সমললৈ যাওক

পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৩
চণ্ডিকাখ্যান।

মই পুনৰপি, ভীম ৰূপ ধৰি,
 হিমালয় নগেন্দ্ৰত।
মুনিগণ ৰক্ষা, কৰিবাক হেতু,
 কৰিব ৰাক্ষস হত॥
মোক সিবেলাত, মুনিগণ যত,
 কৰিব ভক্তিৰে স্তুতি।
ভীমা দেবী নাম, ধৰিয়া তথাত,
 হৈবোহোঁ জগতে খ্যাতি॥
পাছে দৈত্য এক,  অৰুণ নামক,
 হৈবন্ত দেব অৰাতি।
বলে মহাবল,  পীড়া ত্ৰিলোকৰ,
 কৰিব অসুৰে আতি॥
ভ্ৰমৰ বেষ্টিত, ভ্ৰমৰৰ ৰূপ,
 ধৰি মই সিবেলাত।
হিতে ত্ৰিলোকৰ,  সি মহা সুৰক,
 অবশ্যে কৰিবোহত॥
সিদ্ধ মুনিনৰে, দেব বিদ্যাধৰে,
 সমস্তে মোৰ স্তুবন।
কৰিব উল্লাসে, সেহি অবসৰে,
 লৈববাহো ভ্ৰামৰী নাম॥