পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
চণ্ডিকাখ্যান।

অসুৰক ভগৱতী কৰিব সংহাৰ।
এহি ভাবে ত্ৰিদশৰ আনন্দ অপাৰ॥
যি দেবৰ যেহি অস্ত্ৰ আছিল প্ৰশস্ত।
তান হন্তে দিলা দেৱে দেৱীৰ হাতত॥
নিজৰ শূলৰ দৰে এক শূল আনি।
দিলাহা দুৰ্গাৰ হাতে দেব শূলপাণি॥
নিজচক্ৰ হেন চক্ৰ কৰি উৎপাদন।
মুৰাৰি কৰিলা পাছে দুৰ্গাক অৰ্পণ॥
এহি ৰূপ দিলা শঙ্খ দেবীক বৰুণে।
অতি তীক্ষ্ন‌ শক্তি দিলা দেব হুতাশনে॥
দিলা বায়ু বাণ পূৰ্ণ তোন ধনু খান।
কৰিলন্ত পুৰন্দৰে বজ্ৰক প্ৰদান॥
ঐৰাবত হন্তে ঘণ্টা দিলা দেবৰাজ।
যমদণ্ড দেবী হন্তে দিলা প্ৰেতৰাজ॥
বৰুণে দিলন্ত মহাপাশ চণ্ডিকাক।
প্ৰজাপতি অক্ষমালা দিলা পিন্ধিবাক॥
ব্ৰহ্মদেবে কমণ্ডলু অৰ্পিলা দুৰ্গাক।
দিবাকৰে লোমকুপে দিলা ৰশ্মি যাক॥
খড়্গ‌ চম্ম দিলা কালে দুৰ্গাৰ হাতত।
ক্ষীৰোদধি দিলা হাৰ মুকুতা মণ্ডিত॥