সমললৈ যাওক

পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰলয় কালত তুমি সংহৰণ ৰূপা।
কৰা দয়া দয়াময়ি জগত সুৰূপা॥
ব্ৰহ্মজ্ঞান প্ৰকাশিনী তুমি মহাবিদ্যা।
জগতকে কৰা মুগ্ধ হেতু মহামায়া॥
মহামেধা তুমি দেবী আৰু মহাস্মৃতি।
মোহৰূপা মহাসুৰী মহাদেব শক্তি॥
সত্বৰজস্তমোগুণ প্ৰকাশ কাৰিণী।
সবাৰো কাৰণ ভূতা তুমি নাৰায়ণী॥
ব্ৰহ্মাৰ মৰণ ৰাত্ৰি আৰু মহাৰাত্ৰি।
ঘোৰৰূপা ভয়ঙ্কৰী তুমি নিদ্ৰাৰাত্ৰি॥
তুমিসে ঈশ্বৰী লক্ষী তুমি লজ্জমতি।
তুমি তুষ্টি তুমি পুষ্টি তুমি শান্তি ক্ষান্তি॥
খড়গহস্ত শূলহস্তা গদিনী চক্ৰিণী।
তুমি শঙ্খহস্তা ধনুৰ্বাণাদি ধাৰিণী॥
সৌম্যা সৌম্য তৰা তুমি সবাতো সুন্দৰ।
ঈশ্বৰকো কৰাবশ পৰমা ঈশ্বৰী॥
অখিল ব্ৰহ্মাণ্ড মধ্যে যত দ্ৰব্যচয়।
সমস্তৰে শক্তি তুমি কি বৰ্ণাবো মই॥
চৰাচৰ বিশ্বৰূপা তুমি ভগৱতী।
কিৰূপে কৰিবো স্তুতি মই মূঢ়মতি॥