোৰ সিসবৰ মন।
ব্যাকুলিত আছে এহি বিষাদ কাৰণ॥
সুৰথ বদতি বৈশ্য শুনা একমনে।
ভাৰ্য্যাপুত্ৰ লাগি শোক কৰা অকাৰণে॥
যেই ভাৰ্য্যা পুত্ৰে ধন দ্ৰব্যলৈয়া কাঢ়ি।
পঠালে তোমাক বনে সৰ্ব্বস্ব নিগ্ৰহি॥
সেহি ভাৰ্য্যাপুত্ৰে তুমি কেনে কৰা আশ।
ৰাজাৰ বচনে বৈশ্য কাঢ়িলা নিশ্বাস॥
বৈশ নিগদতি শুনিয়োকি নৃপবৰ।
যি কহিলে সবে সত্য বাণী আপোনাৰ॥
কিন্তু কি কৰিবো মই নজানো বিধান।
নিষ্ঠুৰ নহয় কেনে সিসবাত মন॥
ধনলোভে পিতৃ স্নেহ স্বামীৰ পীৰিতি।
ত্যজি মোক অৰণ্যত পঠাইলা সম্প্ৰতি॥



(গ) বৰ্ত্তন, জীবিকা।

[ ১৮ ]

তেনে পুত্ৰ ভাৰ্য্যাপ্ৰতি মোৰ যে হৃদয়।
নিৰ্দ্দয় নহয় কেনে নজানো নিশ্চয়॥
মহামতি নৃপবৰ বিগুণ বন্ধুত। (৭)
নজানো কিহেতু হোৱে মোৰ স্নেহচিত্ত॥
পৰিলে মনত সিসবাক প্ৰতি মোৰ।
তপ্তস্বাস বহে নাকে তাপিত অন্তৰ॥
কিয় পুত্ৰ ভাৰ্য্যা বন্ধু প্ৰতি হিয়া মোৰ।
নহয় মমতা হীন কোৱা নৃপবৰ॥ (৮)
মাৰ্কণ্ডেয় বদতি শুনিয়ো তপোধন।
পাছে ৰাজা বৈশ্য দুয়ো হুয়া একমন॥
মেধস মহৰ্ষি স্থানে পুছিবাক মনে।
প্ৰণমিলা গৈয়া দুয়ো ঋষিৰ চৰণে॥
আশীৰ্ব্বাদ কৰি মুনি নৃপতি বৈশ্যক।
আসনত বসাইলা সমীপে দোহাক॥
সুখাসনে বসিৰাজা বৈশ্য মহামতি।
ঋষিক পুছন্ত পাছে কৰিয়া মিনতি॥
বদতি সুৰথ ৰাজা মুনিৰ আগত।
এখানি গোচৰ কৰো তযু চৰণত॥


[ ১৯ ]

যােগবলে নাই তব কোনাে অগােচৰ।
জানে দূত ভবিষ্যত আৰু পূৰ্ব্বাপৰ॥
আছিল ৰাজত্ব মােৰ কোলা নগৰীত।
শত্রুগণে আক্রমিলে পশিলো বনত॥
সম্প্রতি ৰাজ্যত মােৰ নাই অধিকাৰ।
তথাপি ৰাজ্যত মােহ প্রবল যে মোৰ॥
বিষয় আশক্ত চিত্ত মূৰ্খৰ শােভন।
জ্ঞানী হুয়া কিয় তাত হৈলাে নিমগণ॥ ৪
কি হৈল নগৰ গজবাজী ৰথ ধন।
অকাৰণে অহর্নিশ কৰােহোঁ চিন্তন॥
আছিল ৰাজত্ব যেবে সবাই আমাৰ।
ৰাজ্যভ্রষ্ট হৈল যেবে মমতা অসাৰ॥
সমাধি নামক ইটো বৈশ্য কুলে জাত।
পুত্ৰ ভাৰ্য্যা বন্ধু ভৃত্যে ধন ৰত্ন যত॥
অগ্রহি নির্দয় ৰূপে পঠাইলা বনত।
তথাপি বৈশ্যৰ মোহ আছে সি সবাত॥
আমাৰ কাহিনী এই তযু চৰণত।
সবিশেষে নিবেদিলাে আমি স্বৰূপত॥
বিষয়ৰ দোষ দেখি এড়ি তাত আশা।
ঘােৰবনে আসি দুয়ো কৰিলােহোঁ বাসা॥

[ ২০ ]

 তথাপি আমাৰ চিত্তে লেশ নাহি শান্তি।
 দিবা ৰাত্ৰি ফুৰো আমি আকগুণি গান্থি॥
 বিষয়ত হোৱে মুগ্ধ জ্ঞান হীন নৰ।
 বান্ধে তাক মায়াপাশে উচিত তাহাৰ॥
 কিন্তু আমি জ্ঞানবন্ত বিষয় বিৰত।
 কিহেতু আমাক মোহে কৰিলে আবৃত॥
 দুখানি চৰণে তযু কৰিছে মিনতি।
 ইহাৰ কাৰণ প্ৰভু কোৱা মহামতি॥
 বদতি মেধস মুনি শুনা নৃপবৰ।
(৯)বিষয়ত জ্ঞান আছে সমস্ত প্ৰাণীৰ॥
 আহাৰ মৈথুন নিদ্ৰা সুখ আৰু খেদ।
 সমস্ত জন্তুতে আছে অল্পমাত্ৰ ভেদ॥
 কতো প্ৰাণী আছে ৰাজা নেদেখে দিনত।
 কতো দিবা ভাগে দেখে নেদেখে ৰাত্ৰিত॥
 কতো প্ৰাণী দিবা ৰাত্ৰি সমানে দেখন্ত।
 কতো বা আছয় দিবা নেদেখে ৰাত্ৰিত॥
 যিৰূপে মনুষ্যে জ্ঞানী নিজক ভাবয়।
 সেহিৰূপে হোৱে জ্ঞানী পশু পক্ষীচয়॥

[ ২১ ]

 মনুষ্যৰ যেনে জ্ঞান বিষয় ভােগত।
 তেনে জ্ঞানে জ্ঞানী সবে পশু পক্ষীযত॥
 জ্ঞান আছে হেতু নৃপ দেখা পক্ষীগণ।
 আপুনি নাখায়াে শিশু মুখে দিয়ে কণ॥
 পুষিব পালিব পুত্ৰে কৰিব যতন ।
 এহি আশা কৰি নৰে কৰন্ত পােষণ॥
 মোৰ পুত্ৰ মােৰ ভাৰ্য্যা ধন কলেবৰ।
 ইতিমাত্ৰ জ্ঞান আছে সমস্ত প্রাণীৰ॥
 এতেকে মনুষ্য জাতি আৰু অন্য জাতি।
 সবাৰৰ সমান জ্ঞান বিষয়ক প্রতি॥
 পুত্ৰ ভাৰ্য্যা ধন হন্তে যদিও অনর্থ ।
 তথাপি সংসাৰীজনে কৰে পুৰুষাৰ্থ॥
 নিজৰ অহিত বাঞ্চা কৰে কোন প্রাণী।
(১০) পৰাধীন হেতু জীব সমস্তে অজ্ঞানী॥
 যদিও কতােনৰে ইচ্ছে আত্মহিত।
 সমস্ত নিস্ফল হােৱে ঈশ্বৰ মায়াত॥
 সংসাৰৰ স্থিতি কাৰী প্ৰভু ভগবান
 মহামায়া নামে শক্তি তাহাৰ প্রধান॥



(১০) মায়াত মুগ্ধহেতু জীবঈশ্বৰ হৈয়াে পৰাধীন।

[ ২২ ]

মমতা আবৰ্ত্ত মোহ গৰ্ত্তে প্ৰাণী যত।
মহামায়া প্ৰভাবত সততে সংযত॥
মোৰ ভাৰ্য্যা মোৰ পুত্ৰ এহি যাৰ জ্ঞান।
মহামায়া কৰে তাঙ্ক সংসাৰে বন্ধন॥
নহবা বিস্মিত ৰাজা দেবী মহামায়া।
জগতকে মুহি আছে তাৰ যত মায়া॥
আকাষ জ্ঞাণীৰো মন সেহি ভগবতী।
বলেৰে কৰন্ত মুগ্ধ জানা মহামতি॥
স্ৰজিছে সমস্ত বিশ্ব দেবী ভগবতী।
হৈলে সেহি সুপ্ৰসন্না লভে নৰে মুক্তি॥
ব্ৰহ্মজ্ঞান ৰূপাদেবী মক্তিৰ কাৰণী।
১াৰীৰ এন্ধ হেতু সেহি সনাতনী॥
ভোদ। মোক্ষদা শিবা দেবী সুৰেশ্বৰী।
সবাৰৰ আৰাধ্যা সেহি এহ্মৰে ঈশ্বৰী॥
ৰাজা নিগদতি প্ৰভু কৰিয়ে বেকত।
মহামায়া বুলি যাক কৰিলে প্ৰখ্যাত॥
কি প্ৰকাৰে উতপতি কিবাৰূপ তাৰ।
কিনো কৰ্ম্ম কৰে সেহি মাৱ জগতৰ॥
নিত্য, কি অনিত্যা দেবী তুমি জ্ঞানীবৰ।
সমস্ত বিবৰি কোৱা জুৰাওক অন্তৰ॥

[ ২৩ ]

মেধস বদতি শুনা নৃপ মহামতি।
নিত্যা সেহি ভগবতী জগত মূৰতি॥
স্ৰজন পালন আৰু কৰি সংহৰণ।
ব্যাপি আছে জগদ্ধাত্ৰী অখিল ভুবন॥
স্থাবৰ জঙ্গম বিশ্ব স্ৰজন যাহাৰ।
সংসাৰীৰ দৰে জন্ম নাহিকে তাহাৰ॥
তথাপি যে অবতাৰ বহুধাদেবীৰ। [১]
আছয় শাস্ত্ৰত কহে শুনা নৃপবৰ।॥
গুণাতীতা ভগবতী দেবৰ কাৰ্য্যত।
নানাৰূপে আবিৰ্ভাব হোৱে জগতত॥
তেতিয়া উৎপন্না বুলি জগতে জানয়।
অন্যৰূপে তাৰ জন্ম কদাপি নহয়॥
মহা প্ৰলয়ৰ জলে প্লাবিত জগত।
অনন্ত শয্যাত হৰি ভৈলন্ত নিদ্ৰিত॥
যোগনিদ্ৰাৰূপে দেবী হৰিৰ নয়ন।
মুদ্ৰিত কৰিলা প্ৰভু ভৈলা অচেতন॥
অখিল ব্ৰহ্মাণ্ড জলময় মহাৰাজ।
বিষ্ণুৰ কৰ্ণৰ পৰা মলহৈলা বাজ॥

[ ২৪ ]

বিষ্ণু কৰ্ণ মল যেবে জলত পড়িল।
মলহন্তে বোৰ দৈত দুগোটা জন্মিল॥
মধুনামে একজন কৈটভ অপৰ।
মহাকায় মহাবল দুয়ো মহাসুৰ॥
বলদৰ্পে সিবেলাত ভাবে মনে মনে।
কাৰ সহ কৰোঁ যুদ্ধ আমি দুইজনে॥
ভাবন্তে দেখিলা পাছে নাভি কমলত।
কেশবৰ আছে ব্ৰহ্মা নয়ন মুদ্ৰিত॥
ইহাক মাৰিব বুলি দুই মহাসুৰ।
যুজিবাক হেতু ৰঙ্গে ধাইলা সত্বৰ॥
চকুমেলি দেখে ব্ৰহ্মা দুই মহাসুৰ।
ঘোৰৰূপ ধৰি আসে সমীপে তাহাৰ॥
দেখি দৈত্য বিধাতাৰ উপজিল ভয়।
এবে কি উপায় কৰোঁ সঙ্কট সময়॥
শুতি আছে নাৰায়ণ অনন্ত শয্যাত।
যোগনিদ্ৰা বশী ভুত চৈতন্য ৰহিত॥
কেনমতে সচেতন হৈব দামোদৰ।
মনত ভাবয় বিধি অনেক প্ৰকাৰ॥
নাৰায়ণ হন্তে দেবী মহামায়া।
বাজ হোক ভগবতী কৰি মোক দয়া॥

[ ২৫ ]

এহিভাবে ব্ৰহ্মাদেবে আৰম্ভিলা স্তুতি।
একমনে হৃদয়ত চিন্তি দেবী মূর্ত্তি॥
তুমি দেবী সৃষ্টিস্থিতি সংহাৰ কাৰিনী ।
তুমি বিশ্বেশ্বৰী নিদ্ৰা জগত তোষিণী॥
[২]তুমি স্বাহা ৰূপে দেবী তুষিছা দেবক।
স্বধাৰূপে দিছা তৃপ্তি সমস্ত পিতৃক॥
উদাত্তাদি স্বৰৰূপা যজ্ঞৰূপা তুমি।
জন্ম জৰা মৃত্যু হীনা অমৃত ৰূপিণী॥
হ্রস্ব দীর্ঘ স্বৰ তুমি আৰু প্লুত স্বৰ ।
হলবর্ণ ৰূপাতুমি অজ্ঞাত সবাৰ॥
বিপ্রৰ গায়ত্ৰী তুমি জগত জননী।
এতেকে সাবিত্ৰী দেবী পবিত্র কাৰিণী॥
জগত ধৰিছা দেবী জগদ্ধাত্রী ৰূপে ।
স্ৰজিছা জগত এই ব্ৰহ্মাণী স্বৰূপে॥
পালিছা বৈষ্ণবী ৰূপে যত চৰাচৰ ।
সংহৰিবা অন্তকালে তােমাতে সকল॥
স্ৰজনত সৃষ্টিৰূপা তুমি জগতৰ।
পালনত স্থিতিৰূপা অখিল বিশ্বৰ॥

  1. (১১)বহুধা, অনেক প্ৰকাৰ।
  2. (১২) ত্বংস্বাহা ত্বংস্বধী ত্বংহিবষট্ কাৰস্বৰাত্মিকা।
    সুধা ত্বমক্ষৰে নিত্যে ত্রিবা মাত্রাত্মিকা স্থিতা।
[ ২৬ ]

প্ৰলয় কালত তুমি সংহৰণ ৰূপা।
কৰা দয়া দয়াময়ি জগত সুৰূপা॥
ব্ৰহ্মজ্ঞান প্ৰকাশিনী তুমি মহাবিদ্যা।
জগতকে কৰা মুগ্ধ হেতু মহামায়া॥
মহামেধা তুমি দেবী আৰু মহাস্মৃতি।
মোহৰূপা মহাসুৰী মহাদেব শক্তি॥
সত্বৰজস্তমোগুণ প্ৰকাশ কাৰিণী।
সবাৰো কাৰণ ভূতা তুমি নাৰায়ণী॥
ব্ৰহ্মাৰ মৰণ ৰাত্ৰি আৰু মহাৰাত্ৰি।
ঘোৰৰূপা ভয়ঙ্কৰী তুমি নিদ্ৰাৰাত্ৰি॥
তুমিসে ঈশ্বৰী লক্ষী তুমি লজ্জমতি।
তুমি তুষ্টি তুমি পুষ্টি তুমি শান্তি ক্ষান্তি॥
খড়গহস্ত শূলহস্তা গদিনী চক্ৰিণী।
তুমি শঙ্খহস্তা ধনুৰ্বাণাদি ধাৰিণী॥
সৌম্যা সৌম্য তৰা তুমি সবাতো সুন্দৰ।
ঈশ্বৰকো কৰাবশ পৰমা ঈশ্বৰী॥
অখিল ব্ৰহ্মাণ্ড মধ্যে যত দ্ৰব্যচয়।
সমস্তৰে শক্তি তুমি কি বৰ্ণাবো মই॥
চৰাচৰ বিশ্বৰূপা তুমি ভগৱতী।
কিৰূপে কৰিবো স্তুতি মই মূঢ়মতি॥

[ ২৭ ]

জগতৰ সৃষ্টিকৰ্ত্তা যেই পালয়িতা।
অন্তিমত ঘোৰৰূপে যিজন সংহৰ্ত্তা॥
সিমহা বিষ্ণুক বলে কৰিলা নিদ্ৰিত।
তোমাক কৰয় স্তুতি নাই ব্ৰহ্মাণ্ডত॥
বিষ্ণুক জন্মাইলা তুমি আৰু মহেশক।
জনমালা মোক দেবী সৃষ্টি কৰিবাক॥
স্তুতি কৰিবাক তব নাহি মোৰ শক্তি।
স্বৰূপতে হোৱা তুমি আমাৰ প্ৰসূতি॥
নিজগুণে হুয়াটুষ্ট দেবী ভগবতী।
মধুকৈটভক মুগ্ধ কৰিয়ো সম্প্ৰতি॥
অনন্ত শয্যাত শুতি আছে নাৰায়ণ।
কৰাহা প্ৰবোধ লভোক চেতন॥
ঘোৰ দৈত্য বধিবাক বিষ্ণুৰ শকতি।
হৌক বৰ দিয়া দেবী কৰিছো মিনতি॥
এহিৰূপে সৃষ্টিকৰ্ত্তা দেবী তামসীক।
দৈত্য ভয়ে হুয়াভীত স্তুতি কৰিলেক॥
পৰম পবিত্ৰ এহি চণ্ডিকাৰ পদ।
শ্ৰবণ কীৰ্ত্তনে খণ্ডে সমস্ত আপদ॥
ভৈলাহা সমাপ্ত ব্ৰহ্মকৃত দেবী স্তুতি।
কৰোক আমাৰ বাঞ্চা পূৰ্ণ ভগবতী॥

[ ২৮ ]

বধিলা অসুৰ দেব দামােদৰ
 চণ্ডীৰ শকতি পায়॥

⸺∘⸺

দুলড়ি।

ঋষি নিগদতি,  শুনা নৰপতি,
  নিদ্ৰাৰূপা সনাতনী।
ব্ৰহ্মাৰ স্তুতিত,  লভিলা সন্তোষ,
  সাক্ষাতে ভৈলা আপুনি॥
জগতৰ পতি,  বিষ্ণু মহামতি,
  বধোক ঘোৰ অসুৰ।
এহি বুলি দেবী, বিষ্ণু দেহ হন্তে,
  নিৰ্গত ভৈলা সত্বৰ॥
নেত্ৰ মুখ নাসা, হৃদয়ৰ পৰা,
  যোগনিদ্ৰা বিশ্বেশ্বৰী ।
তেজিল যেখানে, বসিলা তেখনে,
  অনন্ত শয্যাত হৰি॥
প্রলয় জলত, অসুৰ দুগোট,
  ব্রহ্মাক বধিব মনে।
কৰন্ত উদ্যম,  মহা পৰাক্ৰম,
  দেখিলন্ত নাৰায়ণে॥

[ ২৯ ]

শয্যা পৰিহৰি,  উঠিলা শ্রীহৰি,
  ধাইলা অসুৰ প্রতি।
মহা বলৱন্ত, দৈত্য দুই গােট,
  ভৈলাহা নিকটে স্থিতি॥
যুজিলা মাধব,  ভকত বান্ধব,
  দৈত্যক লগাই চমক।
একাৰ্ণৰ জল, নাই কৈতোস্থল,
  ব্ৰহ্মাণ্ড ভৈল খলক॥
ক্ষয় নােহেবল, দুই দানবৰ,
  পৰাজয় নাহি মানে।
পৰম বিস্ময়, দেব দয়াময়,
  অদ্ভূত মানিলা মনে ॥
প্রচণ্ড বিক্রমে,  দেব নাৰায়ণে,
  হাজাৰ পঞ্চ বৰিষ।
বাহু প্ৰহৰণ, কৰে মহাৰণ,
  নভৈলা অসুৰ নাশ॥
পাছে ভগবতী,  বিষ্ণুক আদৰি,
  মুহিলা অসুৰ মন ।
দেবী মায়া মুগ্ধ,  অসুৰ প্ৰচণ্ড,
  বুলিলা এহি বচন॥

[ ৩০ ]

বিষ্ণু মহামতি,  তােমাৰ শকতি,
 দেখি তুষ্ট ভৈলাে আমি।
ইচ্ছা অনুসৰি,  তােমাক আদৰি,
 দিও বৰ লােৱা তুমি ॥
শুনি চক্রপাণি,  অসুৰৰ বাণী,
 লভিলা সন্তোষ মনে।
দিয়া মােক বৰ, বাঞ্চিত আমাৰ,
 খ্যাত দুই ত্রিভুবনে॥
তােমা দুই বীৰ,  হাতত আমাৰ,
 বধ্যহােৱা শীঘ্ৰ কৰি।
অন্যবৰে মােৰ,  নাই প্রয়ােজন,
 বুলিলা দেব শ্রীহৰি॥
মেধস বদতি,  শুনা নৰপতি,
 পাছে যেহি কথা ভৈল।
মায়াত দেবীৰ,  মুগ্ধ দুই বীৰ,
 মনত বহু ভাবিল॥
ডুবিছে জলত, সমস্ত জগত,
 অলপো নাহিকে স্থল।
স্থলত বধোক, দিও এহি বৰ,
 আত পৰে নাই ছল॥

[ ৩১ ]

গুণি দৈত্য দ্বয়,  বিষ্ণুক বােলয়,
 দিলােহোঁ বৰ তােমাক।
নাহি যৈতে জল,  একমাত্র স্থল,
 তথাতে বধা আমাক॥
বচন দৈত্যৰ, শুনি গদাধৰ,
 কৰিলা তাকে স্বীকাৰ।
উৰু আপােনাৰ,  কৰিলা বিস্তাৰ,
 ভৈল স্থল মনােহৰ॥
পাছে দেবহৰি,  সুদর্শন ধৰি,
 দুগােট দৈত্যৰ শিৰ।
আপােন উৰুত, কৰিলা নিপাত,
 গৈল দৈত্য যমবৰ॥
দেবীৰ কৃপাত,  অসুৰ দুগােট,
 কৰিলা হৰি নিপাত ।
আনন্দ অপাৰ, ভৈলন্ত ব্ৰহ্মাৰ,
 হৈলা দেবী অন্তর্হিত॥
এহিৰূপে দেবী, বিধিৰ স্তবত,
 নিজে অবতাৰ হৈলা।
ঘােৰ দৈত্য হন্তে,  আদৰি ব্ৰহ্মাক,
 জগত ৰক্ষা কৰিলা॥

[ ৩২ ]

মেধস বদতি,  শুনিলা নৃপতি,
 দেবীৰ ইটো মহিমা।
প্রভাব অপাৰ,  আছয় দেবীৰ,
 পুনৰপি কহোঁ শুনা ॥
দেবীৰ চৰিত্র,  পৰম পবিত্র,
 শুনা সবে নৰগণ।
দ্বিজ কীৰ্ত্তিচন্দ্রে  ৰচিলা প্রবন্ধে,
 চণ্ডীৰ ভাবি চৰণ॥

——*——

ইবাৰ উদ্ধাৰা মােক জগত জননি ।
চৰণে শৰণ লৈলাে ৰাখা নাৰায়ণি ॥

————

পদ।

মেধসে বােলন্ত শুনা ৰাজা মহামতি ।
পুনু দেবী কথা কহোঁ তােমাত সম্প্রতি॥
পূর্ব্বে দেবাসুৰে ৰণ কৰিলা বহুত।
শতেক বৰিষ পূর্ণ ভৈলন্ত যুদ্ধত॥
আছিল মহিষ নামে এক মহাদৈত্য।
অসুৰৰ ৰাজা সিটো মহাবলৱন্ত ॥

[ ৩৩ ]

 পুৰন্দৰ সমে যুদ্ধ কৰিলা অসুৰ।
 জিনিলা মহিষাসুৰে ত্ৰিদশ ঈশ্বৰ॥
 পৰাজিত দেবগণ ভয়ে পলাইলা।
(১) অমৰাৱতীত দৈত্যে ৰাজত্ব কৰিলা॥
 অনন্তৰ পুৰন্দৰে কৰি আলোচন।
 দেবগণ সমে গৈলা ব্ৰহ্মাৰ আস্থান ॥(২)
 ব্ৰহ্মাৰ স্থানত ইন্দ্ৰে কৰিলা গােচৰ ।
 কৰিছে ৰাজত্ব স্বর্গে দুৰন্ত অসুৰ॥
 কিমতে স্বৰ্গত আমি কৰােহোঁ বসতি।
 কৰিয়ো উপায এবে দেব প্রজাপতি॥
 ইন্দ্ৰৰ বচনে ব্রহ্মা ভাবি বহুক্ষণ।
 দেবগণ সমে গৈলা শিব বিষ্ণু স্থান॥
 এক স্থানে আছে বসি মাধব মহেশ।
 কথোপকথন কৰি দেখিলা ত্রিদশ॥
 প্রণমি অমৰগণে বেঢ়িয়া বাসল।
 মহিষাসুৰৰ কথা কহিতে লাগিল॥
 পুৰন্দৰ বদতি শুনিয়ো মহেশ্বৰ।
 তুমি সংহৰণ কৰ্ত্তা এহি জগতৰ॥


[ ৩৪ ]

স্ৰজি আছে প্রজাপতি পালিছে মাধৱ।
তিনিও সবাৰ হােৱা পৰম বান্ধৱ॥
তোমা সব স্থানে আজি এক নিবেদন।
কৰিবাক হেতু আসিয়াছে দেবগণ॥
হে বিধাত; চক্রপাণি দেব মহেশ্বৰ।
মহিষ সহিত যুদ্ধ কৰিলো বিস্তৰ ॥
ভাগ্যদোষে পৰাজয় হৈলন্ত আমাৰ ।
মহা বলৱন্ত দৈত্য পৰম দুৰ্ব্বাৰ ॥
পৰাজি আমাক দৈত্যে স্বর্গে হৈলা স্বামী।
তাৰ ভয়ে পৃথিবীত ভ্রমিছোহোঁ আমি॥
সূৰ্য্য অগ্নি বায়ু চন্দ্র যম বৰুণৰ।
কুবেৰাদি অমৰৰ যত অধিকাৰ॥
বলদৰ্পে নিলা কাঢ়ি দুৰন্ত অসুৰ।
নাই সীমা দুর্গতিৰ অমৰ সবাৰ॥
স্বর্গহন্তে দেবতাক কৰিলা বাহিৰ।
অকণ্টক স্বৰ্গৰাজ্য কৰিলা অসুৰ॥
অমৰক দিলা পূৰ্ব্বে স্বর্গ পুৰীখান।
স্বর্গ নষ্ট হৈলে থাকিবাৰ নাহি স্থান॥
যােগ যাগ যজ্ঞ আৰু নাই পৃথিবীত।
দৈত্যভয়ে কাম্পে আতি ঋষি মুনি যত॥

[ ৩৫ ]

মহিষাসুৰৰ কথা কহিবোহো‌ঁ কত।
তাৰ ভয়ে দেব যাক সততে চকিত॥ (৩)
হৈলােহোঁ শৰণাগত চিন্তিয়ো উপায় ।
যেহিৰূপে দুট দৈত্য যাৱে যমালয় ॥
ত্রিদশৰ ক্লেশ বাণী শুনি মাধৱৰ ।
ভৈলন্ত বদন কোপে ভ্ৰুকুটী কুটিল (৪)
শিবৰ বাঢ়িল কোপ আৰু বিধাতাৰ ।
অনন্তৰ দেবগণ ক্ৰোধত অস্থিৰ ॥
ব্ৰহ্মাষ্ণুি শিব এহি তিনি দেবতাৰ ।
মহাক্রোধে মুখহন্তে বজাইলা ৰুধিৰ
ইন্দ্র আদি যত দেব আছিলা তথাত।
সমস্তৰে ভৈলা বাজ প্ৰচুৰ শােণিত
সবাৰাে দেবৰ তেজ হৈয়া একঠাই।
জলন্ত পৰ্বত হেন প্রকাশ কৰই ॥
দশদিশ প্রকাশয় সেই তেজোৰাশি ।
চাহিব নােৱাৰে কেউ নয়ন প্রকাশি ॥
দেবতাৰ তেজোৰাশি দেখন্তে সুৰূপ।
সেহি তেজে দুর্গ আসি ভৈলা নাৰীৰূপ ।


[ ৩৬ ]

যাৰ তেজে যেহি অঙ্গ ভৈলন্ত দুৰ্গাৰ ।
তাক ব্যক্ত কৰি কহোঁ শুনা নৃপবৰ॥
শম্ভুতেজে হৈল দুর্গাদেবীৰ বদন।
শমন শােণিত হন্তে কেশ বিতােপন॥
বিষ্ণুতেজে উতপতি হাজাৰেক কৰ।
চন্দ্রতেজে স্তন যুগ্ম আতি মনােহৰ ॥
হৈল মধ্যদেশ দেৱৰাজৰ ৰুধিৰে ।
মনােহৰ জঙ্ঘা উৰু বৰুণ তেজেৰে॥
বসুমতী তেজে হৈল নিতম্ব দেবীৰ।
চৰণ কমল দুটী ৰুধিৰে ব্ৰহ্মাৰ ॥
পদৰ অঞ্জলী যত ভাস্কৰ শােণিতে।
হাতত আঞ্জলী হৈল বসুগণ ৰক্তে॥
যক্ষৰাজ তেজে হৈল নাসিকা দেবীৰ।
প্রজাপতি ৰক্তে দন্ত পংক্তি মনোহৰ ॥
নয়ন ত্ৰিতয় হৈল তেজে অগনিৰ।
সন্ধ্যা তেজে ভ্ৰুযুগল পৰম সুন্দৰ ॥
পবনৰ তেজে হৈল কাণ দুইখান।
অন্য দেবতাৰ তেজে অবয়ব আন॥
সমস্ত দেবৰ তেজে দেবী উতপতি।
দেখি দেবগণ পাছে ভৈলা হৃষ্ট অতি ॥

[ ৩৭ ]

অসুৰক ভগৱতী কৰিব সংহাৰ।
এহি ভাবে ত্ৰিদশৰ আনন্দ অপাৰ॥
যি দেবৰ যেহি অস্ত্ৰ আছিল প্ৰশস্ত।
তান হন্তে দিলা দেৱে দেৱীৰ হাতত॥
নিজৰ শূলৰ দৰে এক শূল আনি।
দিলাহা দুৰ্গাৰ হাতে দেব শূলপাণি॥
নিজচক্ৰ হেন চক্ৰ কৰি উৎপাদন।
মুৰাৰি কৰিলা পাছে দুৰ্গাক অৰ্পণ॥
এহি ৰূপ দিলা শঙ্খ দেবীক বৰুণে।
অতি তীক্ষ্ন‌ শক্তি দিলা দেব হুতাশনে॥
দিলা বায়ু বাণ পূৰ্ণ তোন ধনু খান।
কৰিলন্ত পুৰন্দৰে বজ্ৰক প্ৰদান॥
ঐৰাবত হন্তে ঘণ্টা দিলা দেবৰাজ।
যমদণ্ড দেবী হন্তে দিলা প্ৰেতৰাজ॥
বৰুণে দিলন্ত মহাপাশ চণ্ডিকাক।
প্ৰজাপতি অক্ষমালা দিলা পিন্ধিবাক॥
ব্ৰহ্মদেবে কমণ্ডলু অৰ্পিলা দুৰ্গাক।
দিবাকৰে লোমকুপে দিলা ৰশ্মি যাক॥
খড়্গ‌ চম্ম দিলা কালে দুৰ্গাৰ হাতত।
ক্ষীৰোদধি দিলা হাৰ মুকুতা মণ্ডিত॥

[ ৩৮ ]

দিলা আৰু বস্ত্র যুগ্ম আতি মনােহৰ।
চূড়ামণি সমর্পিলা শিৰত দুৰ্গাৰ॥
কর্ণত কুণ্ডল যুগ কঙ্কণ হাতত।
মনােহৰ দিলা বাজু সমস্ত বাহুত॥
অৰ্দ্ধচন্দ্ৰ কপালত চৰণে নুপূৰ।
কণ্ঠ মালা দিলা কণ্ঠে পৰম সুন্দৰ॥
সুবৰ্ণ আঙ্গঠী দিলা সবে আঙ্গুলীত।
হীৰা মৰকত মুক্তা ৰতনে খচিত॥
বিশ্বকৰ্ম্মা দিলা আনি নিৰ্ম্মল পৰশু।
অভেদ্য কবচ আৰু অস্ত্র শস্ত্র বহু॥
সমুদ্রে দিলন্ত দেবী শিৰত হিয়াত।
পদ্মমালা আৰু এক কমল হাতত॥
হিমালয়ে দিলা সিংহ দেবীক বাহন।
আৰু নানা বিধ ৰত্ন কৰিলা প্রদান॥
সুৰাসহ পান পাত্র দিলন্ত কুবেৰ।
নাগৰাজে নাগহাৰ দিলা মনােহৰ॥
এহিমতে আৰূ অন্য যত দেবগণ।
অস্ত্র অভিৰণে কৈলা দেবীক সম্মান॥
অনন্তৰে দুর্গা দেবী অসুৰ নাশিনী।
(৫) বাৰম্বাৰ অট্টহাস কৰিলাআপুনি॥



(৫) অতি উচ্চ হাস্য। [ ৩৯ ]

তাৰ ঘোৰ অট্টহাসে আকাশ পূৰিল।
প্ৰতিধ্বনি উঠি তাৰ ভুবন ব্যাপিল॥
জগত ক্ষুভিত ভৈল কাম্পিল সাগৰ।
বসুমতী তলমল পৰ্ব্বত অস্থিৰ॥
দেশীৰ আন্টাস শব্দে দৰিল জগত।
প্ৰলয মিলিল বুলি ভাবিলা সমস্ত॥
জয শব্দে দেবগণে তুষিলা দেবীক।
ভক্তিভাবে মুনিগণে স্তুতি কৰিলেক॥
ত্ৰিভুবন ক্ষুব্ধ দেখি অসুৰ সকল।
নিজ নিজ অস্ত্ৰ লৈয়া ৰণে সাজু ভৈল॥
ক্ৰোধত মহিষাসুৰ বুলিলা বচন।
কিহৰ শবদ ইটো কাম্পে ত্ৰিভুবন॥
সবে সেনা হোৱা সাজু কৰা অন্বেষণ।
মোৰ আগে কৰে নাদ আতি অসহন॥
এহি বুলি মহাসুৰে অসুৰ সহিত।
শব্দ অনুসৰি কোপে হইলা ধাবিত॥
অনন্ত মহাসুৰে দেখিলা দেবীক।
দেহৰ কান্তিৰে ব্যাপি আছে জগতক॥
পদভৰে বসুমতী কম্পে ঘনে ঘন।
কিৰীটে ঠেলিছে গৈয়া আকাশ পৱন॥

[ ৪০ ]

ধনুৰ টঙ্কাৰে ভীত পাতাল নিবাশী।
ব্যাপিলে সহস্ৰ ভুজে ভুবন মণ্ডলী॥
এহিৰূপে ঘেৰৰূপ দেখি চণ্ডিকাৰ।
মানিলা বিস্ময় মনে যতেক অসুৰ॥
আত অনন্তৰে শুনা কহোঁ নৃপবৰ।
দেবী দানবৰ ঘোৰ বাজিল সমৰ॥
অস্ত্ৰগণ গোট খাই দেবী দানবৰ।
প্ৰকাশ কৰন্ত আতি দিশ দিগন্তৰ॥
মহিষৰ সেনাপতি চিকুৰ প্ৰধান।
সৈন্য লৈয়া দেবী সহ কৰন্ত সংগ্ৰাম॥
অন্য এক সেনাপতি নামত চামৰ।
চতুৰঙ্গ বল সহ কৰন্ত সমৰ॥
অংখ্যাত ৰথ সমে উদগ্ৰ অসুৰ।
যুদ্ধ কৰিবাক হেতু ভৈলা অগ্ৰসৰ॥
কোটিৰথ সহ এক মহাহনু নামে।
যুদ্ধ কৰিবাক মনে পশিলা সংগ্ৰামে॥
পাঞ্চ কোটি ৰখ লৈয়া অসিলোমা বীৰ।
যাঠি লক্ষ ৰথ সমে বাষ্কল দুৰ্ব্বাৰ॥
পৰিবাৰ নামে দৈত্য পশিলা ৰণত।
অসংখ্যাত গজবাজী তাহাৰ লগত।

[ ৪১ ]

পঞ্চবৃন্দ ৰথ লৈয়া সি মহা সংগ্রামে ।
ভৈলা দৈত্য উপস্থিত বিড়ালাক্ষ নামে ॥
সেহি ঘুদ্ধে বলৱন্ত অসংখ্য অসুৰ।
হয় হস্তী ৰথ লৈয়া কৰন্ত সমৰ ॥
অসংখ্যাত গজবাজী সৈন্যৰ মাজত ।
ভৈলা আসি উপস্থিত মহিষ দুৰন্ত॥
দাবানল হেন আছে চণ্ডিকা মধ্যত।
চৌপাশে বেঢ়িয়া আছে অসংখ্যাত দৈত্য॥
সৃষ্টি স্থিতি লয কৰ্ত্ৰী দেবী ভগবতী।
তাঙ্ক কি কৰিব পাৰে অসুৰ দুৰ্ম্মতি॥
পৰম পবিত্র এহি চণ্ডিৰ আখ্যান।
শুনা সবে নৰগণে হুয়া একমন ॥

⸻০⸻

ভবভয় নিবাৰিণী,  তুমি দেবী কাত্যায়ণী,
 পাদপদ্মে দিয়া মােক ঠাই॥

⸻⸻

[ ৪২ ]

ছবি।

এহিৰূপে নৃপবৰ, সবে সেনা মহিষৰ,
 ভৈলা আগ সংগ্ৰামে চণ্ডীৰ।
চৌপাশে চণ্ডীকবেঢ়ি, কৰন্ত সমৰ আতি,
 মাৰ মাৰ শবদে অসুৰ॥
কতো দৈত্য ভিন্দিপাল,  কতোবা তোমৰ শূল,
 কতে হানে মূযল শকতি।
পৰশু পট্টিশ পাশ,  হানে কেহোঁ তৰোৱাল,
 বধ হেতু চণ্ডিকাৰ প্ৰতি॥
পাছে দেবী ভগৱতী,  নিজ অস্ত্ৰ কৰি বৃষ্টি,
 নিবাৰিলা অস্ত্ৰ দানবৰ।
নিবাৰি অসুৰ অস্ত্ৰ, দৈত্য দেহে নানা শস্ত্ৰ,
 দৃঢ়ৰূপে কৰিলা প্ৰহাৰ॥
অস্ত্ৰাঘাতে দৈত্যযত,  ভৈলা দেহ জৰ্জ্জৰিত,
 পড়ি গৈলা ভূমিৰ ওপৰ।
যুদ্ধ পৰিশ্ৰম হেতু  দেবীৰ গাৱত কিন্তু,
 লেশমাত্ৰ নাহিকে কাতৰ॥
চণ্ডীৰ বাহন সিংহ,  মহাকোপে কৰি শব্দ,
 কম্পাইয়া গ্ৰীবাৰ কেশৰ। (৬)


(৬) গ্ৰীবা, ডিঙি। [ ৪৩ ]

অৰণ্যত অগ্নি হেন,  প্রবেশি দৈত্য সেনাত,
  বিদাৰিলা হৃদয় দৈত্যৰ
দৈত্য সমে ৰণ কৰি,   চণ্ডিকা পৰমেশ্বৰী,
  তেজিলা নিশ্বাস যত যত।
তান হন্তে অগণন,  ভৈলা বাজ মাতৃগণ,
  দেবী সমে পশিলা ৰণত॥
দেবী পাৰিষদ গণ,  পৰশু মুষল শেল,
  লৈযা ভিন্দিপাল তৰােৱাল।
চণ্ডীৰ কৃপাত ৰণে,  নাশন্ত অসুৰ গণে,
  কৈলা ৰক্তে ধৰণী পঙ্কিল॥
যুদ্ধৰূপ মহােৎসবে,  কেহোঁ দেবী পাৰিষদে,
  বজাইলা ঢাক অসংখ্যাত।
কেহোঁবা বজাৱে শঙ্খ,  কৰে কেহোঁ মহাৰঙ্গ,
  দিলা তাল কেহোঁ মৃদঙ্গত॥
অনন্তৰে ভগৱতী,  কুপিতা অসুৰ প্রতি,
  খড়্গশক্তি ত্রিশূল গদাৰে।
অনেক অসুৰ প্রাণ,   কৰি দেবী বিনাশন,
  পঠাইলা যমৰ নগৰে॥
পাশেৰে বন্ধন কৰি,  অনেক অমৰ অৰি,
  ঘসাইলা চণ্ডিকা ভূমিত।

[ ৪৪ ]

কতো অসুৰক দেবী,  ঘণ্টাৰ শবদে মুহি,
  ৰণস্থলে কৰিলা মুৰ্চ্চিত॥
তীক্ষ্ন খড়গ প্ৰহাৰিয়া,  ভগবতী মহামায়া,
  দুই খণ্ড কৰিলা অসুৰ।
গদাৰ আঘাতে কত,  হুয়া দৈত্য বিমৰ্দ্দিত,
  পড়ি ৰৈলা ধৰণী ওপৰ॥
মূষল মুদ্গৰ ঘাতে,  মহিষৰ কতো দৈত্যে,
  বজাইলা ৰুধিৰ মুখত।
হিয়াত দেবীৰ শূল,  বিন্ধি কতো অসুৰৰ,
  গৈল প্ৰাণ পড়িলা ধৰাত॥
কতো দৈত্য সেনাপতি,   সংগ্ৰামত বাণে ফুটি,
  তেজিলন্ত অসাৰ জীবন।
কতোৰ ছিগিল বাহু,  গ্ৰীবা ভঙ্গ হৈল কাৰো,
  কাৰো হৈল মস্তক ছেদন॥
কাৰো মধ্যদেশ খণ্ড,  কাৰো ভৈল জঙ্ঘাভগ্ন,
  কাৰো হৈল চৰণ খণ্ডিত।
এক চকু এক কাণ,  একমাত্ৰ ভৰি খান,
  বিকলাঙ্গ দৈত্য সৈন্য যত॥
ছেদিলা দেবীয়ে শিৰ,  ভূমিত পড়িল দেহ,
  পুনৰপি উঠি শূন্য শিৰে।

[ ৪৫ ]

লৈয়া নানা অস্ত্ৰ জাত,  চণ্ডিকাক প্ৰহাৰন্ত,
 বাদ্যতালে নাচন্ত অসুৰে॥
অন্য মহাসুৰ গণে, চণ্ডিকাক কোপমনে,
 থাক থাক বোলয় বচন।
অসুৰৰ শুনি বাণী, দেবী দুৰ্গা নাৰায়ণী,
 নকৰিলা একো সমিধান॥
অনেক পড়িল হাতী,  ৰথ ঘোড়া কোটি কোটি,
 ৰক্ত মাংসে প্লাবিত মেদিনী।
সৈন্যৰ শোণিতে নদী,  মহাবেগে বহে আতি,
 ভৈলন্ত অগম্যা ৰণ ভূমি॥
ক্ষণিকতে ভগবতী,  কৰি কোপ মহামতি,
 সৈন্যগণ মহিষাসুৰৰ।
অগণিত তৃণ চয়, পড়ি যেনে ভস্ম হয়,
 সেহিৰূপে কৰিলা সংহাৰ॥
সিবেলা দেবীৰ সিংহ,  কোপে কম্পাইয়া কেশ,
 মহা শব্দে কৰিলা গৰ্জ্জন।
সি শব্দে পুৰিল দিশ, শত্ৰুগণ ভৈলা ত্ৰাস,
 হৈল যেন বাজ দৈত্য প্ৰাণ॥

[ ৪৬ ]

[১] দেবীৰ প্ৰমথগণে,   যুজি দেব অৰিসনে,
 তুষিলা দেবৰ মন আতি।
তুষ্ট হৈয়া দেব যত,   আৰোহিয়া বিমানত,
  আকাশত কৈলা পুষ্প বৃষ্টি॥
মহিষৰ সৈন্য বধ,   এহি চণ্ডিকাৰ পদ,
  ভক্তিভাবে শুনে যেই জনে।
দেবীৰ চৰণে ভক্তি,   হোৱে অন্তকালে মুক্তি,
  চণ্ডিদাস কীৰ্ত্তি চন্দ্ৰে ভণে॥

⸻⸻

তাৰিণী কৰা নিস্তাৰ
চৰণে প্ৰণাম মোৰ॥

⸻⸻

ঝুমুৰী।

পুনশ্চ মেধস মুনি।   বুলিলা ৰাজাক বাণী॥
মহিষৰ সেনাপতি।   চিকুৰ প্ৰচণ্ড আতি॥
সৈন্য বহু ভৈল ক্ষয়।   হৈলন্ত দেবীৰ জয়॥
দেখি কোপে দৈত্যবৰ।   ধাইলা পাশে চণ্ডিকাৰ।


  1. প্ৰমথ, পাৰিষদ।
[ ৪৭ ]

মেঘে যেন বৃষ্টিধাৰে।   গিৰি শৃঙ্গ ধৌত কৰে॥
সেহিৰূপে শৰ বৃষ্টি।   কৰিলা দেবীৰ প্ৰতি॥
পাছে দেবী কোপকৰি।   হাতে ধনুশৰ ধৰি॥
চিকুৰৰ শৰগণ।   কাটিলন্ত তেতিক্ষণ॥
পুনৰপি মাৰি বাণ।   লৈলা সাৰথিৰ প্ৰাণ॥
ধনু ৰথ ঘোড়া কাটি।   কৰিলা ধ্বজৰ ক্ষতি॥
দেহত অসংখ্য শৰ।   প্ৰহাৰিলা চিকুৰৰ॥
বিৰথ বিধনু হুযা।   খড়গচৰ্ম্ম হাতে লৈয়া॥
চণ্ডিকাক কোপকৰি।   ধাইলা অমৰ অৰি॥
কেশৰীৰ মস্তকত।   কৈলা তীক্ষ্ণ খড়গাঘাত॥
চণ্ডিকাৰো বাম ভুজে।   প্ৰহাৰিলা অতি তেজে॥
দেবীৰ ভুজত লাগি।   পড়িলন্ত খড়গ ভাগি॥
খড়গ ভঙ্গ হৈল দেখি।   কোপেৰক্ত ভৈলা আখি॥
তুলি লৈয়া দৈত্যশূল।   দেবীক প্ৰহাৰ কৈল॥
সূৰ্য্য হেন গগণত।   কৰে দীপ্তি শূল পাত॥
শূল খেদি আসে দেখি।   ভৈলা দুৰ্গা ৰক্ত মুখী॥
নিজ শূল শূল প্ৰতি।   প্ৰহাৰিলা ভগৱতী॥
শত খণ্ড দৈত্য শূল।   কৰি পাছে দেবী শূল॥
হিয়াত পড়িল তাৰ।   গৈল দৈত্য যমঘৰ॥
ৰণত চিকুৰাসুৰ।   নিহত দেখি চামৰ॥

[ ৪৮ ] 8•

চণ্ডিকাখ্যান। গজত আৰােহি আসে। কোপে চণ্ডিকাৰ পাশে। সেহি দুটে চণ্ডিকাক। প্রহাৰিলা শক্তি এক। হুঙ্কাৰ শবদে শক্তি। কৈলা ব্যর্থ ভগৱতী। চামৰ কোপিত আতি। হৈলা দেখি ভগ্ন শক্তি । পুনৰপি শূল এক। প্রহাৰিলা চণ্ডিকাক। দেবী শূল পাততাৰ । শৰ হানি কৈলা দূৰ । পাছে সিংহ চণ্ডিকাৰ । বাম্প দিয়া চামৰৰ । গজ কুম্ভে আৰােহণ। কৰি কৰে মহাৰণ। সিংহ সমে দেব অৰি। হু যুদ্ধ কৰি কৰি। গজহন্তে পৃথিবীত । তেতিক্ষণে ভৈলা পাত । মৃগৰাজ ঝামাৰি। দৈত্যৰ শিৰত ধৰি ॥ নখাঘাতে চামৰৰ। ক্ষণিকে ছেদিল। শিৰ। আসিল উদগ্র নামে। এক দৈত্য সি সংগ্রামে । তাঙ্ক পাছে হৰ ৰাণী । বধিলাহ। বৃক্ষহানি। কৰাল ত্রিদশ অৰি। দেখি তাঙ্ক মহেশ্বৰী । দণ্ড মুষ্টি তলা ঘাতে। বিনাশিলা ক্ষণিকতে কুপিত চণ্ডিকা আতি। উদ্ধতক কৰি দৃষ্টি। কৰি তাক গদাঘাত। কৈলা চূর্ণ সমত। ভিজিপালে বাস্কলক । শৰে তাম্র অন্ধকক। ৰণত দেবতা অৰি। বিনাশিলা সুৰেশ্বৰী। [ ৪৯ ] চণ্ডিকাখ্যান। ৪১ মহাহনু উগ্র মুখ । উগ্ৰ বীৰ্য অৰক। পঠাইলন্ত যমযৰে । দুর্গা দেবী ত্রিশূলেৰে । খড়গহানি বিড়াল। পেলাইলা ভূমিত শিৰ। শৰ ছোটে চণ্ডিকাৰ । দুৰ্দ্ধৰ দুম্মখাৰ। ক্ষণিকতে তেজি প্রাণ। যমালয়ে পাইল। স্থান। শুনা সভাসদ জন। পবিত্র চণ্ডিকাখ্যান। দুবন্ত দানব গণ। বাৰহাতে ত্যজি প্রাণ। দয়াময়ী ভগবতী। ভক্তগণে দয়া আতি! দেবতাক দয়া কৰি। বিনাশিলা দেব অৰি। পাদপদ্মে শ্রীদুর্গাৰ । কৰা সবে নমস্কাৰ । পর্ণ হৈব মনস্কাম। লােৱা মুখে দুর্গানাম । চৰণৰ তলে, তোমাৰ অসুৰ, পাইনা বাঞ্চিত ঠাই। ভুলৰি। এহিৰূপে বীৰ, দেখি নিজ সৈন্য ক্ষয়। মহিষ অসুৰে, [ ৫০ ]

আতি কোপমনে,   মহিষৰ ৰূপে
 লগাইলা দেবীক ভয়॥
প্ৰহাৰে মুখৰ,   আঘাতে খুৰাৰ,
  লাঙ্গল কৰি ক্ষেপণ।
দেবীৰ সৈন্যক,   কৰিলা চমক,
  দুৰাত্মা দৈত্য নন্দন॥
শৃঙ্গেৰে বিদাৰি,   বেগেৰে কচালি,
  কৰি শব্দ ভয়ঙ্কৰ।
নিস্বাস মাৰুতে,   ভ্ৰমণৰ বেগে,
 লগাইলা সবাৰো দৰ॥
এহিৰূপে দৈত্য,   চণ্ডিকাৰ সৈন্য,
 বলেৰে কৰি মস্থন।
দেবীৰ সিংহক,   ধাইলা মাৰিবাক,
  ভৈলা দেবী কোপ মন॥
সিটো মহাবলী,   খঙ্গত উফৰি,
 খুৰাৰে খানে ভূতল।
শৃঙ্গেবে পৰ্ব্বত,   ক্ষেপিল তথাত,
  কৰিলা আতি গৰ্জ্জন।
লৱৰত তাৰ,   ধৰণী ফাটিল,
 উঠিল পাতাল জল।

[ ৫১ ]

লাঙ্গল চাটিত,   সমুৰ্দ্ৰৰ জলে,
 ডুবালা ৰণৰ স্থল॥
জোকাৰে শিঙ্গৰ,   মহিষা সুৰৰ,
 [১] জলদ খণ্ডিত ভৈল।
নিশ্বাস বাযুত,   অনেক পৰ্ব্বত,
  সবদে খসি পৰিল |
এহিৰূপে কোপ,   কৰি দৈত্যৰাজ,
  দু ক খেদিযা যান্ত।
দুৰ্গা ভগবতী,   কৰি তাঙ্ক দৃষ্টি,
  বধতাৰ চিন্তিলন্ত॥
ধায মহাবেগে,   মহিষ অসুৰে,
 কোপে অম্বিকাক প্ৰতি।
পাছে পাশ হানি,   দৈত্যক ভবাণী,
 কৰিলা বন্ধন আতি॥
হুয়া পাশ বন্ধ,   অসুৰ প্ৰচণ্ড,
 তেজিল মহিষ ৰূপ।
ক্ষণিক কালতে,   মায়াবী অসুৰে,
 ধৰিলা কেশৰী ৰূপ॥


  1. মেঘখণ্ড খণ্ড হল।
[ ৫২ ]

সিংহৰূপ ধৰি,   দেবীক আবৰি,
 কৰন্ত মহা সমৰ।
মায়াবীৰ মায়া,   জানি মহামায়া,
  ছেদিলা মস্তক তাৰ॥
তেজি সিংহৰূপ,   মহিষ অসুৰ,
 ক্ষণিকে পুৰুষ ভৈলা।
হাতে খড়গ ধৰি,   মহা কোপ কৰি,
  দুৰ্গাক বেগে ধাইলা॥
দুৰ্গা ভগবতী,   কৰি কোপ আতি,
  প্ৰহাৰি নিশিত বাণ। [১]
খড়গচৰ্ম্ম সমে,   মায়াবী দৈত্যৰ,
 কৰিলা শিৰ শ্ছেদন॥
পুনশ্চ অসুৰে,   মহাগজ ৰূপে,
 ধাইলা বেগে দেবীক।
কৰন্ত গৰ্জ্জন,   বহু আস্ফালন,
 আক্ৰমে শুণ্ডে সিংহক॥
আকৃষ্ট সিংহক,   দেখি দানৱক,
 কৰি কোপ ভগৱতী।


  1. নিশিত বাণ, তীক্ষ্ণবাণ।
[ ৫৩ ]

খড়ঙ্গ হানি তাৰ,   ছেদিলাহা কৰ, [১]
 পড়িল শবদে হাতী।
হস্তী ৰূপ তেজি,   পাছে দৈত্যপতি,
 পুনশ্চ মহিষ ভৈল।
জগত ক্ষুভিত,   কৰি পূৰ্ব্বৱত,
 দুৰ্গাক প্ৰতি ধাইল।
জগত জননী,   চণ্ডিকা গোসানী,
 পাছে আতি কোপ কৰি।
উত্তম মদিৰা,   পুনঃ পুনঃ পীলা,
 হাসিলা পৰমেশ্বৰী।
বলত উদ্ধত,   মহিষ দুৰন্ত
  কৰন্ত ঘোৰ গৰ্জ্জন।
দুগোটা শিঙ্গেৰে,   চণ্ডিকাক প্ৰতি,
  পৰ্ব্বত কৰে ক্ষেপণ
দেবী ভগৱতী,   কৰি শৰ বৃষ্টি,
 ক্ষেপিত পৰ্ব্বত তাৰ।
ক্ষণিকে চূৰ্ণিত,   কৰি বুলিলন্ত,
 বচন আতি নিষ্ঠুৰ।


  1. কৰ, হাতীৰ শুঁড়।
[ ৫৪ ]

মূৰ্খ দৈত্যাধম,   কৰ অবধান,
 সঙ্কট জীবন তোৰ।
যাগ যজ্ঞ নাশি,   দেবতাক হিংসি,
 পড়িলি হাতত মোৰ॥
মই যতক্ষণ,   কৰো মধু পান,
 তাবত কৰ গৰ্জন।
তোৰ বধ হৈলে,   দেবতা সকলে,
 কৰিব বহু তৰ্জন॥
চণ্ডিকা গোসানী,   মহিষক বাণী,
  এহিৰূপে ব্যক্ত কৰি।
সিংহ পৃষ্ঠ হন্তে,   মহিষৰ স্কন্ধে,
  দিলা ঝম্প মহেশ্বৰী॥
দেবী বাম পদ,   মহিষ স্কন্ধত,
  থাপিলা জগত ভৰে।
হিয়াত ত্ৰিশূল,   কৰিলা প্ৰহাৰ,
  দৈত্য আটি মুটি কৰে॥
চৰণৰ ভৰে,   মহিষ অসুৰে,
 কৰিলা মুখ ব্যাদান।
অৰ্দ্ধেক পুৰুষ,   মুখ হন্তে তান,
  ভৈলা বাজ তেতিক্ষণ॥

[ ৫৫ ]

ক্ষণিকতে দেবী,   নিজ পৰাক্ৰমে,
 ৰুধিলা শকতি তাৰ।
দুৰন্ত অসুৰে,   তথাপি সমৰে,
 কৰন্ত ইচ্ছা অপাৰ॥
পাছে ভগৱতী,   দেবৰ শকতি,
 অমৰক কৰি দয়া।
তুলি মহাখড়গ,   দৈত্যৰ মস্তক,
 ছেদিলাহা মহামায়া॥
কৰে হাঁহাঁকাৰ,   সেনা মহিষৰ,
  পেখিয়া তাৰ মৰণ।
কৰে পলায়ণ,   হানি শৰগণ,
  কৰিলা দেবী ঘাতন॥
নিহত মহিষ,   ভৈল দৈত্যধ্বংশ,
 আনন্দিত দেব সব।
মহৰ্ষি সহিত,   ইন্দ্ৰাদি ত্ৰিদশ,
 দুৰ্গাক কৰিলা স্তব॥
গন্ধৰ্ব্বে গাইলা,   অপ্সৰা নাচিলা,
  বজালা বিবিধ বাদ্য।
কুসুম চন্দনে,   সবে দেবগণে,
 পূজিলা দুৰ্গাৰ পদ॥

[ ৫৬ ]

শুনা সভাসদ,   চণ্ডিকাৰ পদ,
 মহিষ অসুৰ বধ।
ইহাক শ্ৰবণ,   কৰিলে কীৰ্ত্তন,
 লভিবা সৰ্ব্ব সম্পদ॥

⸺∘:∘⸺

সৰ্ব্বদেব দেবী ৰূপা তুমি ভগৱতী।
তোমাবিনা মানবৰ নাই আন গতি॥

⸻⸻

পদ।

মেধস বদতি শুনা সুৰথ নৃপতি;
মহিষাসুৰক বধিলন্ত ভগৱতী।
আৰু তাৰ যত সেনা অছিলা তথাত
সমস্ত হইলা হত দেবীৰ কৃপাত॥
অনন্তৰে ইন্দ্ৰ আদি যত দেবগণে;
দেবীক কৰিলা স্তৰ পুলকিত মনে।
নত ভাবে জানুপাৰি হুয়া কৃতাঞ্জলি ,
ভক্তিভাবে দেবগণে আৰম্ভিলা স্তুতি॥
হে দেবি পৰমেশ্বৰী অখিল জগত;
ব্যাপি আছা তুমি নিজ শক্তিৰ বলত।

[ ৫৭ ]

সমস্ত দেবৰ শক্তি তোমাতে বিলীন;
দেব ঋষিগণে পূজে তোমাৰ চৰণ॥
কৰিলো প্ৰণাম আমি ভক্তিৰে তোমাক॥
তযু কৃপাবলে শুভ আমাৰ হউক॥
অতুল প্ৰভাব যাৰ বল অসংখ্যাত;
বিধি বিষ্ণু হৰ কৈতে নুহিকে শকত॥
সেহি চণ্ডিকাৰ মতি ভুবন পালনে;
হউক সতত যেন অসুৰ নাশনে।
লক্ষ্মীৰূপে সুকৃতীৰ গৃহত বসতি;
অলক্ষী ৰূপেৰে যাৰ পাপিষ্ঠত স্থিতি॥
বুদ্ধি ৰূপে সুবুদ্ধিৰ বাস হৃদয়ত;
শ্ৰদ্ধাৰূপে থাকে সেই সাধুৰ লগত।
কুলীন জনৰ লজ্জা তুমি ভগৱতী;
প্ৰণামোহো তব পাৱে ৰাখা এহি সৃষ্টি॥
অচিন্ত্য তোমাৰ ৰূপ বীৰ্য্য ভগৱতি;
কিৰূপে বৰ্ণাবো আমি নাহিকে শকতি।
ৰণত তোমাৰ দেবী যতেক চৰিত;
দেখি দেবাসুৰে হৈল অতি আচৰিত॥
ত্ৰিগুণ ধাৰিণী তুমি জগত কাৰণ;
[১] ছয়ঋপু দোযে নাহি কৰোহোঁ দৰ্শন।


  1. ছয়ঋপু, লোভ, মোহ, কাম, ক্ৰোধ, মদ, মৎমৰ।
[ ৫৮ ]

 নজানয় হৰি হৰ তোমাক বিধাতা;
 পৰমা প্ৰকৃতি তুমি জগতৰে মাতা॥
 আধাৰ স্বৰূপা তুমি সবে জগতৰ;
 চৰাচৰ এহি বিশ্ব অংশ যে তোমাৰ।
 যজ্ঞে আৰু পিতৃশ্ৰাদ্ধে এহিসে কাৰণে;
 স্বাহা স্বধা উচ্চাৰণ কৰে বিপ্ৰগণে।
 জিতেন্দ্ৰিয় মুনিগণে মোক্ষ বাঞ্চা কৰি;
 শুদ্ধমনে কৰে চিন্তা তোমাক আদৰি॥
 চিন্তামণি তুমি দেবী মুক্তিৰ কাৰণ;
[১]  মুমুক্ষুৰ তুমি দুৰ্গা হোৱা ব্ৰহ্মজ্ঞান।
 শব্দ ৰূপ৷ তুমি দেবী বেদৰ আধাৰ ,
 ঋক যজু সামৰূপে কৰিছা প্ৰচাৰ॥
 কৃষি বানিজ্যাদি ৰূপে জগত পালন;
 সৰ্ব্বশাস্ত্ৰ সাৰ তুমি তব ধৈৰ্য্যমতি;
 দুৰ্গম স্থানত দুৰ্গা নাম মাত্ৰ গতি
 সংসাৰ সাগৰে দেবী তুমিসে তৰণী;
 তোমাৰ প্ৰসাদে ত্ৰাণ পাৱে সৰ্ব্ব প্ৰাণ।


  1. মুমুক্ষু, মুক্তিৰ ইচ্ছুক
[ ৫৯ ]

লক্ষী ৰূপে থাকা তুমি হৃদয়ে বিষ্ণুৰ;
গৌৰী ৰূপে শঙ্কৰক কৰিছা আদৰ॥
তপত সূবৰ্ণ হেন ইষত হসিত;
তযু মুখ পদ্ম পূৰ্ণচন্দ্ৰ বিনিন্দিত।
ইহেন তোমাৰ মুখ আতি চমৎকাৰ;
দেখিয়ো ক্ৰোধান্ধ সেহি মহিষঅসুৰ॥
সহসা কৰিলা তযু প্ৰহাৰ অঙ্গত;
দেখি ইটো কথা আমি, ভৈলো আচৰিত।
ভ্ৰুকুটি ভীষন মুখ কোপত তোমাৰ;
দেখিয়ো যে তেতিক্ষণে মহিষ পামৰ।
নকৰিলা প্ৰাণ ত্যাগ অতি আচৰিত ,
দেখিলে কুপিত যম নাথাকে জীবিত॥
জগতৰ শুভ হেতু উদ্ভব তোমাৰ;
কোপ যুক্তা হৈলে তুমি বিনাশ সবাৰ।
প্ৰমাণ ইহাৰ আমি পাইলো সাক্ষাত;
বিপুল মহিষ সৈন্য কৰিলা নিপাত॥
সুপ্ৰসন্না হুয়া দেবী আমাসাক প্ৰতি;
ভয়ঙ্কৰ দানৱক বধিলা অম্প্ৰতি।
দেশৰ মধ্যত সেহি জন মান্যৱন্ত;
ধাৰ্ম্মিক যশস্বী আৰু সেহি ধনৱন্ত॥

[ ৬০ ]

ধন্যতাৰ পুত্ৰ ভাৰ্য্যা দাস দাসী কন্যা;
বাঞ্চিত ফলদা তুমি যাহাতে প্ৰসন্না।
তোমাৰ কৃপাত দেবি পুন্যঅন্ত জনে;
সৰ্ব্ব ধৰ্ম্ম কৃত্য সদা কৰে তুষ্ট মনে॥
সেহি ফলে হোৱে তাৰ স্বৰ্গত বসতি;
তিনিও লোকত তুমি হোৱা ফল দাত্ৰী।
কৰ্ম্মে কৰ্ম্মফল দিয়ে স্বৰূপে অসত্য;
তুমি কৰ্ম্ম ৰূপা কৰ্ম্ম ফল দিয়া সত্য॥
সুমৰে তোমাক যদি সঙ্কট কালত;
তাৰ ভয় নিবাৰণ কৰাহা নিতান্ত।
ভয়হীন নৰে যদি কৰয় স্মৰণ;
তাক তুমি তত্ব জ্ঞান কৰাহা প্ৰদাণ॥
দৰিদ্ৰৰ ক্লেশ নাশা ভয়াৰ্ত্তৰ ভীতি;
সদা স্নেহ চিন্তা তুমি প্ৰাণী গণ প্ৰতি।
এহি দুষ্ট দৈত্য যত হইলে নিহত ,
জগতৰ সুখ শান্তি ভাবিলা মনত॥
কিন্তু দুৰাচাৰ পাপী যতেক অসুৰ;
নৰকে সবাৰ গতি বিদিত তোমাৰ।
ৰণে হত হয়া সবে যাউক স্বৰ্গত;
হেন ভাবি দৈত্য কুল কৰিলা নিপাত॥

[ ৬১ ]

দৃষ্টি মাত্ৰ ভগৱতি যতেক অসুৰ;
কৰিব যে পাৰে ভস্ম বিদিত আমাৰ।
তথাপি নকৰি তাঙ্ক প্ৰহাৰিলে শৰ;
শৰাঘাতে পাপ নষ্ট ভৈলন্ত দৈত্যৰ।৷
পাপ তনু তেজি সবে পশিলা স্বৰ্গত ,
মহা অনুগ্ৰহ তব দুৰন্ত শত্ৰুত।
তযুদীপ্তি মান খড়্গ নিশিত ত্ৰিশূল;
দেখিয়ো নভৈল নষ্ট নয়ন দৈত্যৰ।৷
ৰশ্মি মান চন্দ্ৰ হেন তব সুধানন,
প্ৰত্যক্ষে কৰিলা দৃষ্টি যত দৈত্যগণ।
দুষ্টক দমন কৰা স্বভাব তোমাৰ;
তযু ৰূপ নোহে তুল্য লগত অন্যৰ।৷
নোৱাৰো বৰ্ণাব বল দেবগণ এন্ত;
তাদৃশ দৈত্যকো তুমি কৰিলা বিনষ্ট।
বৈৰিকো কৰিলা দয়া বিনাশি ৰণত;
অচিন্ত্য মহিমা তব অতি আচৰিত।৷
কিহেৰে উপমা হৈব বিক্ৰম তোমাৰ;
ক্ষণি কতে সংহৰিলা যতেক অসুৰ।
মনোহৰ ৰূপ তযু কিন্তু ভয়ঙ্কৰ;
কতোদৈত্যে ৰূপ দেখি ত্যজিলা শৰীৰ।৷

[ ৬২ ]

যুদ্ধত নিষ্ঠুৰ ভাব কৃপাঅন্তৰত;
ত্ৰিভুবন মাজে নাই দেখিলো তোমাতে।
দেৱৰ পৰম অৰি মহিষা সুৰক;
বিনাশি কৰিলা ৰক্ষা দেবি জগতক।৷
শত্ৰুকো কৰিলা দয়া বধি সমৰত;
অনায়াসে দৈত্যগণ পশিলা স্বৰ্গত।
আমাকো উন্মত্ত দৈত্য ভয়হন্তে ত্ৰাণ;
কৰিলা চৰণে তযু কৰোহো প্ৰণাম।৷
শূলেৰে ৰাখিবা দেবি আমক সততে;
ৰাখিবা অম্বিকা দেবি খড়্গেৰে সঙ্কটে।
ঘন্টা ধনুৰ্গুণ শব্দে আমাক সৰ্ব্বদা;
ৰাখিবা পৰমেশ্বৰি তুমি অভয়দা।৷
ত্ৰিশূল ঘূৰাই দেবি আমাক পুবত;
ৰাথা পশ্চিমত আৰু কুবেৰ যাম্যত। (৩)
তিনিয়ো লোকত দেবি যত সৌম্যৰূপ;
আৰু যত ঘোৰ ৰূপ আছয় তোমাৰ।৷
সেহি সেহি রূপে মাৱ এহি পৃথিবীক;
ৰক্ষা কৰা জগদ্ধাত্ৰি আৰু দেৱতাক।
_____ _____ _______ ________
(৩) কুবেৰ যাম্য, উত্তৰ দক্ষিন।

[ ৬৩ ]

খড়্গ শূল গদা আদি অস্ত্ৰ সমবলে;
কৰিয়ো আমাক ৰক্ষা দেবি সৰ্ব্বকালে।৷
দেবীৰ অচিন্ত্য ৰূপ অপাৰ মহিমা;
ব্ৰহ্মা বিষ্ণু মহেশ্বৰে নপাৱয় সীমা।
কৃপাময়ী ভগৱতী বাঞ্চা ফলদাত্ৰী;
সৰ্ব্ব দুঃখ নিবাৰিণী অগতিৰ গতি।৷
সংসাৰৰ মোহ পাশ ছেদিবাক মনে;
হইলো শৰণা গত দেবীৰ চৰণে।৷

⸺⸺⸺

ইঘোৰ সংসাৰ, দেখি লাগে দৰ,
 মোক দেবি কৰা ত্ৰাণ।৷

⸺:*:⸺

দুলড়ি।

মেধস বদতি, এহি ৰূপে স্তুতি,
 কৰি অমৰ গণে।
নন্দন বনৰ, আনি পুষ্পচয়,
 অৰ্পিলা দেবী চৰণে॥
মলয চন্দন, অঙ্গত লেপন,
 কৰি দিব্য ধুপ দান।

(৬)

[ ৬৪ ]

সমস্ত ত্ৰিদশে,  আতি ভক্তিভাৱে,
  দুৰ্গাক কৈলা প্ৰণাম।৷
স্তুতি নতি ভক্তি,  দেখি ভগৱতী,
  ইন্দ্ৰ আদি দেৱতাৰ।
হৈয় সুপ্ৰসন্না,  বুলিলা অম্বিকা,
  বচন আতি মধুৰ।৷
স্তুতিত সন্তোষ,  সবে দেৱতাৰ,
  ভৈলো মই দেৱগণ।
লোৱা সবে বৰ,  ইচ্ছা যোহি যাৰ,
  কৰোহোঁ ইচ্ছা পূৰণ।৷
দেবীৰ বচন,  শুনি দেৱগণ,
  পৰম হৰিষ মনে।
কৰি কৰযোড়,  বুলিলা বচন,
  প্ৰণামি দেবী চৰণে॥
দেবী ভগৱতী,  আমাৰ অৰাতি,
  দুৰন্ত মহিষা সুৰ।
বিনাশি তাহাক,  ৰাখিলা আমাক,
  আৰু কিবা আছে বৰ ৷৷
______ _____________ ________
(৪) অৰাতি শত্ৰু।

[ ৬৫ ]

দেবি মহেশ্বৰি,  যদি দয়া কৰি,
  দিবাহা আমাক বৰ।
সুমৰিলে যেন,  বিপদ কালত,
  কৰিবা ৰক্ষা আমাৰ৷৷
যদি কোনো নৰে,  আমাৰ স্তুতিৰে,
  তোমাক কৰে স্তবন।
তাৰ ধন জন,  ভাৰ্য্যাপুত্ৰ গণ,
  সম্পদ হৌক বৰ্দ্ধন৷৷
এহি মাত্ৰ বৰ,  সমীপে তোমাৰ,
  প্ৰাৰ্থনা দেবি আমাৰ।
কৰা অনুগ্ৰহ,  জগতৰ মাৱ,
  প্ৰণাম পাৱে তোমাৰ৷৷
দেৱতা সকলে,  জগত হিতাৰ্থ,
  দেবীক কৰিলা তুষ্ট।
কৰি আতি দয়া,  তথাস্তু” বুলিয়া, (৫)
  ভৈলা দেবী অন্তৰ্হিত৷৷
তেজে দেৱতাৰ,  উৎপত্তি দেবীৰ,
  ত্ৰৈলোক্যৰ ভাবিহিত।
_____________________________________
(৫) তথাস্তু, সেয়ে হউক।

[ ৬৬ ]

নৃপতি তোমাৰ,  আগত প্ৰচাৰ,
  কৰিলো কথা সমস্ত৷৷
গৌৰ দেহ ধৰি,  জগত ঈশ্বৰী,
  পুনশ্চ অসুৰ নাশ।
কৰিলা যিৰূপে,  ত্ৰৈলোক্য ৰক্ষাৰ্থ,
  তোমাত কৰো প্ৰকাশ।
দেবী দয়াময়ী,  দানৱ নাশিনী,
  দেৱতাৰ হিতৈষিণী।
দুৰন্ত দানৱ,  কৰিলা নিহত,
  নমো নমো নাৰায়ণি৷৷
শুনা সবে নৰ,  মহিষা সুৰৰ,
  বধে ইটো দেৱস্তুতি।
ৰোগ শোক তাপ,  দূৰ হয় পাপ,
  অন্তে দুৰ্গা পদে গতি৷৷
অসাৰ সংসাৰ,  শোক মাত্ৰ সাৰ,
  জানাহা সমস্ত জনে।
ত্যজি আন কাম,  সবে দুৰ্গা নাম,
  লোৱা কীৰ্ত্তি চন্দ্ৰে ভনে৷৷

⸻০⸻

[ ৬৭ ]

ৰাখা ৰাখা মহা দেবি ইবোৰ সঙ্কটে।
জগতৰ মূল তুমি আশ্ৰয় তোমাতে॥

⸻০⸻


পদ।

মেধস বোলন্ত শুনা ৰাজা মহামতি।
পুনশ্চ দেবীৰ কথা কহিবো সম্প্ৰতি॥
পূৰ্ব্বে ত্ৰেতা যুগে শুম্ভ নিশুম্ভ নামত।
মহা বলৱন্ত দৈত্য আছিল দুগোট॥
আছিল জগতে যত দানৱ অসুৰ।
সমস্তৰে অধি পতি শুম্ভ মহাসুৰ॥
নিশুম্ভ তাহান ভাতৃ প্ৰচণ্ড বিক্ৰম।
যুবৰাজ ভৈল সেহি পৰম দুৰ্জন॥
চণ্ড মুণ্ড ৰক্ত বীজ আদি দৈত্যগণ।
সেনা পতি হৈলা সবে পৰম দাৰুণ॥
দৈত্য সেনা সমে শুম্ভ নিশুম্ভ দানৱ।
পৃথিবীৰ যত ৰাজা কৈলা পৰাভৱ॥
মদ গৰ্ব্বে বাহু বলে পৰাজি ইন্দ্ৰক।
স্বৰ্গ কাঢ়ি লৈলা আৰু লৈলা জজ্ঞভাগ॥
চন্দ্ৰ সূৰ্য্য বায়ু অগ্নি কুবেৰ যমৰ।
আৰু বৰুণৰ কৰ্ম্ম কৰিলা পহাৰ॥

[ ৬৮ ]

দেৱৰ সৰ্ব্বস্ব হৰি ঘোৰ দৈত্য দুই।
পৃথিবীত ত্ৰৈলোক্যৰ ৰাজত্ব কৰই॥
অনন্তৰে পৰা জিত যতেক অমৰ।
স্বৰ্গ ভ্ৰষ্ট হুয়া কৰে উপাসা দুৰ্গাৰ॥
পূৰ্ব্বে দুৰ্গা মাৱে কৰি আছে অঙ্গিকাৰ।
বিপদত ত্ৰিদশক কৰিব উদ্ধাৰ॥
এহিসে বিপদ কাল আমাৰ নিশ্চয়।
এতেকে স্মৰণ কৰা দেবীক যুৱাই॥
এহি ৰূপে দেৱ গণে কৰি আলোচন।
হিমালয় প্ৰতি সবে কৰিলা গমন॥
মন্দাকিনী তীৰে বসি দেৱতা যতেক।
শুদ্ধ ভাৱে কৈলা স্তুতি দেবী অম্বিকাক॥

⸻০⸻

ছবি।

দেবগণ নিগদতি,  নমো নমো ভগৱতি,
  তুমি দেবি মঙ্গল কাৰিণী।
ইন্দ্ৰিযৰ অধিষ্ঠাত্ৰী,  তুমি দেবী সৃষ্টিকৰ্ত্তি,
  তুমি স্থিতি পালন কাৰিণী॥

[ ৬৯ ]

তুমি চন্দ্ৰ তুমি সূৰ্য্য,  তুমি অগ্নিৰ ডৈশ্বৰ্য্য,
  তুমি দেবী জগত প্ৰকৃতি।
সনাতনী ভয়ঙ্কৰী,  জ্যোৎস্না ৰূপা তুমি গৌৰী,
  নমো দেবী জগত ধৰিত্ৰী॥
সুখৰূপা বৃদ্ধিৰূপা,  মহেশ্বৰী লক্ষীৰূপা,
  তুমি দেবী সমস্ত ৰাজাৰ।
অলক্ষী সিদ্ধি স্বৰূপা,  তুমি দেবী দুৰবোধা,
  চিন্তাতীতা প্ৰাকৃত জনৰ॥
প্ৰণতক ত্ৰাণ কৰ্ত্ৰী,  তুমি সৰ্ব্বজন মাতৃ,
  শ্ৰেষ্ঠদ্ৰব্য প্ৰতিষ্ঠা ৰূপিণী।
কৃষ্ণা আৰু ধূম্ৰবৰ্ণা,  অতি সৌম্যা অতি ৰৌদ্ৰা,
  তুমি দেবী জগত পালিনী॥
নমোদেব মুৰ্ত্তিৰূপা,  নমো দেবী ক্ৰিয়াৰূপা,
  পুনঃ পুনঃ নমোহো তোমাক।
যেই দেবী সৰ্ব্বভূতে,  আছে মহামায়া ৰূপে,
  নমো নমো পুনঃ নমো তাক॥
দেবী যেই সমস্তৰ,  প্ৰাণীৰ চেতনা ৰূপ,
  নমো নমো পুনশ্চ তাহাক।
যেই দেবী সৰ্ব্বভূতে,  বুদ্ধি নিদ্ৰা ৰূপে আছে,
  নমো নমো পুনৰপি তাক॥

[ ৭০ ]

ক্ষুধা তৃষ্ণা ছায়াঁ ক্ষান্তি,  শক্তি জাতি লজ্জা শান্তি,
  ৰূপে যেই আছয় প্ৰাণীত।
সি দেবীক প্ৰণিপাত,   কৰো আমি অসংখ্যাত,
  হৌক সিদ্ধি আমাৰ অভীষ্ট॥
যেই দেবী সৰ্ব্বভূতে,   শ্ৰদ্ধাকান্তি লক্ষ্মী ৰূপে,
  আৰু বৃত্তি ৰূপে অবস্থিতি।
সি দেবীক নমস্কাৰ,   কৰো আমি বাৰম্বাৰ,
  বাঞ্চা সিদ্ধি হউক সম্প্ৰতি॥
স্মৃতি দয়া তুষ্টি ৰূপে,  আছে যেই সৰ্ব্বভূতে,
  আৰু মাতৃৰূপে অবস্থিতি।
সি দেবীক প্ৰণিপাত,  কৰো আমি শত শত,
  পুনৰপি অসংখ্য প্ৰণতি॥
সমস্ত প্ৰাণীৰ দেহে,   যেই দেবী ভ্ৰান্তি ৰূপে,
  কৰিছে বিৰাজ নিৰন্তৰ।
ভ্ৰান্তিৰূপা জননীক,   কৰো পুনঃ প্ৰণিপাত,
  বাঞ্চা সিদ্ধি কৰোক আমাৰ॥
দশোন্দ্ৰিয় পঞ্চভূত,  যি দেবীৰ বশীভূত,
  যেই দেবী চিত্তৰ ঈশ্বৰী।
কৰো আমি নমস্কাৰ,  দণ্ডৱতে পুনৰ্ব্বাৰ,
  কাৰ্য্যসিদ্ধি কৰা মহেশ্বৰি॥

[ ৭১ ]

অখিল জগত ব্যাপি,  জীব ৰূপে যেই দেবী,
  প্ৰকাশিছে সমস্ত প্ৰাণীত।
সিদেবীক নমস্কাৰ,  কৰো আমি বাৰম্বাৰ,
  দেবী ময় সকল জগত॥
কৰিলন্ত যাক স্তুতি,  পূৰ্ব্বে দেৱগণে আতি,
  প্ৰত্যহ পূজিছে পুৰন্দৰে।
আমি দৈত্য ভয়ে ভীত,  হুয়া ভক্তি অৱনত,
  কৰিছোহোঁ যাক নমস্কাৰ॥
স্মৰণ মাত্ৰকে যাৰ,  সমস্ত বিপদ দুৰ,
  হুয়া লোকে পাৱে শুভ ফল।
সেহি তুমি শুভ দাত্ৰী,  ঈশ্বৰী আপদহন্ত্ৰী,
  কৰাহা আমাৰ সুমঙ্গল॥
দেবগণ কৃতস্তব,  পৰম পবিত্ৰ শুভ,
  এক মনে যদি শুনে নৰে।
বাঢ়য় ঐশ্বৰ্য্য তাৰ,  হোৱে শত্ৰু পৰাজয়,
  অন্তে স্থান কৈলাস নগৰে॥

________

[ ৭২ ]

কোমল হৃদয় দুৰ্গা কৃপাৰ সাগৰী,
অমৰক দিলা দেখা বচনে মধুৰী॥

⸻:০:⸻

পদ।

মেধস বদতি নৃপ এহিৰূপে স্তুতি।
কৰিলন্ত দেবগণে হৈয়া একমতি॥
নাৰী বেশে সিসময়ে দুৰ্গা ভগৱতী।
গঙ্গা স্নান ছলে আসি ভৈলা উপস্থিতি॥
জিজ্ঞাসিলা দুৰ্গা দেবী দেৱতা সবক।
বসি তোমা সবে স্তুতি কৰিছাহাঁ কাক॥
তেতিক্ষণে দুৰ্গা দেহ হন্তে বাজ হুয়া।
বুলিলন্ত একশক্তি ঈষত হাসিয়া॥
শুম্ভ নিশুম্ভৰ ৰণে হুয়া পৰাজিত।
কন্ত আমাৰ স্তব দেৱতা সমস্ত॥
যেই দেবী দেহ কোষ হস্তে পাৰ্ব্বতীৰ।
উপজিলা হৈলা নাম কৌশিকী তাহাৰ॥
কৌশিকী উদ্ভব মাত্ৰ দুৰ্গা ভগৱতী।
কৃষ্ণ বৰ্ণা হৈলা হিমালয়ে কৈলাস্থিতি॥
কোষে উতপতি হেতু কৌশিকী বিখ্যাত।
কৃষ্ণ বৰ্ণা হেতু কালী জগতে বিদিত॥

[ ৭৩ ]

মনোহৰ ৰূপে হিমালয়ত অম্বিকা।
আছে জগতক মুহি সহিত কালিকা॥
চণ্ড মুণ্ড নামে শুম্ভ নিশুম্ভৰ দূত।
দেখিলন্ত একদিন দেবীক তথাত॥
দুই দূতে দেখি পাছে শুম্ভৰ আগত।
নিবেদিলা কৰযোড়ে সমজ্যা মাজত॥
মহাৰাজ অবধান কৰোক সম্প্ৰতি।
দেখিলোহোঁ হিমাচলে নাৰী ৰূপৱতী॥
প্ৰকাশিছে হিমালয় সৌন্দৰ্য্যে তাহাৰ।
তেনে ৰূপবতী নাই জগত ভিতৰ॥
এনে মনোহৰ ৰূপ নয়ন গোচৰ।
কেন জনে কৰানাই জানিবা নিশ্চয়॥
জানিবাক লাগে এহি কোন ৰূপৱতী।
কৰিযো গ্ৰহণ তাঙ্ক ত্ৰিভুবন পতি॥
দশদিশ প্ৰকাশন্ত দেহৰ জেউতি।
সুকোমল অঙ্গ তাৰ মনোহৰ আতি॥
হিমালয়ে আছে বসি মধুৰ হাসিনী।
উচিত দৰ্শন তব ভুবন মোহিনী॥
ত্ৰিভুবনে আছে যত হীৰা মৰকত।
মানিক্য গোমেদ আৰু গজ বাজী যত॥

[ ৭৪ ]

 সমস্ত ৰতণে তব শােভিছে আলয়।
 বিভূতিৰ দৈত্যেশ্বৰ সীমা সংখ্যা নায়॥
 পুৰন্দৰ হন্তে গজ ৰত্ন ঐৰাৱত।
(১) উচ্চৈঃশ্রবা তুৰঙ্গম বৃক্ষ পাৰিজাত॥
 লভিলা ত্ৰিতয় ৰত্ন বাহৰ বলত।
 তােমাৰ সমান কোন আছে জগতত॥
 হংস যুক্ত বিধাতাৰ বিচিত্র বিমান।
(২) আনি চত্বৰত তুমি কৰিলা স্থাপন॥
 মহা পদ্ম নামে নিধি জিনি কুবেৰক ।
 আনিলাহা মহাৰাজ কিকহিবাে তাক॥
 অম্লান পঙ্কজ মালা তােমাক সাগৰে।
 কিঞ্জল্কিনি নাম তাৰ দিলন্ত আদৰে॥
 কৰে যেই স্বর্ণ বৃষ্টি ছত্র বিতােপন।
 বৰুণক জিনি তুমি কৰিলা গ্রহণ॥
 এহিৰথবৰ পূৰ্ব্বে আছিল বিধিৰ। (৩)
 দেখা তযু গৃহে শােভে বিক্রমে তােমাৰ॥


[ ৭৫ ]

উৎক্ৰান্তিদা নামে, শক্তি যমৰ পূৰ্ব্বত।
তান হন্তে গৃহে তযু কৰিছে দীপিত॥
নিশুম্ভৰ হাতে আজি পাশ বৰুণৰ।
শোভিছে যতেক ৰত্ন আৰু সমুদ্ৰৰ॥
অনলেও মহাৰাজ অদাহ্য বসন।
যুগল তোমাক দিয়া কৰিলা সম্মান॥
এহি ৰূপে দৈত্যেশ্বৰ বিবিধ ৰতন।
অখিল জগত হন্তে কৰিলা হৰণ॥
ৰূপৱতী সেহিনাৰী ৰমণী ৰতন।
কিকাৰণে তাক ৰাজা নকৰা গ্ৰহণ॥
চণ্ড মুণ্ড মুখে বাণী শুনি দৈত্যেশ্বৰ।
দূতে ৰূপে সুগ্ৰীবক সমীপে দেবীৰ॥
পঠাইলা ৰূপে মুগ্ধ হুয়া অম্বিকাৰ।
নজানিলা মুখে সুধা গৰল অন্তৰ॥
তাত গৈয়া মৃদুভাষে বচন আমাৰ।
জনাবা দেৰীক যেন কৰে অঙ্গিকাৰ॥
যি ৰূপে সম্প্ৰীতে মোক কৰয় বৰণ।
অম্বিকা কৰিবা তুমি তাহাৰ যতন॥
দৈত্যেন্দ্ৰৰ শুনি বাণী সুগ্ৰীব অসুৰ।
হিমালয় প্ৰতি পাছে ভৈলা অগ্ৰসৰ॥

(৭)

[ ৭৬ ]

মনেহৰ গিৰিশৃঙ্গে দেবী মহেশ্বৰী।
দেখিলন্ত বসি আছে পৰমা সুন্দৰী॥
দেৰীৰ সমীপ চাপি দূত দৈত্যেন্দ্ৰৰ।
বুলিলা দেবীক বাণী ললিত মধুৰ॥
দেবি দৈত্যেশ্বৰ শুম্ভ জগত ঈশ্বৰ।
পঠাইলাহা মোক সেহি সমীপে তোমাৰ॥
অখণ্ডিত অজ্ঞাযাৰ অখিল স্বৰ্গত।
জিলিল যতেক দেৱ যেই সমৰত॥
মহা পৰাক্ৰমী শুম্ভ ত্ৰিভুবন পতি।
যি কাৰণে পঠাইলা শুনিয়ো সম্প্ৰতি॥
এহি মোৰ ত্ৰিভুবণ আৰু দেৱগণ।
বশপূৰ্ত্তি যজ্ঞভাগ কৰোহোঁ গ্ৰহণ॥
আছয় যতেক শ্ৰেষ্ঠ ৰত্ন ত্ৰৈলোক্যত।
ঐৰাৱত অদি কৰি মোৰ বশীভূত॥
উচ্চৈঃশ্ৰবা নামে ঘোড়া ইন্দ্ৰৰ বাহন।
দেবগণে আনি মোক কৰিলা অৰ্পণ॥
দেবলোকে নাপলোকে গন্ধৰ্ব্ব পুৰীত।
আছয় যতেক মহা মূল্য দিব্য ৰত্ন॥
সমস্ত ৰতনে মোৰ শোভিছে ভবন।
নাহিকে ৰতন ক্ৰটি আমাৰ সদন॥

[ ৭৭ ]

তুমি নাৰী ৰত্ন বুলি জগতে প্ৰখ্যাত।
শুনি মোৰ হৈল চিত্ত তোমাতে আশক্ত॥
অসিযো সুন্দৰি গৃহে মোক কৃপা কৰি।
সমস্ত ৰতনে আমি আছো অধিকাৰী॥
ৰতন স্বৰূপা তুমি খঞ্জন নয়নি।
যুগুত তোমাৰ হোৱা মোৰ পাটৰাণী॥
নতুবা অণুজ মোৰ মহাপৰাক্ৰমী।
নিশুম্ভক ভজি হোৱা পৰম সুখিনী॥
পৰম সম্পদ মোক ভজিলে তোমাৰ।
হৈবন্ত সুমুখি তুমি কৰাহা স্বীকাৰ॥
যাৰহন্তে চৰাচৰ স্থাবৰ জঙ্গম।
উতপতি কৰে তাক দৈত্যে প্ৰলোভণ॥
দেবীৰ মায়াত মুগ্ধ দুৰন্ত অসুৰ।
সৌন্দৰ্য্যৰ কথা শুনি হইলা অস্থিৰ॥
দেবী কৃপা ভিন্ন মোহ নোহে নিবাৰণ।
তাক জানি দেবী পদে লইও শৰণ॥

⸻০⸻

[ ৭৮ ]

মনোহৰ মূৰ্ত্তি,  ধৰি ভগৱতী,
  মুহিলা অসুৰ মন॥

⸻*:*⸻

দুলড়ি।

মেধস বদতি,   শুনি ভগৱতী,
  দূতৰ বিচিত্ৰ বাণী।
হাঁসি মনে মনে,  গম্ভীৰ বচনে,
  বুলিলা তাক গোসাণী॥
ত্ৰৈলোক্য ঈশ্বৰ,   শুম্ভ মহসুৰ,
  নিশুম্ভও তান সম।
স্বৰূপতে সত্য,   তোমাৰ বচন,
  নহয় মিথ্যা ভাষণ॥
কিন্তু অল্পমতি,  হেতু পূৰ্ব্বে মই,
  কৰিলোঁ এক প্ৰতিজ্ঞা।
তাহাৰ অন্যথা,   কৰো কিনো ৰূপে,
  শুনি মোক কৰা আজ্ঞা॥
ৰণত আমাক,  জিজনে জিনিব,
  কৰিবন্ত দৰ্পচূৰ।
বলত সমান,  হৈব যেই মোৰ,
  সেহিসে স্বামী আমাৰ॥

[ ৭৯ ]

আমাৰ প্রতিজ্ঞা,  সম্প্রতি শুনিলা,
  যােৱা এবে দৈত্যস্থানে।
শুম্ভ বা নিশুম্ভ,  লৱৰি আহােক,
  দেখাওক বিক্ৰমৰণে॥
যদি মােকৰণে,  শুম্ভে বা নিশুম্ভে,
  কৰে বাহু বলে জয়।
অচিৰে গ্রহণ,  কৰিয়া আমাক,
  নিবন্ত নিজ আলয়॥
অম্বিকাৰ বাণী,  দৈত্য দূতে শুনি,
  বুলিলা সকোপে তাত ।
তুমি দেবী নাৰী,  বলহীন আতি,
  কৰিছা গৰ্ব্ব মুখত॥
নকৰিবা দর্প,  আগত আমাৰ,
  অচিৰে পাবা প্রমাণ।
ত্রিভুবন মাজে,   শুম্ভ নিশুম্ভৰ,
  হৈব অগ্র কোন জন॥
শুম্ভ নিশুম্ভৰ,  কথাকে নকওঁ,
  আন আন দৈত্য সমে।
সমুখ সংগ্রামে,  যত দেবগণে,
  তিষ্ঠিব নােৱাৰে ৰণে॥ (৪)



(৪) তিষ্ঠিব, স্থিতি হব।

[ ৮০ ]

দুর্ব্বলা ৰমণী,  তুমি একাকিনী,
  মহা বল দৈত্য সেনা।
নােৱাৰা তিষ্ঠিব,   কহিলাে স্বৰূপে,
  এড়িয়ো যুদ্ধ বাসনা॥
ইন্দ্রাদি অমৰ,  সংগ্রামে যাহাৰ,
  বাৰম্বাৰ পৰাজিত।
সেহি শুম্ভাদিৰ,   আগত কিৰূপে,
  হৈবা তুমি উপস্থিত॥
স্বৰূপতে কহোঁ,  শুনাহে সুন্দৰি,
  ৰাখিয়ো মােৰ বচন।
শুম্ভ নিশুম্ভৰ,  সমীপে তােমাৰ,
  উচিত কৰা গমন॥
নোহে সাধাৰণ,  মহাবল বান,
  নিশুম্ভ শুম্ভ দানৱ।
কেশে ধৰি নিলে,  অৱশ্য তােমাৰ,
  হৈবন্ত নষ্ট গৌৰব॥
শুনি দূত বাণী,  বুলিলা গােসাণী,
  সত্য সত্য তযু বাণী ,
শুম্ভ দৈত্যপতি,   বলবন্ত আতি,
  নিশুম্ভও পৰাক্ৰমী॥

[ ৮১ ]

নাভাবিপূৰ্ব্বত,   প্ৰতিজ্ঞা পাশত,
 হৈলো বন্ধ নিজ দোষে।
নাহিকে উপায়,   বিনা যুদ্ধে তাৰ,
  ভাগ্যত যি আছে শেসে॥
দৈতেন্দ্ৰ সমীপে,   কৰাহা প্ৰস্থান,
  নিবেদা মোৰ বচন।
দৈত্য কুল পতি,   উচিত যিহয়,
  কৰোক তাৰ বিধান॥
দেবীৰ চৰিত্ৰ,   পৰম পবিত্ৰ,
  সুধা হেন লাগে কাণে।
ত্যজি আন কাম,   বোলা দুৰ্গানাম,
  দ্বিজ কীৰ্ত্তি চন্দ্ৰে ভণে॥

⸻⸻

কৃপা কৰা কাত্যায়ণী ব্ৰহ্মাণ্ড মোহিনী।
মোহ পাশে বদ্ধজীব উদ্ধাৰা আপুনি।

⸻⸻

পদ।

মেসধ বদতি শুনা সুৰথ ৰাজন।
শুম্ভ নিশুম্ভৰ কথা কৰোহোঁ বৰ্ণন॥

[ ৮২ ]

দেবীৰ বচন শুনি হুয়া ক্রুদ্ধ দূত।
নিবেদিলা সাবশেষে শুম্ভৰ আগত॥
শুনি শুম্ভ দৈত্যেশ্বৰ দূতৰ বচন।
কোপে ধূম্রলোচনক কৰিলা আহ্বান॥
নিজ সৈন্য লৈয়া তুমি যােৱা শীঘ্রগতি।
গর্ব্বিতাক ধৰি কেশে আনাহা সম্প্রতি॥
যদিবাও থাকে কোন ৰক্ষক কন্যাৰ।
যক্ষ বা গন্ধৰ্ব্বৰক্ষ অথবা অমৰ॥
তাঙ্ক প্রতি কোনাে তুমি নকৰিবা দৰ।
বধিবা তাহাক প্রাণে হানি তীক্ষ্ণশৰ॥
ৰাজাৰ আদেশ পাই সি ধূম্রলােচন।
অসংখ্যাত সৈন্য সমে কৰিলা গমন॥
দেখিলন্ত আছে বসি পৰমা সুন্দৰী।
হাস্যমুখে হিমালয়ে ৰূপে মুদ্ধকৰি॥
দেখি দৈত্যে মহাগর্ব্বে বুলিলা বচন।
চলা এবে শীঘ্রগতি দৈত্যেন্দ্র ভবন॥
যদি তুমি প্রীতি মতে নাযাইবা তথাত।
বলেৰে কেশত ধৰি নিবো মই তাত॥
গর্ব্বিত দৈত্যৰ বাণী শুনি ভগবতী।
উচিত উত্তৰ পাছে কৰিলা পার্ব্বতী॥

[ ৮৩ ]

সৈন্য সহ বলবন্ত দৈত্যেন্দ্ৰে তোমাক।
পঠাইলাহা বলক্ৰমে নিয়াহা আমাক॥
নিৰাশ্ৰয়া বলহীন কেবল ৰমণী।
বলে ধৰি নিলে তোক কিকৰিবো আমি॥
দেবী বাক্য সমাপনে সিধূম্ৰ লোচনে।
অম্বিকাক প্ৰতি ধাইলা আতি কোপমনে॥
জগত জননী দেবী ধুম্ৰ লোচনক।
হঙ্কাৰ শবদে ক্ষণে ভস্ম কৰিলেক॥
পাছে যত দৈত্যসেনা আতিকোপ কৰি।
বৰষিলা তীক্ষ্ণ বান হাতে ধনু ধৰি॥
কতো দৈত্য দেবীপ্ৰতি শক্তিপ্ৰহাৰয়।
কতোবা পৰশু শূল দেৱীক হানয়॥
শক্তিৰ পৰমা শক্তি দেবী ভগৱতী।
লীলাতে সবাৰ অস্ত্ৰ কৰিলা নিবৃত্তি॥
দেবীৰ বাহন আতি কুপিত কেশৰী।
জোকাৰি কেশৰ জাল মহানাদ কৰি॥
লাম্ফ দিয়া অশুৰৰ সেনাৰ মাজত।
মহা বেগে পড়িলন্ত কম্পাই জগত॥
সৈন্য মাজে পশি দেবী বাহন কেশৰী।
নখাযাতে দন্তাবাতে বধিলা দেবাৰি॥

[ ৮৪ ]

আক্ৰমণে কতো দৈত্য ত্যজিলা পৰাণ।
কতোৰ বিদাৰি পেত বিনাশিলা প্ৰাণ॥
চাপৰ মাৰিয়া কাৰো ছেদিলা মস্তক।
বাহু শিৰ ছেদি কাৰো শোধাইল যমক॥
উদৰ বিদাৰি কাৰো কৰোষ্ণ [১] ৰুধিৰ।
পৰম হৰিষে পীলা কম্পাই কেশৰ॥
এহিৰূপে ক্ষনিকতে দেবীৰ বাহন।
মহাকেপে সংহৰিল দৈত্য সেনাগণ॥
অবশিষ্ট সৈন্যগণ ভয়ত অস্থিৰ।
পলাইলন্ত প্ৰাণ লৈয়া সমীপে শুম্ভৰ॥
ধূম্ৰ লোচনক দেবী কৰিলা নিহত।
অন্য যত সৈন্য সিংহে কৰিলা নিপাত॥
এহি বাৰ্ত্তা দৈত্য পতি শুম্ভ মহাসুৰ।
দূত মুখে শুনি কোপে কম্পিল শৰীৰ॥
ক্ৰোধেৰক্ত ভৈল মুখ কম্পিত অধৰ।
চণ্ড মুণ্ড অসুৰক মাতিল সত্বৰ॥
চণ্ড মুণ্ড হই ভাই শুনা মোৰবাণী।
বহু সৈন্য লৈয়া শীঘ্ৰে আনাহা ৰমণী॥


  1. কৰোষ্ণ, অলপ তপত।
[ ৮৫ ]

আনিবা কেশত ধৰি নতুবা বন্ধন।
কৰি আনিবাক লাগে ৰমণী ৰতন॥
যুদ্ধত সংশয় যদি কৰা দুই বীৰে।
সবে দৈত্য সৈন্য মিলি প্ৰহাৰিবা শৰে॥
অস্ত্ৰ প্ৰহাৰত দুষ্টা হৈবন্ত অজ্ঞান।
কৰিবা বিনাশ তাৰ মৃগেন্দ্ৰ বাহন॥
মৰিলে মৃগেন্দ্ৰ হৈব দু অসহায়।
বান্ধি অম্বিকাক শীঘ্ৰে আনিব হেথায়॥ [১]
নিতান্ত দুম্মতি তুমি শুম্ভ দৈত্য পতি।
যাৰ মায়া পাশে বন্ধ ত্ৰিলোকৰ পতি॥
তাঙ্ক তুমি বান্ধিবাক কৰিলা আদেশ।
জ্ঞান হীন হেতু তব ঈদৃশ সাহস॥
জগত ঈশ্বৰী দেবী অম্বিকা ভৱানী।
তাক কি কৰিবা তুমি জগত বন্ধনী॥
ঐশ্বৰ্য্য মদত মত্ত হুয়া কতো নৰ।
ঈশ্বৰকো কৰে তুচ্ছ সিমহা পামৰ॥
ঐহিক নশ্বৰ যত ঐশ্বৰ্য্য সম্পত্তি।
কাৰো সঙ্গে নাহি যাই কৰা দৃঢ়মতি॥


  1. অম্বিকা, কৌশিকীৰ অন্য নাম।
[ ৮৬ ]

সংসাৰ সাগৰ তৰী কেৱল ভৱানী।
সুমৰা সততে তাঙ্ক সবে নৰ প্ৰাণী॥

⸻০⸻

চণ্ডৰ নিধন,   মুণ্ড বিনাশন,
 কৰিল চামুণ্ডা ৰূপে॥

⸻⸻

দুলড়ি।

মেধস বদতি,   শুনা নৰপতি,
  পাছে চণ্ড মুণ্ড বীৰ।
আদেশে শুম্ভৰ,   চতুৰঙ্গ বল,
 লৈয়া হৈলা অগ্ৰসৰ॥
ধনুৰ্ব্বাণ শূল,   পৰিঘ তোমাৰ,
  পৰশু পট্টিশ শেল।
গদা আদি কৰি,   অস্ত্ৰ শস্ত্ৰ ধৰি,
  যান্ত কোপে দৈত্যদল॥ [১]
সুবৰ্ণ শিখৰে,   কেশৰি ওপৰে,
  হিমালয় পৰ্ব্বতত।


  1. দৈত্যদল, সমুহ অসুৰ।
[ ৮৭ ]

ঈষত হাসিয়া,   আছে মহামায়া,
 দেখিলন্ত দৈত্য যত॥
দেখি দৈত্যগণ,   দেবীক তখন,
  ধনুক টঙ্কাৰ কৰি।
ধৰি বাৰু আশে,   যান্ত দেবী পাশে,
  কোপে হাতে খড়গ ধৰি॥
সেনা অসুৰৰ,   দেখি অম্বিকাৰ
  মহা ক্ৰোধ উপজিল।
কোপত দেবীৰ,   বদন কমল,
 ঘোৰ ৰক্তবৰ্ণ ভৈল॥
ভ্ৰূভঙ্গে দেবীৰ,   কুঞ্চিত কপাল,
  তান হন্তে হৈলা কালী।
কৰাল বদনী,   পাশা সিধাৰিণী,
  কৃষ্ণ বৰ্ণা জিনিঅলি॥
হাতে লৌহ শক্তি,   ভয়ঙ্কৰ মূৰ্ত্তি,
 নৃমুণ্ড মালা গলত।
বাঘছাল মাত্ৰ,   পিন্ধিছে কটিত,
  মুৰৰ কেশ বিমুক্ত॥

[ ৮৮ ]

বদন বহল,   জিভা আতিলোল, [১]
 দেখি ভয়ে যাই প্ৰাণ।
চকু কোটৰত,   কোপত আৰক্ত,
 শবদে ফাটে গগণ॥
ভীষণ মূৰতি,   ধৰি ভগৱতী,
  বেগে সেনা প্ৰতি ধাইলা।
মহাসুৰ যত,   বধি সমৰত,
 ভক্ষণ কৰিবে লৈলা॥
মাহুত সহিতে,   যোদ্ধা সমন্বিতে,
 অনেক মত্ত বাৰণ।
লৈয়া এক হাতে,   কৰাল বদনে,
  কৰন্ত কালী ক্ষেপণ॥
ঘোটক সহিত,   আনি আৰোহীক,
 মূখত কৰি ক্ষেপণ।
সাৰথি সমেত,   ৰথ মৰ মৰ,
  শবদে কৰে চৰ্ব্বণ॥
কতো দৈত্য ধৰি,   কেশত আবৰি,
 কাকোবা ধৰি কণ্ঠত।


  1. লোল, ৰক্ত।
    এইজনা কালী, অগৰ জনাৰ সহিত ভিন্ন
[ ৮৯ ]

চৰণ প্ৰহাৰে,   হিয়াৰ আফালে,
  অসুৰ কৰিলা হত॥
যত অস্ত্ৰ শস্ত্ৰ,   কৰিলা প্ৰহাৰ,
  অসুৰে কালীক প্ৰতি।
গ্ৰহণ মুখেৰে,   কৰি ক্ৰোধ ভৰে,
  চোবাইলাহা ভগৱতী॥
এহি ৰূপে দেৱী,   চণ্ডিকা গোসাণী
  বলৱন্ত দৈত্যগণ।
কতোক মৰ্দ্দন,   কতোক ভক্ষণ,
  কতোক কৈলা তাড়শ॥
কৰি খড়গা ঘাত,   কতেক নিপাত,
  কতোক শকতি হানি।
আঘাতে দন্তৰ,   কতেক অসুৰ,
  বধিলা ৰণ ৰঙ্গিণী॥
ক্ষণিকে দৈত্যৰ,  সৰ্ব্ব সৈন্যক্ষয়,
  দেখি চণ্ড মহাবীৰ।
ভীষণ মূৰতি,   কালি কাক প্ৰতি,
  ধাইলা কোপে সত্বৰ॥
মুণ্ডে তেতি ক্ষণ,   বাণ বৰিষণ,
  কৰিলা কালীক প্ৰতি।

[ ৯০ ]

ঢাকিল আকাশ,  নাহি পৰ কশি,
 হৈলন্ত দিব সে ৰাতি॥
যাকে যাকে শৰ,  বদনে দেবীৰ,
 প্ৰবেশি কৰে বিস্মিত।
দ্বাদশ তপন,  মেঘ ফালি যেন,
 ক্ষণিকে ভৈলা উদিত॥
গ্ৰাসি শৰ জাল,  কালিকা দৈত্যৰ,
 কৰিলা নাদ ভীষণ।
চন্দ্ৰ হেন কান্তি,  কালী দন্ত পংক্তি,
 প্ৰকাশ কৈলা বদন॥

  • মহাখড়গ তুলি,  হাতে মহাকালী,

 ধাইলা পাছে চণ্ডক
কেশে ধূৰি তাৰ,  ছেদিলাহ শিৰ,
 মৰিলা দৈত্য দুৰন্ত॥
নিধন চণ্ডৰ, দেখি মুণ্ডা সুৰ,
 বেগে কালিকাক ধাইলা॥

[ ৯১ ]

তাকো খড়গহানি,  কালিকা গ্ৰেসণী,
 মহা কোপে নিপাতিলা॥
মহাবীৰ চণ্ড, বলৱন্ত মুণ্ড,
 ৰণত দেখি নিহত।
ভয়ত আওৰ, শেষ সৈন্য চয়,
 দশো দিশে পলাই লন্ত॥
চণ্ডৰ মুণ্ডৰ, দুই গোট শিৰ,
 কালিকা লৈয়া হাতত।
অম্বিকাক বাণী,  শুনালা আপুনি,
 ভীষণ কৰি হসিত॥
তোমাৰ কাৰণে,  এহি যুদ্ধ যজ্ঞে,
 চণ্ড মুণ্ড মহাসুৰ।
পশু ৰূপে বধি,  তোমাক সম্প্ৰতি,
 দিলো মই উপহাৰ॥
সাদৰে গ্ৰহণ, কৰি উপহাৰ,
 ইবাৰ তুমি যুদ্ধত।
হুয়া উপস্থিত,  শুম্ভ নিশুম্ভক,
 কৰিবা নিজে নিহত॥।
চণ্ড মুণ্ড শিৰ,  হাতত কালী,
 অম্বিকা কৰি দৰ্শন॥

[ ৯২ ]

অতি আনন্দিত,  হয় কালিকাক,
 বুলিলা সুধা বচন॥
চণ্ড মুণ্ড দৈত্য, বধি সমৰত,
 আনিলা যি হেতু শিখ।
এতেকে তোমাৰ,  চামুণ্ডা বিখ্যাত,
 হৈৱন্ত নাম প্ৰচাৰ॥
চণ্ডক সংহৰি,  মুণ্ডক বিনাশি,
 কালিকা চণ্ডী সহিত।
পৰ্বত শিখৰে,  আনন্দে বিহৰে,
 দানৱ কৰি নিপাত॥
আখ্যান চণ্ডীৰ, অতিসে মধুৰ,
 পাপ তাপ বিনাশন।
সবে নৰগণে, সদা হৃষ্ট মনে,
 কীৰ্ত্তন কৰা শ্ৰবণ॥

[ ৯৩ ]

দুৰ্গা দুৰ্গা নাম লোৱা সবে নৰ প্ৰাণী।
ইয়োৰ শংসাৰে দুৰ্গা দেবী সে তৰণী॥

পদ।

মেধস বদতি পাছে শুনা নৃপষৰ।
চণ্ড যুণ্ড বধ বাৰ্ত্তা শুনি দৈত্যেশ্বৰ॥
কোপে ৰক্ত হৈল আখি কম্পিত শৰীৰ।
আদেশিলা যত সৈন্য শুম্ভ মহাবীৰ॥
আজি যডশীতি দৈত্য ধৰি প্ৰহৰণ।
যাউক আদেশে মম লৈয়া সৈন্যগণ॥
কম্বু নামে খ্যাত যত চৌৰাশী অসুৰ।
নিজ নিজ সৈন্য লৈয়া যাওক সত্বৰ॥
কোটি বীৰ্য্য কুলে জাত দানৱ যাবত।
শতেক ধূম্ৰৰ কুলে জগতে বিখ্যাত॥
কালক দৌহৃত মৌৰ্য্য কাল কেয় নামে।
সত্ত্বৰে কৰোক যাত্ৰা দেবীৰ সংগ্ৰামে॥
আছয় যাতেক সৈন্য নগৰত মোৰ।
এতিক্ষণে যুদ্ধহেতু হৌক অগ্ৰসৰ॥
এহি ৰূপে কৰি আজ্ঞা শুম্ভ দৈত্যপতি।
অসংখ্য বাহিণী সমে ধাইল যুদ্ধপ্ৰতি॥

[ ৯৪ ]

উপস্থিত প্ৰায় দৈত্য সেনা ভয়ঙ্কৰ।
দেখি চণ্ডী ধনুৰ্গুণে দিলাহা টঙ্কাৰ॥
সেহি শব্দে দশদিশ পৃথিবী মণ্ডল।
পৰিপূৰ্ণ হৈয়া পাছে খলক লাগিল॥
অনন্তৰে পঞ্চানন দেৰীৰ বাহন।
কৰিলাহা মহাৰাজ গম্ভিৰ গৰ্জন॥
ঘণ্টাৰ শবদে পাছে চণ্ডিকা গোসাণী।
বিস্তাৰিলা ভূমণ্ডলে ধনু সিংহধ্বনি॥
বহল বদন যাৰ শব্দ আতি ঘোৰ।
কৰিলাহা সেহি কালী ধ্বনি ভয়ঙ্কৰ॥
ধনু শব্দ ঘণ্টা নাদ কেশৰি গৰ্জন।
জিনিলন্ত নিজ শব্দে কালিকা তখন॥
সেহি শব্দ শুনি পাছে দৈত্য সৈন্যচয়।
নানা প্ৰহৰণ লৈল কোপে কম্পকায়॥
চণ্ডিকা কেশৰী আৰু কালীৰ চৌপাশে।
বেঢ়িলন্ত মহা বেগে শুম্ভৰ আদেশে॥
এহি সময়ত দেব দ্বেষী ৰাক্ষস।
বিনাশাৰ্থে আৰু শুভ হেতু অমৰৰ॥
ব্ৰহ্মা বিষ্ণু শূলপাণি কাৰ্ত্তিক ইন্দ্ৰৰ।
ৰেহ হন্তে শক্তিগণ ভৈলাহা বাহিৰ॥

[ ৯৫ ]

অতি বীৰ্য্য বলৱতী দেৱৰ শকতি।
নিজ ৰূপে চণ্ডী আগে ভৈলাউপস্থিতি॥
যি দেবৰ যেইৰূপ ভূষণ বাহন।
সেই সেই ৰূপে ঝুদ্ধে আইলা শক্তিগণ॥
প্ৰথমে ব্ৰহ্মাৰ শক্তিহংসৰ যানত॥
আৰোহণ কৰি দেবী পশিলা ৰণত৷
অক্ষমালা কমণ্ডলু হাতত ধাৰিশী॥
জগতৰ জন্মদাত্ৰী এহিসে ব্ৰহ্মাণী৷
সৰ্পৰ কঙ্কন অৰ্ধচন্দ্ৰ অলঙ্কাৰ॥
বৃষত আৰোহি হাতে ধৰিলা ত্ৰিশূল॥
এহিৰূপে মাহেশ্বৰী পশিলা ৰণত।
ধক ধক জ্বলে অগ্নি দেবী কপালত॥
কাৰ্তিকৰ ৰূপে দেবী ময়ূৰ বাহনে।
হাতে শক্তি ধৰি আইলা কাৰ্তিকী সংগ্ৰামে॥
আসিল বৈষ্ণবী দেবী বিষ্ণুৰূপ ধৰি।
আৰোহি গৰুড স্কন্ধে পৰমা সুন্দৰী॥
শঙ্খ চক্ৰ গদা খড়গ আৰু ধনু ধৰি।
হাতত চণ্ডিকা দেখি নিল আদৰি॥
যজ্ঞ বৰাহৰ মূৰ্ত্তি ধৰি বিষ্ণু শক্তি।
আবিভূতা হৈলা দেবী বৰাহ মূৰতি॥

[ ৯৬ ]

নাৰ সিংহী আবিৰ্ভাব হৈলা ভয়ঙ্কৰ।
নৰ সিংহ ৰূপ ধৰি আগত চণ্ডীৰ॥
হাতে বজ্ৰ অস্ত্ৰ লৈয়া উঠি গজেন্দ্ৰত।
ইন্দ্ৰৰূপে শচী দেবী পশিলা ৰণত॥
অনন্তৰ দেবশক্তি সমুহ মধ্যত।
হাতে শূল শূল পাশি হৈলা আবিৰ্ভূত॥
চণ্ডীক বুলিলা বাণী দেব মহেশ্বৰ।
মোৰ প্ৰীতি হেতু শ্ৰী ৰধিয়ো অসুৰ॥
মহেশৰ বাণী সমাপনে একশক্তি।
চণ্ডিকাৰ দেহ হন্তে ভৈলা উতপতি॥
আতি কোপৱতী সেহি দেহ ভয়ঙ্কৰ।
লগত অসংখ্যশিবা ক্ৰৰন্ত চিৎকাৰ॥
ধূম্ৰবৰ্ণ জটা জূট ধাৰী মহেশক।
জয়লীলা সেহি দেবী বুলিলাহা বাক॥
শুম্ভ নিশুম্ভৰ কাশে দূত হুয়া তুমি।
চলিয়ো গিৰিজা নাথ দেব শূলপাণি॥
অতিদৰ্পী শুম্ভ দৈত্য নিশুম্ভ অসুৰ।
আৰু অন্য যত দৈত্য তান সহচৰ॥
যুদ্ধ হেতু সমবেত আছয় তথাত।
সবাক কহিয়ো দেব আমাৰ বাঞ্চিত॥

[ ৯৭ ]

ত্ৰিলোক লভোক ইন্দ্ৰে যজ্ঞৰ ভাগত।
অমৰৰ অধিকাৰ হৌক পূৰ্ব্ব বত॥
জীবনত আছে যদি আশা তোসাৰাৰ।
পাতাল পুৰীত সবে যাউক অসুৰ॥
বলৰ গৰ্ব্বত যদি কৰাহা সমৰ।
বিলম্ব নকৰি সবে আসিয়ো সত্বৰ॥
অসংখ্য জম্বুক মোৰ ক্ষুধাত আতুৰ।
তোলবাৰ মাংসে পুৰ্ণ হৈবন্ত উদৰ॥
মহেশক দূত কাৰ্য্যে যেই ভগৱতী।
নিযোজিলা হৈল তান নাম শিৱদূতী॥
অনন্তৰ হুয়া দেবী দূত শূল পাণি।
দানব সবাক শুনাইলাহা দেবীবাণী॥
দেবীৰ বচন শুনি যতেক অসুৰ।
ক্ৰোধভাৱে আসিলন্ত সমীপে দেবীৰ॥
চৌপাশে আবৰি ষত দুষ্ট দৈত্যগণ।
দেবীক কৰিলা পাছে বান বৰিষণ॥
শেল শূল শক্তি আদি অস্ত্ৰেদানৱৰ।
ৰুধিলন্ত ৰবি ৰশ্মি হৈলন্ত আন্ধাৰ॥
পাছে দেবী ভগৱতী, ধনুক টঙ্কাৰি।
দানৱৰ শৰজাল মহা শৰ ধৰি॥

[ ৯৮ ]

অনায়াসে মহা শব্দে কৰিলা ছেদন।
গুছিল আন্ধাৰ ভৈল উদিত তপন॥
দৈত্যসেনা মাজে পশি চামুণ্ডা গোসাণী।
শূলা ঘাতে আৰু মহা লৌহ শক্তিহানি॥
অনেক অসুৰ বধি শুম্ভৰ আগত।
মহাকোপে বিচৰণ কৰন্ত তথাত॥
শত্ৰু সেনা মাজে পশি ব্ৰহ্মাণী দৈত্যৰ।
কমণ্ডলু জলসিঞ্চি কৈলা দৰ্প চূৰ॥
মাহেশ্বৰী শূলহানি বৈষ্ণবী চক্ৰেৰে।
দৈত্যগণে বধে প্ৰাণে কাৰ্ত্তোকী শক্তিৰে॥
ইন্দ্ৰাণীৰ বজ্ৰাঘাত অনেক অসুৰ।
বিদীৰ্ণ হৃদয় হৈয়া গৈলা যমঘৰ॥
বাৰাহীৰ মুখাঘাতে কতেক দানৱ।
তীক্ষ্ণ দন্তা ঘাতে কতো ভৈলা পৰাসৱ॥ (১)
চক্ৰৰ আবাতে কতো বিদীৰ্ণ হৃদয়।
বহাইয়াক্তেনদী প্ৰাণে ভৈলাক্ষয়॥
নাৰসিংহী নখাঘাতে হৃদয় বিদাৰী।
দৈত্যৰক্ত কৈলা পান মহানাদ কৰি॥

[ ৯৯ ]

চণ্ড অট্টহাসে শিবদূতীৰ মোহিত।
হুয়া কতো দৈত্য সেনা পড়িলা ধৰাত॥
তাসম্বাক শিব দূতী বিস্তাৰি বদন।
ধৰি আনি মুখ মধ্যে কৰিলা ভক্ষণ॥
ক্ৰুদ্ধ মাতৃগণ আৰু অসুৰনিধন।
দেখি দৈত্য সেনা সবে কৰে পলায়ন॥
মাতৃগণ ভয়ে ভগ্ন দৈত্য সেনা যত।
দেখি ৰক্ত বীজ ক্ৰোধে ধাইলা তথাত॥
ৰক্ত বিন্দু পাত হৈলে ধৰাত যাহাৰ।
তাদৃশ জনমে বিন্দুহন্তে মহাসুৰ॥
অদ্ভুত আকাৰ সেহি অদ্ভুত শকতি।
যুদ্ধ কৰি বাক আশে হৈলাউপস্থিতি॥
গদা ধৰি মহাসুৰ ইন্দ্ৰানী সহিত।
কৰে ৰক্তবীজ যুদ্ধ আতি অদভূত॥
অনন্তৰে ইন্দ্ৰ শক্তি কৰি বজ্ৰা ঘাত।
দেহ হন্তে অসুৰৰ বজাইলা শোণিত॥
পড়িল ধৰাত যেবে অসুৰৰ ৰক্ত।
তেতিক্ষণে ৰক্ত বীজ ভৈলা শত শত॥
ৰক্ত বিন্দু হন্তে জাত অসুৰ সবাৰ।
সেহি বীৰ্য্য সেহিবল সেহিসে আকাৰ॥

[ ১০০ ]

মাতৃগণ সমে সবে ৰক্তদ্বীজ যত।
অস্ত্র শস্ত্র ধৰি ঘােৰ সংগ্ৰাম কৰম্ভ॥
পুনৰপি বজ্রহানি অসুৰৰ শিৰ।
ছেদিলা ইন্দ্রাণী দেবী বজাইলা ৰুধিব॥
বিন্দু বিন্দু হুয়া ৰক্ত পড়িলা ভূমিত।
তানহন্তে ৰক্ত বীজ হৈলা অসংখ্যাত॥
তাসম্বাক বিষ্ণু প্রিয়া কৈলা চক্রাঘাত।
ইন্দ্রাণী কৰিলা পাছে গদাৰ আঘাত॥
গদা ঘতে চক্র। ঘতে ভৈলা ৰক্ত বাজ।
অসংখ্যাত ৰণ স্থলে হৈলা ৰক্ত বীজ॥
কাৰ্ত্তীকী শকতি হানি বাৰাহী খড়েগৰে।
মাহেশ্বৰী তাসম্বাক তাড়িলা শূলেৰে॥
সমন্ত মাতৃক দৈত্যে কোপে সিবেলাত।
গদাহাতে প্রতি মাতৃ কৰিলা আঘাত॥
পুনঃ পুনঃ শক্তি শূল আঘাতে গদাৰ।
দেহহন্তে ৰক্ত নদী বহিলা তাহাৰ॥
ৰক্ত সঘ হন্তে ৰক্তবীজ অসংখ্যাত।
উতপতি হুয়া দৈত্যে জুৰিলা জগত॥
পাছে ৰক্তবীজ ময় দেখি ৰণ স্থল।
ভৈলাহা বিষণ্ণ মনা ত্রিদশ মণ্ডল॥

[ ১০১ ]

ক্ষুদ্র ৰক্তবীজ কটাক্ষে যাহাৰ।
ভস্মী ভূত হােৱে দেখা আশ্চর্য ব্যাপাৰ ॥
মহা পৰাক্ৰমে অষ্ট মাতৃ গণে ৰণে ।
কৰন্ত তথাপি দৈত্য নহয় পতন॥
চকিত ত্ৰিদশ গণ ভয়ে দামৱৰ।
আহাঁ কি অদ্ভুত মায়া জগত মাৱৰ॥
সৃষ্টি স্থিতি সংহৰণ যাৰ নিমেষত।
ক্ষুদ্র দৈত্য সমেৰণ তাৰ কি উচিত॥
কেৱল মাৱৰ লীলা হেৰা নৰগণ ।
আক জানি চণ্ডী পদে লইও শৰণ॥

অনন্ত ৰূপিণী, তুমি নাৰায়ণী,
 তযু মায়া বুঝা ভাৰ॥

দুলড়ি।

ত্রিদশ বিষয়, দেখিয়া সত্বৰ,
 চণ্ডিকাপাশে কালীৰ।
হৈয়া উপস্থিত,  বাক্য সুললিত,
 বুলিলা হাসি মধুৰ॥

[ ১০২ ]

দেখিয়াে চামুণ্ডে, ভীত দেববৃন্দে,
 ৰক্তবীজ অসংখ্যাত।
বিস্তাৰ বদন, কৰাহা ত্বৰিত,
 পড়িছে ৰক্ত ভূমিত॥
ৰক্ত বিহন্তে,  দৈত্যৰ উৎপত্তি,
 বাঢ়িল দৈত্য বিস্তৰ।
তাৰ ৰক্ত যত, তােমাৰ জিভাত,
 পড়ােক কৰা বিস্তাৰ॥
বেগে ধাই ধাই, তুমি ঠাই ঠাই,
 কৰাহা শোণিত পান।
মই অস্ত্র হানি,  তাৰ শীর্ষ খানি,
 কৰিবো শীঘ্ৰে ছেদন॥
কৰিলে ইমত, হৈব ক্ষীণ ৰক্ত,
 যাবে দৈত্য যমালয়।
নােপজে তসুৰ,  পৰম দুৰ্ব্বাৰ,
 জানিবা এহি নিশ্চয়॥
চণ্ডিকা গােসাণী,  এহি বুলি বাণী,
 দৈত্যক শূল হানিলা।
শূলাঘাতে তাৰ,  বজাইলা ৰুধিৰ,
 চামুণ্ডা পান কৰিলা ॥

[ ১০৩ ]

দানবেণ্ড কোপে,  চণ্ডিকাৰ পাৱে,
 কৰিলা গদা আঘাত৷
বেদনী দেবীৰ,  কিঞ্চিত নহৈল,
 বিফল ভৈল আঘাত॥
আহত দৈত্যৰ, যেই অঙ্গহন্তে,
 বহিলা ৰুধিৰ ধাৰ।
সেহিস্থান হতে, চামুঞ্জা গোসাণী,
 কৰিলা পান ৰুধিৰ॥
ৰক্ত বিন্দুজাত, ৰক্ত বীজ যত,
 চামুণ্ডা কয় ভক্ষণ।
আৰু দেহ, পাই পুলকিত,
 হৈয়া কালী কৰে পান॥
শূল বজ্রবাণ, অসি ভিন্দি পাল,
 দৈতক হানি চণ্ডিকা।
বহাইলা ৰুধিৰ,  বেগে দৰ দৰ,
 পীলস্ত হৃষ্টে কালিকা॥
এহি কাপে দৈত্য,  অস্ত্ৰসংঘহত,
 নিৰক্ত ৰকতবীজ।
পড়িল ভূমিত, দণ্ডে বিকচিত,
 কৰি হেৰা মহাৰাজ॥

[ ১০৪ ]

দেবগণ যত, পছে আনন্দিত,
 ভৈলন্ত নৃপ সুমভি।
যত মাতৃগণ, কৰন্ত নৰ্ত্তন,
 দৈত্যৰক্তে হৈয়া প্ৰীতি॥
জন প্ৰতি,  চণ্ডিকাৰ ৰীতি,
 এহিৰূপে সবে জানা।
কিন্তু সাধুপ্ৰতি,  দেবীৰ যে প্ৰীতি,
 আক বুজি তাক মানা॥
চণ্ডীৰ আখ্যান, আতি বিতোপন,
 শ্ৰবণে গুছে পাতিক।
দ্বিজ কীৰ্ত্তি চন্দ্ৰে, ৰচিলা প্ৰবন্ধে,
 হিয়াত চিন্তি চণ্ডিকা॥

জয় জয় নাৰায়ণ দৈত্য বিনাশিণী।
পৰম মঙ্গলা তুমি নিশুম্ভ মৰ্দ্দিনী।

পদ।

ৰাজা নিগদতি প্ৰভো বিচিত্ৰ অখ্যান।
দেবীৰ চৰিত ৰক্ত বীজৰ নিধন॥

[ ১০৫ ]

শুনি তযু মুখে মােৰ আনন্দ অপাৰ।
পুনশ্চ কহিয়ো মোক মহিমা চণ্ডীৰ ॥
শুনিবাক ইচ্ছা মােৰ অতি বলৱতী।
ৰক্তবীজ বধ বার্ত্তা শুনি দৈত্যপতি॥
শুম্ভ আৰু নিশুম্ভযে পৰম কোপন।
আপৰে কিনাে কৰ্ম্ম কৰিলা দুৰ্জ্জন॥
মেধূস বদতি শুনা সুৰথ ৰাজন।
ৰক্তবীজ-বধ আৰু সৈন্যৰ নিধন॥
দেখি শুম্ভ নিশুম্ভৰ ভৈলা কোপ আতি।
ৰণ আশে দুই দৈত্য ধাইলা দেবী প্রতি॥
মুখ্য দৈত্য সৈন্য সহ নিশুম্ভ দুৰ্ম্মতি।
প্রথমে দেবীৰকাশে হৈলা উপস্থিতি॥
আগে পাছে নিশুম্ভক বেঢ়ি বেঢ়ি দৈত্যগণ।
দেবীবধ আশে যান্ত আতি কোপ মন॥
মাতৃগণ সহযুজি বধাে চণ্ডিকাক।
এহি আশা কৰি শুম্ভ পশিল ৰণক ॥
নানা সেনা সঙ্গে তাৰ বলে মহাবল।
ত্রিদশৰ ভয়দাতা শুম্ভ মহাসুৰ॥
পাছে শুম্ভ নিশুম্ভৰ সহিত দেবীৰ।
বাজিল সংগ্রাম তাত আতি ভয়ঙ্কৰ॥

[ ১০৬ ]

 বাণ বৰিষণ দৈত্য মুষলম ধাৰে।
 মেঘে যেন কৰে বৃষ্টি দেবীৰ ওপৰে॥
 শীঘ্ৰে দেবী ধনু ধৰি শুম্ভ নিশুম্ভৰ।
 শৰজাল কৈলা ব্যৰ্থ হনি নানা শৰ॥
 দেবী বাণগণে দৈত্য বাণ নাশি যত।
 দৈত্যৰ অঙ্গত পড়ি কৰিলাহা ক্ষত॥
(১) নিশুম্ভে শানিত খড়গ আৰু ধৰি ঢাল।
 মৃগেন্দ্ৰৰ শিৰে বেগে কৰিল প্ৰহাৰ।
 সিংহক প্ৰস্তুত দেখি খুৰপাস্ত্ৰ ধৰি।
 নিশুম্ভৰ খড়গ চৰ্ম্ম ছেদিলা ঈশ্বৰ॥
 পাছে দৈত্য এক খড়গ কৰিলা ক্ষেপণ।
 তাকে দেবী খড়গহানি কৰিলা খগুণ॥
 মহাবলে মহাসুৰ ধৰি এক শূল।
 দেবীক উদ্দেশি পাছে কৰিলা প্ৰহাৰ॥
 আনে শূল বায়ুবেগে দেখি মহামায়া।
 মুষ্টিৰ আঘাতে চুৰ্ণ কৰিলা অভয়া।
 ঘূৰাইয়া গদা এক নিশুম্ভ অসুৰ।
 চণ্ডিকাক প্ৰতি বেগে কৰিলা প্ৰহাৰ॥

[ ১০৭ ]

দুৰ্গতি নাশিনী চণ্ডী মাৱ জগতৰ।
দৈত্য গদা কৈলা ভস্ম হানি নিজ শৰ॥
অনন্তৰে পশু ধৰি নিশুম্ভ দুৰ্ম্মতি।
মহাকোপে যান্ত বীৰ চণ্ডিকাক প্ৰতি॥
পশু হাতে লৈয়া আসে নিশুম্ভ কুপিত।
দেখি চণ্ডী বাণ হানি পেলাইলা ভূমিত॥
মহাবলী অনুজক ভূমিত মুৰ্চ্ছিত৷
দেখি চণ্ডিকাক ধাইলা শুম্ভ আতি দুষ্ট॥
দেহ আতি ভয়ঙ্কৰ আঠ ভুজ তাৰ।
আকাশ মণ্ডল ব্যাপি শোভিলা শৰীৰ॥
আৰোহি ৰথত দৈত্য লৈযা নানা শৰ।
চণ্ডিকাৰ বধ আশে পশিলা ৰণত॥
সমাগত দেখি তাঙ্ক চণ্ডিকা গোসাণী।
শঙ্খনাদ ধনু শব্দ কৰিলা আপুনি॥
ঘণ্টা শব্দে দশদিশ লগাই খলক।
সমস্ত দৈত্য সেনাক দিলাহা চমক॥
অনন্তৰে দেবী সিংহ কৰি মহাশব্দ।
আকাশ পৃথিবী আৰু দিশ কৈলা স্তব্ধ॥
পাছে কালী ঝাম্প দিয়া পশি গগণত।
দুই হাতে ধৰণীত কৰিলা আঘাত॥

[ ১০৮ ]

সেই শব্দে পূৰ্ব্ব শব্দ ভৈলা তিৰোহিত।
কালীৰ শবদে ব্যাপ্ত ভৈলন্ত জগত॥
শিবদূতী অমঙ্গল কৰি অট্টহাস।
সমস্ত দৈত্যক দেবী লগাইলা তৰাস॥
কিন্তু সেহি মহাশব্দে শুম্ভ দৈত্যেশ্বৰ।
নভৈলন্ত ত্ৰাস যুক্ত কোপত অস্থিৰ॥
দুৰাত্মা অসুৰ তই সাবধানে থাক।
তোক বধি জগতৰ কৰো নিষ্কণ্টক॥
এহি বাণী চণ্ডিকাৰ শুনি দেব যাক।
আকাশত থাকি “জয়” বোলন্ত দেবীক॥
সংগ্ৰামত পশি শুন্তে চণ্ডিকাক প্ৰতি।
সাক্ষাত অগণি শিখা ক্ষেপিলা শকতি॥
ধ্বক ধ্বক জ্বলে অগ্নি শক্তিৰ গাৱত।
তাঙ্ক দেবী মহোঙ্কাৰে কৰিলা নিৰস্ত॥
সিবেলা শুম্ভৰ সিংহনাদে ত্ৰিভুবন।
ব্যাপি ঘোৰ নিৰ্ঘাতক কৰিলা নিঃস্বন॥ (২)
শুম্ভাসুৰে চণ্ডিকাক কৰে শৰ বৃষ্টি।
শৰ সঙ্ঘ হানস্ত চণ্ডিকা দৈত্য প্ৰতি॥

[ ১০৯ ]

শুম্ভ ক্ষিপ্ত শৰজাল চণ্ডী কৰে নাশ।
চণ্ডী ক্ষিপ্ত শৰগণ বিনাশে ৰাক্ষস॥ (৩)
এহিৰূপে দৈত্যেশ্বৰ শুম্ভৰ সহিত।
নানা ৰূপে কৰে লীলা চণ্ডিকা যুদ্ধত॥
পাছে কোপে ভগৱতী হানিলাহা শূল।
শূলাঘাতে দৈত্যেশ্বৰ ধৰাত পড়িল ॥
মূৰ্চ্ছিত ভৈলন্ত যেবে দৈত্যৰ ঈশ্বৰ।
নিশুম্ভ চেতনা পাই লৈলা ধনুশৰ॥
ধনুত পূৰাই বাণ ভেদিলা কালীক।
কৌশিকীক বিন্ধি পাছে বিন্ধিলা সিংহক॥
পুনশ্চ দানৱ ধৰি অযুতেক হাত।
চক্র অস্ত্রে চণ্ডিকাক কৈলা আচ্ছাদিত॥
মায়াবী দৈত্যৰ মায়া দেখি নাৰায়ণী।
ভৈল ক্রুদ্ধা ভগৱতী দুর্গতি নাশিনী॥
ধনুক টঙ্কাৰি পাছে হানি তীক্ষ্নবাণ।
নিশুম্ভৰ অস্ত্র যত কৰিলা বাৰণ॥
নিশুম্ভ বেগেৰে পাছে ধৰি গদা গোট।
চণ্ডিকাৰ বধ আশে মহাকোপে যন্ত॥

[ ১১০ ]

(৪) ধাবিত দৈত্যক দেখি চণ্ডিকা নিশিত।
 খড়গধৰি গদা তাৰ কাটিলা দূৰত॥
 গদা ব্যৰ্থ দেখি দৈত্য লৈয়া হাতে শূল।
 যান্ত বেগে দেবী পাশে নিশুম্ভ পামৰ॥
 শূল ধৰি সমাগত নিশুম্ভ অসুৰ।
 হিয়াত চণ্ডিকা বেগে ক্ষেপিলা ত্ৰিশূল॥
 শূল বিদ্ধ হিয়া হন্তে সেহি অসুৰৰ।
 মহাবলী এক দৈত্য হৈলন্ত বাহিৰ॥
 দেবীক বোলন্ত বাণী সেহি দৈত্য গোট।
 থাক তই দিবো মই ফল সমুচিত॥
 দেখি তাঙ্ক মহাকালী কৰি অট্টহাস।
 লইলা হাতত খড়গ চন্দ্ৰ পৰকাশ॥
 সেহি খড়্গে তাৰ মুণ্ড কৰি নিপাতন।
 ভূমিত পেলাইলা দেহ কৰে আস্ফালন॥
 তীক্ষ্ণ দন্তে ভাঙ্গি গ্ৰীবা কতেক দৈত্যৰ।
 ভক্ষণ কৰিলা সিংহে অনেক অসুৰ॥
 বিস্তাৰি বদন কালী আৰু শিবদূতী।
 অনেক দানৱ ৰঙ্গে ভক্ষিলা তহিতি॥

[ ১১১ ]

কাৰ্ত্তিকীৰ শক্ত্যাবাতে কতেক অসুৰ।
নশ্বৰ জীবন এড়ি গৈলা যম পুৰ॥
কমণ্ডলু জলসিঞ্চি দানৱৰ প্ৰাণ।
ব্ৰহ্মাণী কৰিলা ৰণে দৈত্যৰ নিৰ্ব্বাণ।
শূল হানি মাহেশ্বৰী দৈত্যৰ হিয়াত।
কতেক বধিলা প্ৰাণে পড়িলা ভূমিত॥
বাৰাহীৰ দন্তাঘাতে বিদীৰ্ণ হৃদয়।
হৈয়া কতো দৈত্য যান্ত পৰি যমালয়॥
বৈষ্ণবীৰ চাক্ৰাবাতে বজে ইন্দ্ৰানীৰ।
কতো দৈত্য ত্যজি প্ৰাণ কৰে ধৰ ফৰ॥
কতো দৈত্য দেহি ৰণে ত্যজিলাহা প্ৰাণ।
কতেক পলাই ৰাখে আপোন জীবন॥
অনেক দৈত্যক সেহিছেগে পঞ্চানন।
কালী আৰু শিৱদুতী কৰিলা ভক্ষণ॥
এহিৰূপে নিশুম্ভক দৈত্য সেনা সমে।
বিনাশিলা ভগৱতী চণ্ডিকা সংগ্ৰামে॥
আহাঁ কিনো মহাভাগ্য অসুৰ গণৰ।
সাক্ষাতে দেবীক দেখি পৰাণ ত্যজিল॥
বধিলা চণ্ডিকা যাক সেহি মহাৰণে।
নোহে বধ তাৰ স্থিতি কৈলাস ভুবনে॥

[ ১১২ ]

দয়াময়ী জগন্মাতা জানা নৰগণ।
আক জানি কৰা চিন্তা দেবীৰ চৰণ॥

তাৰিণি নিস্তাৰ  কৰাহা ইবাৰ
 চৰণে লৈলা শৰণ॥

দুলড়ি॥

ঋষি নিগতি শুনা নৰ পতি
 পাছে কেন কথাভৈল।
নিশুম্ভ নিহত,  দেখিয়া ৰণত,
 শুম্ভৰ ক্ৰোধ বাঢ়িল॥
যত সহচৰ, আছিল তাহাৰ,
 সবাৰ ভৈল নিধন।
শোকে ক্ৰোধেতাৰ, বিহৰল শৰীৰ,
 কৰে চট ফট প্ৰাণ॥
বেগে ধাই দৈত্য, চণ্ডীৰ আগত,
 বুলিলা কঠোৰ বাণী।

[ ১১৩ ]

মিছাগৰ্ব্ব কৰ,  নানা সহচৰ,
 তই যে অতি মানিনী॥
ব্ৰহ্মাণ শিৱাণী, কাৰ্ত্তিকী ইন্দ্ৰাণী,
 ইত্যাদি অসংখ্য তোৰ।
লৈয়া সহচৰ, কৰিছ সমৰ,
 ধিক বীৰ্য্যবল তোৰ॥
শুম্ভ বাণী শুনি,  দেবী কাত্যায়ণ,
 উচিত দিলা উত্তৰ।
এহি জগতত, মই এক মাত্ৰ,
 দ্বিতীয় নাহিকে আৰ॥
দেখ দুষ্ট হই,  ক্ষণিকতে মই,
 মোহোৰ বিভূতি যত।
নিজৰ গাৱত, কৰো সম্বৰণ,
 স্থিৰ কৰ তোৰ চিত্ত॥
ব্ৰহ্মাণী প্ৰভৃতি,  পাছে দেব শক্তি,
 ভৈলাহা লয় চণ্ডীত।
হুয়া একাকিনী, দেবী কাত্যায়ণী,
 শুম্ভক বাণী বোলন্ত।
মই বহুৰূপে, প্ৰবেশি সংগ্ৰামে,
 কৰিলো দৈত্য সংহাৰ।

[ ১১৪ ]

 সংহৰি সবাক, ভৈলো মই এক,
  এবে ৰণে ভব স্থিৰ ॥(১)
 মেধস বদতি,  শুনা নৰপতি,
  পাছে শুম্ভ মহাবীৰ।
 সহিত চণ্ডীৰ,  কৰন্ত সমৰ,
  সুৰাসুৰ ভয়ঙ্কৰ॥
 দৈত্যে চণ্ডিকাক,  চণ্ডিকা দৈত্যক,
  তীক্ষ তীক্ষ্ণ নানা শৰ।
 গদা শক্তি শূল, পৰিঘ তোমৰ,
  মূষল শেল মুদ্গৰ॥
 চক্ৰ অসি পাশ, ক্ৰুৰ ভিন্দিপাল,
  কৰন্ত কোপে প্ৰহাৰ।
 দাৰুণ সমৰ, শুম্ভ চণ্ডিকাৰ,
  দেখি ভীত চৰাচৰ॥
 যত তীক্ষ্ণশৰ, কৰন্ত প্ৰহাৰ,
  চণ্ডিকা কৰি সন্ধান।
(২) অনুৰূপ শৰ, হানি দৈত্যেশ্বৰ,
  দুৰতে কৰে বাৰণ॥

[ ১১৫ ]

দিব্য অস্ত্ৰ যত,  ক্ষেপণ কৰম্ভ,
 চণ্ডীক প্ৰতি অসুৰ।
হুঙ্কাৰ শবদে, দেবী অনায়াসে,
 কৰন্ত চণ্ডিকা দূৰ॥
হানি শৰ শত, অসুৰ দুৰ্ব্বৃত্ত,
 চণ্ডীক কৰে আচ্ছন্ন।
কোপে হানি বাণ,  চণ্ডিকা দৈত্যৰ,
 কৰিলা ধনু ছেদন॥
(৩) কাৰ্ম্মক খণ্ডিত,  দেখি শুম্ভ দৈত্য,
 লইলা হাতে শকতি।
চক্ৰে তেতিক্ষণে, দানৱৰ হাতে,
 ছেদিলন্ত ভগৱতী॥
সূৰ্য্য পৰকাশ,  খড়্গ চন্দ্ৰ হাস,
 বিমল চৰ্ম্মৰ ঢাল।
ধৰি দৈত্যেশ্বৰ,  কোপত অস্থিৰ,
 দেবীক প্ৰতি ধাইল॥
ধৰি ধনু শৰ, চণ্ডিকা সত্বৰ,
 খড়্গ চৰ্ম্ম লক্ষি তাৰ।

[ ১১৬ ]

ক্ষেপি তীক্ষ্ণবাণ, কৰিলা খণ্ডন,
 নিৰস্ত্ৰ ভৈল অসুৰ॥
ৰথ ঘোড়াহত,  সাৰথি নিহত,
 কাৰ্ম্মক ভৈল খণ্ডিত।
কোপে দৈত্যেশ্বৰ, লইলা মুদ্গৰ,
 দেবীৰ বধে উদ্যত॥
হাততে দৈত্যৰ, কাতিলা মু্দ্গৰ,
 মাৰিদেবী তীক্ষ্ণ বাণ।
তথাপি দুৰন্তু, কৰি মুষ্ঠিদৃঢ়,
 হিয়াত কৰে ক্ষেপণ॥
হস্ত তলাবাত, দৈত্যৰ হিয়াত,
 কৰিলা চণ্ডিকা বেগে।
পড়িলা ভূমিত,  সেহি মহা দৈত্য,
 পুনশ্চ উঠিলা ছেগে॥
উঠি তেতিক্ষণে, দেবীক গগণে,
 তুলিলন্ত দৈত্যেশ্বৰ।
চণ্ডিকা তথাত, দৈত্যৰ সহিত,
 কৰন্ত থোৰ সমৰ॥
কৰে বাহু যুদ্ধ,  শূন্য আকাশত,
 চণ্ডিকা দৈত্য সহিত।

[ ১১৭ ]

সিদ্ধ মুনিনৰ, কিন্নৰ অমৰ,
 দেখিয়া সবে বিস্মিত॥
বহুকাল তাত,  অসুৰ সহিত,
 ণ্ডিকা কৰি সমৰ।
বেগে ধৰি তাস্ক,  ঘুৰাই দশদিশ,
 ক্ষেপিলা ধৰণী তল॥
ভূমিতলে পড়ি,  দুৰন্ত দেবাৰি,
 দৃঢ় মুষ্টি কৰি হাত।
বধাৰ্থে চণ্ডীৰ,  কোপতে অস্থিৰ,
 দশন কামুৰি যান্ত॥
আসে দৈত্যেশ্বৰ, কণ্টক দেবৰ,
 চণ্ডিকা কৰি দৰ্শণ।
কৰি শূলাঘাত, তাহাৰ হিয়াত,
 ভূমিত কৈলা পাতন॥
গত প্ৰাণ দৈত্য, পৰিল ভূমিত,
 দেবী খুলে হৈয়া ক্ষত।
দ্বীপ সমন্বিতে,  সাগৰ সহিতে,
 পৃথিবী ভৈলা কম্পিত॥
শুম্ভ মহাদৈত্য,  যেবে ভৈলা হত,
 জগতে লভিলা শান্তি৷

[ ১১৮ ]

নিৰ্মল আকাশ,  সূৰ্য্য পৰকাশ,
 চন্দ্ৰমা ধৰিল কান্তি॥
উল্কা বজ্ৰপাত, আদি মহোৎপাত,
 আছিলা পূৰ্ব্বত যত।
বিনাশে শুম্ভৰ, সবে ভৈল দূৰ,
 নিয়মে বহে সৰিত॥
সবে দেবগণ, হৰষিত মন,
 ভৈলন্ত বধে শুম্ভৰ।
গন্ধৰ্ব্বে গাইলা,  অপ্সৰা নাচিলা,
 হৈলন্ত বাদ্য মধুৰ॥
জুৰাইয়া প্ৰাণ,  বহে সমীৰণ,
 প্ৰকাশে আতি তপন।
যজ্ঞৰ অনল, চৌদিকে জ্বলিল,
 আনন্দিত মুনিগণ॥
যত অমঙ্গল, সবে ভৈল দূৰ,
 দেবৰো গুচিল দৰ।
যত দেৱবৃন্দ, কৰি মহানন্দ,
 কৰন্ত স্তব দেবীৰ॥
শুনা নৰগণ, চণ্ডীৰ আখ্যান,
 পাপ তাপ বিনাশন।

[ ১১৯ ]

দ্বিজ কীৰ্ত্তচন্দ্ৰে,  ৰচিলা প্ৰবন্ধে,
 চণ্ডীক কৰি স্মৰণ॥

ভবভয় নিবাৰিণি দনুজ নাশিনি।
আমাক কৰুণা কৰা জগত জননি॥

পদ।

তপোধন বোলে শুনা সুৰথ ৰাজন।
শুম্ভক বধিলা দেবী কৰি মহাৰণ॥
ইষ্ট সিদ্ধি হেতু আনন্দিত দেবগণ।
আৰম্ভিলা ভক্তিভাবে চণ্ডীৰ স্তৱন॥
অগ্নিক আগত কৰি হৈয়া কৃতাঞ্জলি।
কৰন্ত অমৰে স্তুতি আনন্দে উথলি॥
আত্ৰিতৰ তুমি দেবি সন্তাপ নাশিনী।
হইয়ো প্ৰসন্না এবে জগত জননি॥
চৰাচৰ জগতৰ তুমিসে ঈশ্বৰী।
জগতক কৰা ৰক্ষা হেৰা বিশ্বেশ্বৰি॥
বসুমতী ৰূপে তুমি হুয়া অবস্থিত।
ধাৰণ কৰিয়া তুমি ৰাখিছা জগত॥

[ ১২০ ]

অনন্ত শকতি তযু জলৰূপে তুমি ।
তুষিলাহা সমস্তকে কি বর্ণাবো আমি॥
তুমিসে বিষ্ণুৰ শক্তি জগতৰে মুল ।
তুমি মহামায়া তব অনন্তযে বল ॥
মায়াৰূপে জগতকে কৰিছা মােহিত।
হৈলে তুমি সুপ্রসন্ন হােৱে লোক মুক্ত॥
যজ্ঞবিদ্যা মহাবিদ্যা আদি মতবিদ্যা।
তোমাৰসে মুক্তি ভেদ তুমি মাত্র আদ্যা॥
নাৰী ৰূপে আছে যেই এহি জগতত।
সবাই তােমাৰ অংশ আমাৰ বিদিত॥
একাকিনী তুমি মাৱ ব্যাপিলা ভুবন।
কিতোমাৰ আছে স্তুতি কৰে কোনজন॥
তুমি সৰ্ব্ব স্বৰূপা যে ভোগ মােক্ষদাত্রী।
তােমাক কৰয় স্তয় আছে কাৰ শক্তি॥
বাক্যৰ অতীত তুমি মনৰে অতীত।
চিদানন্দ ময়ী তুমি গুণৰো অতীত॥
কিন্তু এহি তযু মূৰ্ত্তি কৰি নিৰীক্ষণ।
কৰিবোহোঁ তব স্তুতি এহি মাত্র মন॥
বুদ্ধি ৰূপে আছা তুমি হৃদয়ে সবাৰ।
স্বর্গ মােক্ষ প্রদা তুমি কৰাে নমস্কাৰ॥

[ ১২১ ]

কলা কাষ্ঠা আদি কালৰূপে অবস্থিত।
হুয়া তুমি জগতকে কৰিছা চালিত॥
ব্ৰহ্মাণ্ডৰো হােৱে লয় শক্তিতে তােমাৰ ।
নাৰায়ণ কৰােহোঁ তােমাক নমস্কাৰ॥
সবাৰ মঙ্গল তুমি সর্ব্বার্থ সাধিনী।
জগতকে কৰা ৰক্ষা তুমি ত্রিনয়ণী ॥
গৌৰবৰ্ণ দেহ তযু কুমাৰ কান্তি।
নাৰায়ণি তব পদে আমাৰ প্রণতি॥
স্ৰজন পালন সংহৰণ তব শক্তি।
সত্ব ৰজ আৰু তম তােমাত যে স্থিতি॥
তুমি সনাতনী দেবী জগত আধাৰ ৷
তােমাক কৰােহোঁ নাৰায়ণি নমস্কাৰ ॥
আত্ৰিতক দৰিদ্ৰক কৰা পৰিত্ৰাণ ৷
পীড়িতক সর্ব্বকালে কৰাহা ৰক্ষণ॥
সবাৰো যে মনে দুঃখ কৰা উপশম৷
নাৰায়ণি কৰো আমি তােমাক প্রণাম॥
হংসযুত বিমানত কৰি আৰােহণ।
ব্ৰহ্মাণীৰ ধৰি ৰূপ কৰিছা পালন॥
কুশ জল সিঞ্চি জগতকে দিছা শান্তি।
নাৰায়ণি শ্ৰীচৰণে কৰােহোঁ প্রণতি॥

[ ১২২ ]

মহেশ্বৰী ধৰি ৰূপ বৃষভ বাহন।
ত্রিশূল ভুজঙ্গ চন্দ্র তােমাৰ ভূষণ॥
দুৰন্ত দৈত্যৰ দৰ্প কৰিলাহ চুৰ ।
নাৰায়ণি তোমাক কৰোহোঁ নমস্কাৰ ॥
ধৰি কাৰ্ত্তিকীৰ ৰূপ অতি মনোহৰ।
ময়ূৰ কুক্কুট সমে কৰিলা বিহাৰ॥ (১)
দৈত্য গৰ্ব্ব কৈলা খৰ্ব্ব ধৰি মহাশক্তি।
নাৰায়ণি কৰো আমি তােমাক প্রণতি॥
ধৰি বৈষ্ণৱীৰ ৰূপ ভৈলা চতুভুজ।
শঙ্খ চক্ৰ গদা ধনু তাহাত বিৰাজ ॥
অনেক অসুৰ ৰণে কৰিলা সংহাৰ ।
হােৱাঁহে প্রসন্না নাৰায়ণি নমস্কাৰ ॥
ধৰি বাৰাহীৰ ৰূপ উদ্ধাৰিলা ভূমি।
হাতত ভীষণ চক্ৰ ধৰিলাহা তুমি ॥
দেবী তুমি শুভঙ্কাৰী বধিলা অসুৰ।
কৃপা কৰা নাৰায়ণ কৰো নমস্কাৰ ॥
ভয়ঙ্কৰ নৰ সিংহ মূর্ত্তি চমৎকাৰ ।
ধৰি দেবী দৈত্যগণ কৰিলা সংহাৰ ॥

[ ১২৩ ]

ত্রিভুবন কৈলা ৰক্ষা সংহৰি অসুৰ ।
নাৰায়ণি কৰেহোঁ তােমাক নমস্কাৰ॥
বজ্রহস্তা তুমি দেবি কিৰীট ধাৰিণী ।
সহস্র লােচন ধৰি শােভিলা আপুনি॥
অনায়াসে বৃত্ৰাসুৰ কৰিলা সংহাৰ ।
নাৰায়ণি তযু পদে প্রণাম আমাৰ ॥
শিবদূতী ৰূপে তুমি ৰণৰ মাজত।
বধিলাহা দৈত্য সেনা অযুত নিযুত ॥
তব মহানাদে ভৈলা কম্পিত ধৰণী ।
কৰােহোঁ তােমাক সেৱা আমি নাৰায়ণি॥
নৰ মুণ্ডমালা গাঁঠি কৰিলা ধাৰণ।
ঘােৰ দন্ত পংক্তি ভযু কৰাল বদন॥ (৩)
মুণ্ডক বধিলা তুমি ৰূপে চামুণ্ডাৰ ।
নাৰায়ণি কৰােহোঁ তােমাক নমস্কাৰ॥
তুমি লক্ষ্মী তুমি লজ্জা তুমি বেদ বিদ্যা॥
শ্রদ্ধা পুষ্টি স্বধাৰূপা নিত্য আৰু আদ্যা।
প্রলয়ৰ ৰাত্ৰি তুমি জগত মােহিনী।
কৰােহোঁ প্রণাম তযু পাৱে নাৰায়ণি॥

[ ১২৪ ]

(৪) তুমিমেধা তুমিশ্রেষ্ঠা তুমি সৰস্বতী।
 তুমি মহেশ্বৰী সম্পদৰো অধিষ্ঠাত্রী॥
 সংহাৰ ৰূপিনী তুমি মঙ্গল কাৰিণী ।
 হইয়ো প্রসন্না দেবী নমাে নাৰায়ণি ॥
 তুমি সৰ্ব্বৰূপাা দেবি সবাৰ ঈশ্বৰী ।
 সমস্তৰে শক্তি তুমি নিজে আছা ধৰি ॥
 দৈত্যভয় হন্তে ৰক্ষা কৰাহা আমাক ।
 দুর্গা দেবি ননস্কাৰ কৰোহো তোমাক ॥
 এইযে তােমাৰ মনোহৰ ত্রিনয়ণ ।
 শোভিত বদন পদ্মা তপ্ত হেন হেন ॥
 সৰ্ব্বপ্রাণি হন্তে ৰক্ষা কৰোক আমাক ।
 কাত্যায়ণি প্রণিপাত কৰোহোঁ তােমাক ॥
 অগ্নিহেন কান্তি ষাৰ অতি তীক্ষ্ন ধাৰ ।
 নাশিলে অশেষ দৈত্য ত্রিশূল তােমাৰ ॥
 সেহি শূলে ভয় নাশ কৰােক আমাৰ ।
(৫) ভদ্র কালি তযু পদে নমাে পুণৰ্ব্বাৰ ॥
 যেই তব ঘণ্টা শব্দে ব্যাপি জগতক।
 কৰিলন্ত হীন তেজ সমস্ত দৈত্যক॥

[ ১২৫ ]

সেহি ঘণ্টা মাতৃ হেন পুত্ৰক ৰক্ষণ।
পাপহন্তে আমাসাক কৰােক পালন॥
অসুৰৰ ৰক্ত মেদ পঙ্কত পঙ্কিল।
তীক্ষ্ণ খড়গ তব হাতে আতিসে উজ্জ্বল॥
কৰোক আমাৰ শুভ সেহি তযু অসি। (৬)
চৰশে শৰণাগত ভৈলােহোঁ দেবেশি॥
সবে ব্যাধি হােৱে নাশ হৈলে তুমি তুষ্টা।
মনােৰথ হােৱে ব্যৰ্থ হৈলে তুমি কষ্টা॥
নহয় বিপদ তব আশ্রিত জনৰ ।
কিন্তু সেহি লােক হােৱে আশ্রয় অন্যৰ ॥
আজি তুমি নানা ৰূপে ধৰি নানা মূর্তি।
দুৰন্ত দৈত্যক বিনাশিলা ভগৱতী॥
তােমা বিন এহি কৰ্ম্ম কাহাৰ শকতি।
নিস্তাৰিলা অমৰক কৰি কৃপা আতি॥
২) মায়াশাস্ত্রে বৈদ্যশাস্ত্রে আৰু তর্কশাস্ত্রে।
আদ্যবেদ বাক্যে নীতিশাস্ত্রে জ্ঞানশাস্ত্রে॥
আৰু ঘােৰ অন্ধকাৰ মমত্ব গৰ্ত্তত ।
ভ্ৰমাইছাহা জগতকে তুমি অবিৰত॥

[ ১২৬ ]

ৰাক্ষসৰ মধ্যে আৰু তীব্ৰ বিষধৰ।
সৰ্পৰ মাজত আৰু মধ্যত বৈৰীৰ॥
দস্যগণ দাবানল সমুদ্ৰ মধ্যত।
থাকি তুমি জগতকে ৰাখিছ সতত॥
তুমি বিশ্বেশ্বৰী হেতু পালিছা জগত।
ব্ৰহ্মাণ্ডৰো আত্মা তুমি ধৰিছা জগত॥
যি সবে তোমাত ভক্তি কৰে দৃঢ় ৰূপে।
ব্ৰহ্মাদিৰো পূজনীয় সি সব স্বৰূপে॥
ব্ৰহ্মাণ্ডৰ যত প্ৰাণী তোমাতে আশ্ৰিত।
নানা ৰূপে উপাসনা তোক কৰন্ত॥
সম্প্ৰতি যে মহাদেবি শত্ৰু বিনাশন।
কৰি তুমি জগতক কৰিলা ৰক্ষণ॥
এহি ৰূপে সুপ্ৰসন্ন হইয়া সততে।
আমাক কৰিবা ৰক্ষা অৰি ভয় হন্তে॥
জগতৰ যত পাপ কৰা আশু ক্ষয়।
দুৰ্ভিক্ষ মৰক আদি কৰাহা বিলয়॥
তুমি পূজ্য জগতৰে ব্যাধি জগতৰ।
নাশ কৰি মহাদেবি কৰা উপকাৰ॥
ত্ৰিভুবনবাদী লোকে কৰিছে প্ৰণতি৷
সিয়া ইন্টবৰ দেবি তুমি বৰদাত্ৰী॥

[ ১২৭ ]

এহি ৰূপে দেবগণে কৰিলন্ত স্তুতি।
ভৈলাহা প্রসন্ন দেবী দুর্গা ভগৱতী ॥
ঘােৰ মূৰ্ত্তি ত্যজি তৈল প্রসন্ন বদন।
স্মিত মুখে ত্রিদশক বুলিলা বচন॥
মাৱৰ হৃদয় আতি শিৰিষ কোমল।
ভক্তৰ স্তুতিত তুষ্টা দেবী সর্ব্বকাল॥
হেন জানি নৰগণে তেজি আন কাম।
পাতক চাড়োক বােলা দুর্গা দুর্গা নাম॥

দিলা ইষ্টবৰ,  ত্রিদশ সবাক,
 তুমি দেবি দয়াময়ী॥

দুলড়ি।

ত্রিদশৰ স্তুতি,  শুনি ভগৱতী,
 ভৈলন্ত সন্তোষ আতি।
সমস্ত দেবক,  বুলিলন্ত বাৰু,
 জগতৰ অধিষ্ঠাত্রী॥

[ ১২৮ ]

হে দেবগণ, তৈলােহোঁ এসম,
 বাঞ্চিত কৰা বেকত।
দিবাে মই বৰ, অর্থে জগতৰ,
 সমস্তে মােৰ আদৃত॥
অমৰ বদতি,  মাৰ বিশ্বেশ্বৰি,
 এহি ৰূপে বাৰম্বাৰ।
জগত ৰক্ষণ, শত্রু বিনাশন,
 কৰিবাহা দিয়া বৰ॥
ত্রিদশৰ বাণী,  শুনি কাত্যায়ণী,
 বুলিলা সুধা বচন। (৮)
দানৱৰ ভীতি,  নাহিকে সম্প্রতি,
 যােৱা সবে নিজ স্থান॥
বৈবস্বত নামে, সপ্তম মনুত,
 অষ্টাবিংশ যুগে পুনঃ। (৯)
শুম্ভযে নিশুম্ভ,  নামে অন্য দুই,
 দানৱ হৈব উৎপন্ন॥
মই সিবেলাত,  নলৰ ঘৰত,
 যশােদাত হৈয়া জাত।

[ ১২৯ ]

দুগােটা দৈত্মক,  কৰিবোহোঁ নাশ,
 বসতি কৰি বিন্ধ্যত॥ (১০)
ভয়ঙ্কৰ ৰূপে,  এহি ধৰাধামে,
 হুয়া মই অবতাৰ ।
বৈপ্রচিত্ত নামে, দানৰ সবাক,
 বধিববাহেোঁ পুনৰ্ব্বৰ॥
মহা ভূযুঙ্কৰ, সিসব অসুৰ,
 কৰন্তে মােৰ ভক্ষণ।
ডালিমৰ ফুল, হেন দন্তপংক্তি,
 হৈবন্ত ৰক্ত বৰণ॥
মােক সিবেলাত, স্বৰগে দেবতা,
 মৰ্ত্তত মানৱ গণ ।
হেৰক্ত দুস্তিকা,  নামক উচ্চৰি,
 কৰিব সবে স্তবন॥
শতেক বৰিষ,  ব্যাপি অনা বৃষ্টি,
 হৈবন্ত ধৰণী তলে।
সিকালত মােক, কৰিব স্তবন,
 সমস্ত মুনি মণ্ডলে ॥

[ ১৩০ ]

মুনিৰ স্তুতিত,  হুয়া মই তুষ্ট,
 নয়ন ধৰি শতেক।
হৈবো অবতাৰ, অযোনি সম্ভৱ,
 ৰাখন্তে যত প্ৰাণীক॥
শতেক নোচনে,  যত মুনি গণে,
 কৰন্তে মই দৰ্শন।
শতাক্ষী আমাৰ, নাম কৰিবন্ত,
 যতেক মানবগণ॥
হেৰা দেৱগণ,  জল বৰিষণ,
 যাবত নোহে ধৰাত।
স্ৰজি নানা শাক,  দেহ হন্তে মোৰ,
 পুষিবো প্ৰাণী সমস্ত॥
শাকম্ভৰী নাম, সিকালত মোৰ,
 জগতে হৈবন্ত খ্যাতি।
ঋষি মুনি নৰে, কিন্নৰ অমৰে,
 কৰিবন্ত মোক স্তুতি॥
দুৰ্গম নামক, এক মহা দৈত্য,
 সিকালে কৰিবো হত।
তান হন্তে মোৰ, দুৰ্গা দেবী নাম
 জগতে হৈবন্ত খ্যাত॥

[ ১৩১ ]

মই পুনৰপি, ভীম ৰূপ ধৰি,
 হিমালয় নগেন্দ্ৰত।
মুনিগণ ৰক্ষা, কৰিবাক হেতু,
 কৰিব ৰাক্ষস হত॥
মোক সিবেলাত, মুনিগণ যত,
 কৰিব ভক্তিৰে স্তুতি।
ভীমা দেবী নাম, ধৰিয়া তথাত,
 হৈবোহোঁ জগতে খ্যাতি॥
পাছে দৈত্য এক,  অৰুণ নামক,
 হৈবন্ত দেব অৰাতি।
বলে মহাবল,  পীড়া ত্ৰিলোকৰ,
 কৰিব অসুৰে আতি॥
ভ্ৰমৰ বেষ্টিত, ভ্ৰমৰৰ ৰূপ,
 ধৰি মই সিবেলাত।
হিতে ত্ৰিলোকৰ,  সি মহা সুৰক,
 অবশ্যে কৰিবোহত॥
সিদ্ধ মুনিনৰে, দেব বিদ্যাধৰে,
 সমস্তে মোৰ স্তুবন।
কৰিব উল্লাসে, সেহি অবসৰে,
 লৈববাহো ভ্ৰামৰী নাম॥

[ ১৩২ ]

দানৱ জনিত, এনুৱা পীড়ণ,
 হৈবন্ত যেই বেলাত।
সিবেলাত মই,  অবতাৰ হই,
 কৰিবো শত্ৰু নিপাত॥
জগত জননী,  বিপদ নাশিনী,
 অপাৰ কৃপা তাহাৰ।
নাশি দৈত্যগণ,  জগত ৰক্ষণ,
 কৰিলন্ত ভয় দূৰ॥
হেন জানি নৰে,  দেবীক অন্তৰে,
 সুমৰাহা ঘনে ঘনে।
আখ্যান চণ্ডীৰ, আতি মনোহৰ,
 দ্বিজ কীৰ্ত্তি চন্দ্ৰে ভনে॥

[ ১৩৩ ]
দুৰ্গতি নাশিনি!   দানৰ ঘাতিনি।
কৰ কৃপা মাৰ! পতিত পাবনি।

ঝুনা।
পুনৰপি দেবী অমৰ গপক
হসিত বদনে বুলিলন্ত বাক।
স্তবে তোমাসাৰ মোক যেইজন
কৰিবন্ত সদা ভক্তিত স্তবন॥
তাৰ যত পীড়া বিপদ নিচয়
কাৰবোহোঁ নাশ নাহিকে সংশয়।
মধু কৈতভৰ মহিষ সুৰৰ
বধৰ স্বাদ শুম্ভ নিশুম্ভৰ॥
যি সবে ভক্তিৰে কৰিব কীৰ্ত্তন
হৈব সিসাৰ ধন কান্তি মান।
অটমীমা অথবা নৱমী তিথিত
চতুৰ্দশাতবা আমাৰ মাহাত্ম্য॥
একচিও ভাবে যিদবে আমাত
কৰি দৃঢ়ভক্তি শ্ৰবণ কৰন্ত।
নোহে সিসবাৰ অলপো দুস্কৃত
বিপদ দৰিদ্ৰতা বন্ধুৰে বিযুক্ত॥
[ ১৩৪ ] চণ্ডিকাখ্যান।

শক্ত হস্তেভয় আৰু দম্ভভয় নৃপতি ভীতি কদাপি নহয়। অস্ত্র শস্ত্রভয় আৰু অগ্নিভয় জলহন্তে ভয় নহয়নিশ্চয়। অতএব মোৰ উত্তম আখ্যান [>] সমাহিত মনে কৰিব পঠন। সদা ভক্তিভাবে কৰিব শ্ৰণ সোহসে মঙ্গল আতি বিতোপন। তামাৰ আখ্যানে অনেক উৎপাত মহা মাৰা পীড়া কৰিবন্ত নষ্ট। নানা উপসর্গ মহামাৰী জন্য মােহোৰ মাহাত্মে কৰিব বাৰণ। গৃহেযাৰ মম পবিত্র আখ্যান ভক্তিভাবে সদা নকৰােহঁ ত্যাগ তাহাৰ ভবন সৰ্ব্ব কালোেত কৰে। সন্নিধান। যজ্ঞ বলিদান আমাৰ পূজাত [ ২ } পুত্র জম্মবিহা আদি উৎসৱত। [১] সমাহিত মনে, একান্ত ভাবে। [২] বিহা, বিবাহ। কৰ পঠন। [ ১৩৫ ] চণ্ডিকাখ্যান। ১২৭ কৰিব পঠন কৰিব শ্রবণ। যদ্বা অপণ্ডিত পূৰ্ব্বক কৰন্ত। সাদৰে গ্ৰহণ বাঞ্চিত পূৰণ। শৰত কালত শ্রদ্ধাত কৰন্ত । পবিত্র আখ্যান কৰয় শ্রবণ মােৰ এহিকথা ভক্তিভাবে সবে হৌক পণ্ডিত মােবােৰ আখ্যান পূজা বলিহােম কৰি কৰােতাৰ যেই জনে মােৰ বার্ষিক অচ্চন তাত যদি মােৰ ভক্তি ভাবে নৰে সমস্ত বিপত্তি নাহিকে সংশয় হােৱে ধনধান্য আৰু ভাৰ্য্যাপুত্র শুনিলে আমাৰ আৰু অবতাৰ নখাকন্তু তাৰ পাৱে সুখশান্তি যিসবে আমাৰ কৰে সিসবাৰ প্রসাদে আমাৰ দূৰ হয় তাৰ । ঐশ্বৰ্য অপাৰ কৃপাত যে মােৰ ? পবিত্র আখ্যান ৰণে পৰাক্ৰম । হৃদয়ত ভীতি অনেক বিভূতি। চৰিত্ৰ শ্ৰবণ হৈবন্ত কল্যাণ । [ ১৩৬ ] ১২৮ চণ্ডিকাখ্যান। শত্রুগণ ক্ষয় পুত্র পৌত্র সহ দুঃস্বপ্ন দর্শনে উগ্ৰগ্রহ পীড়া মোৰ উপাখ্যান উপসর্গ যত ভূতাদি সম্ভব কৰে নিবাৰণ অন্যোন্য বিবাদ কৰয় ভঞ্জন দুৰ্বও সবাৰ ভূত পিশাচক আমাৰ আখ্যান কৰােহেঁ৷ সন্নিধি গন্ধ পুষ্প ধূপ অভিষেক হােম আৰু নানা ভােগ্য দিয়া মােককৰে কৰি বৰিষেক কৰন্ত যাদৃশ বংশৰ উন্নতি আনন্দত গতি। শান্তিক কর্মত জনিত ব্যাধিত। কৰিব শ্রবণ হৈবে উপশম। পীড়া বালক আখ্যানে আমাৰ হৈলে উপস্থিত আমাৰ চৰিত ; কৰে বল হীন কন্ত নাশন। কৰে যদি পাঠ নিশ্চয়ে তাহাত দীপ বলি দান ব্রাহ্মণ ভোেজন। ৰতন কাঞ্চন প্রত্যহ পূজন। ইমতে অর্চন

প্রতি উৎপাদন [ ১৩৭ ]
একবাৰ মাত্ৰ   আখ্যান আমাৰ
শুনিলে তাদৃশ প্ৰীতি হয় মোৰ॥
মোৰ অবতাৰ কথাৰ কীৰ্ত্তনে
আৰু ভক্তিনম্ৰ ভাবত শ্ৰবণে।
কৰে পাপ নাশ আৰোগ্য প্ৰদান
প্ৰাণীগণ হস্তে কৰে পৰিত্ৰাণ॥
সমৰ কালীন দৈত্য বিনাশন
শুনে যদি মোৰ পুৰুষে আখ্যান।
শক্ৰকৃত ভয় নহয় তাহাৰ
সুখ সম্পদত যাই সৰ্ব্বকাল॥
তোমা সবে যেই কৰিলাহা স্তুতি
কৰিলেক আৰু নাৰদ প্ৰভৃতি৷
কৰিলন্ত মোক বিধাতা স্তবন
সিসব স্তবনে হোৱে তত্ত্বজ্ঞান॥
অৰণ্যত কৰে অনলে বেষ্টিত
দস্যুগণে যদি আক্ৰমে মাৰ্গত।
শত্ৰুগণে যদি ধৰে নিৰ্জনত
সিংহ ব্যাঘ্ৰ হস্তী পীড়ন্ত বনত॥
কোপত ৰাজাৰ বধ্য ভূমিগত
অথবা দোষত লৌহ নিগড়িত।
[ ১৩৮ ]
সমুদ্ৰৰ মধ্যে   নৌকাৰোহণত
কৰে যদি বায়ু তাত অঘূৰ্ণিত॥
দাৰুণ সংগ্ৰামে হৈলে অস্ত্ৰপাত
ব্ৰণাদি পীড়াত ইসব বাধাত।
কৰে যদি মোৰ চৰিত স্মৰণ
বাধাহন্তে ত্ৰাণ পাৱে নৰগণ॥
চৰিত স্মৰণে মোৰ প্ৰভাৱত
সিংহ বাঘ হাতী দুস্যু বৈৰি যত।
ভকতক মোৰ নকৰি ধৰ্ষণ (৩)
দূৰ হন্তে সবে কৰে পলায়ণ॥
মেধস বদতি চণ্ডিকা গোসানী
অমৰ গণক এহিৰূপে বাণী।
বুলি আশ্বাসিয়া সুৰথ ৰাজন
আগত সবাৰ ভৈলা অন্তৰ্ধান॥
শত্ৰু বিনাশন ভৈল ত্ৰিদিশৰ
গুচিল সবাৰ ভয় দানৱৰ।
পালিষজ্ঞভাগ যথ পূৰ্ব্ববত
নিজ নিজ ভাঙ্গে বসিলা স্বৰ্গত॥
[ ১৩৯ ]
ভৈলা যেবে হত   শুম্ভ মহাৰ
ৰণত নিশুম্ভ হাতে চণ্ডিকাৰ।
চণ্ডিকাৰ ভয়ে শেষ দৈত্য যত
প্ৰবেশিলা পাছে পাতাল পুৰীত॥
এহি ৰূপে নৃপ দেবী সনাতনী
হুয়া অবতাৰ জগত জননী।
কৰে পুনঃ পুনঃ জগত পালন
দুৰ্বত্তক বলে কৰি সংহৰণ॥
মুহিছে প্ৰাণীক সেহি ভগৱতী
স্ৰজিছে জগত সেহি দেব শক্তি॥
কৰিলে ভকতি হুয়া তুষ্ট আতি
দেন্ত তত্ত্বজ্ঞান অতুল বিভৃতি॥
প্ৰলয় কলিত ধৰণীৰ পতি
মহামাৰী ৰূপে সেহি ভগৱতী
অখিল ব্ৰহ্মাণ্ড ব্যাপি ঘোৰ ৰূপে
জগতৰ প্ৰাণী সংহৰে নিমিষে॥
মহামাৰী দেবী জনম ৰহিত
জে প্ৰাণীগণ সৃষ্টিৰ কালত।
স্থিতিকালে দেবী জগত জননী
প্ৰাণীক পালন কৰে সনাতনী॥
[ ১৪০ ] চণ্ডিকাখ্যান।

মনুষ্ণ গৃহত সম্পদ কালত। যত নগণ আৰু যে মৰণ আদি উপহাৰ কৰন্ত দেবাৰ । ধন পুত্র দান কৰম্ভ প্রদান। লক্ষী ৰূপে সেহি কয় নিবাস অভাবে দেবীৰ পাৱে নানা দুঃখ গন্ধ পুষ্প ধূপ দিয়া পূজা স্তৰ তাক প্রতি দেব। আৰু ধৰ্ম্মে মতি আছে যত দ্রব্য দ্রব্য অন্বেষণে একান্ত ভকতি কৰা এক মনে খণ্ডোক আমাৰ এহিমাত্র চিন্তা দুর্গা নাম জপ খসিব বন্ধন মাৱৰ অধীন নাই প্রয়ােজন। দেবীৰ চৰণে সবে নগণে। সংসাৰ বন্ধন কা সর্বজন। কৰা নিৰন্তৰ লভিব। নিস্তার। অসাৰ সংসাৰ, দুর্গা পদ সাৰ,

কৰাহা হিয়াত ধ্যান। [ ১৪১ ]

পদ।

ঋষিয়ে বোলন্ত শুনা সুৰথ ৰাজন।
সমস্ত পুৰুষাৰ্থদ দেবীৰ আখ্যান॥
তোমাৰ আগত মই কৰিলো বেকত।
মহাশক্তি মৰ্তী দেবী ধৰিছে জগত॥
বিষ্ণু মায়া ভগৱতী হৈলে সুপ্ৰসন্ন।
মায়ামোহ দূৰ হয় লভে তত্ত্বজ্ঞান॥
তুমি এহি বৈশ্য আৰু জ্ঞানীজন যত।
মায়ায়ে কৰিছে মুগ্ধ কৰিব মোহিত॥
একচিত্ত মনে ৰাজা দেবীত শৰণ।
হই ভক্তি ভাবে কৰা দেবীৰ পূজন॥
আৰাধনে হই তুষ্টা দেবী ভগৱতী।
মনুষ্যক কৃপা কৰি দিয়ে ভুক্তি মুক্তি॥
জৈমিনিক সম্বোধি বুলিলা মাৰ্কণ্ডেয়।
মেধস সমীপে পাইলা দেবীৰ নিশ্চয॥
সুৰথ সমাধি পাছে মেধস মুনিক।
দণ্ডৱতে প্ৰণমিলা কৰি কাকুবাক॥
ৰাজ্যনাশ হেতু দুঃখ আছিল ৰাজাৰ।
পুল্ৰাদিত মোহ আৰু সমাধি বৈশ্যৰ॥

[ ১৪২ ]

তথাপি ঋষিৰ আজ্ঞা শিৰোধাৰ্য্য কৰি।
তেতিক্ষণে তপস্যাক ধৰিলা আবৰি॥
প্ৰণমি মুনিক দুই দেবীৰ দৰ্শনে।
অভিলাষ কৰিগৈলা নদীৰ পুলিনে॥ (১)
তাত বসি বৈশ্য আৰু সুৰথ নৃপতি।
দেৰী সুক্ত জপি কৰে দেবীত ভকতি॥
মৃত্তিকাৰ দেবী মূৰ্ত্তি কৰিয়া নিৰ্ম্মান। (২)
দুই জনে ভক্তি ভাবে কৰন্ত পূজন॥
গন্ধ পুষ্প দূপ দীপ নিয়া কৰে হোম।
ভূমিত পড়িয়া কৰে অষ্টাঙ্গ প্ৰণাম॥
নিৰাহৰ তাহাৰ হৈয়া দুই জন।
নিজ দেহ হন্তে ৰক্ত কৰন্ত প্ৰদান॥
বনিয ত্ৰিতয এহিৰূপে আৰাধনা৷
কৰন্তে বুলিলা দেবী প্ৰত্যক্ষ বচন॥
হে নৃপ হে বৈশ্য দুই যাহাক লাগিয়া।
কৰিলাহা কষ্ট এত এই মহামায়া॥

[ ১৪৩ ]

কৰা ব্যক্ত মনোৰথ উভয়ে নিজৰ।
হৈলু তুষ্ট কৰিবোহোঁ পুৰণ দোহাৰ॥
মাৰ্কণ্ডেয় বদতি শুনিয়ো মুনিবৰ।
দেবীক প্ৰণাম কৰি প্ৰাৰ্থিলাহা বৰ॥
জন্মান্তৰে হৌক মোৰ অক্ষুন্ন ৰাজত্ব।
ইজন্মত কৰো মই বলে শত্ৰু নষ্ট॥
শত্ৰু নাশি হৌক মোৰ ৰাজ্যত বসতি।
বাঞ্চিলন্ত এহি বৰ সুৰথ নৃপতি॥
সংসাৰ বিৰগী সেহি বৈশ মহামতি।
পুঙ্খ ভাৰ্য্যা আৰু দেহি নকৰি আশক্তি॥
“মোৰ” মই এহি জ্ঞান থাকোক মোৰ।
খুজিলন্ত ব্ৰহ্ম জ্ঞান সমীপে দেবীৰ॥
উভয়ৰ নিবেদন শুনি কাত্যায়ণী।
প্ৰথমে ৰাজাক দেবী বুলিলন্ত বাণী॥
অল্প দিনে মহাৰাজ নাশি শত্ৰুগণ।
অকণ্টক পাবা ৰাজ্য নকৰা চিন্তন॥
এহি ৰাজ্য ভোগ তুমি কৰি সমাপত্তি৷
সূৰ্য্য দেব হস্তে পুনঃ হইবা উৎপত্তি॥
সাবৰ্ণিক মনুনামে হৈবাহ সিকালে।
শাসিবা বিবিধ প্ৰজা ন্যায় ধৰ্ম্ম বলে॥

[ ১৪৪ ]

বৈশ্যবৰ তুমি যেই কৰিলা প্ৰাৰ্থন।
তোমাত হইলো তুষ্ট কৰিলো প্ৰদান॥
তত্ত্ত্ব জ্ঞান হৌক তব মুক্তিৰ সাধন।
খণ্ডোক সংসাৰ পাশ লভাহা নিৰ্ব্বান॥
দোহাৰ অভীষ্ট এহিৰূপে কৰি পূৰ্ত্তি।
অন্তৰ্হিতা ভৈলা তত দেবী জগন্মুত্তি॥
ক্ষত্ৰিয় প্ৰবৰ সেহি সুৰথ নৃপতি।
ভৱানীৰ পাই বৰ পুলকিত আতি॥
শত্ৰুনাশ কৰি ৰাজ্য লভি তেতিক্ষণে।
পৃজিলা দেবীক পাছে অনেক বিধানে॥
সেহি ৰাজা পুনৰপি সূৰ্ঘ্য হন্তে জাত।
হৈয়া সাবৰ্ণিক নামে মনুহৈল খ্যাত॥
ভুক্তি মুক্তি প্ৰদা এহি চণ্ডীৰ আখ্যান।
চণ্ডীৰ চৰণ চিন্তি কৰিলো ৰচন॥
নানা অপৰাধ মোৰ হৈছে ৰচনাত।
কৰা ক্ষমা জগদ্ধাত্ৰি কৰোঁ প্ৰণিপাত॥
মই অতি অল্পমতি মহিমা তোমাৰ।
অনন্ত যে কি প্ৰকাৰে কৰোহোঁ প্ৰচাৰ॥
নিজ গুণে নিজে দেবি হইয়া প্ৰসন্ন।
মোৰ অপৰাধ যত কড়িয়া মৰ্ষণ॥

[ ১৪৫ ]

অন্তিম কালত তযু চৰণ কমল।
চিন্তি যেন আত্মা মোৰ ত্যজে কলেবৰ॥
এহি আশা কৰি মনে চণ্ডীৰ আখ্যান।
ৰচিলো কৰিলো মই চণ্ডীত অৰ্পণ॥
শুনা সবে নৰগণ তেজি আন কাম।
পাতক চাড়োক ডাকি বোলা দুৰ্গা নাম॥

ভুল সংসোধন।

পঞ্চাচ পিঠিৰ চাৰি সাৰিৰ তলত।
কথা ফাকি এৰা পৰি গৈছে।

তুমি স্বাহা ৰূপে দেবী সমস্ত যজ্ঞত।
দেবতাক দিছা তৃপ্তি পিতৃক স্বধাত॥

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )