পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
চণ্ডিকাখ্যান

দুর্ব্বলা ৰমণী,  তুমি একাকিনী,
  মহা বল দৈত্য সেনা।
নােৱাৰা তিষ্ঠিব,   কহিলাে স্বৰূপে,
  এড়িয়ো যুদ্ধ বাসনা॥
ইন্দ্রাদি অমৰ,  সংগ্রামে যাহাৰ,
  বাৰম্বাৰ পৰাজিত।
সেহি শুম্ভাদিৰ,   আগত কিৰূপে,
  হৈবা তুমি উপস্থিত॥
স্বৰূপতে কহোঁ,  শুনাহে সুন্দৰি,
  ৰাখিয়ো মােৰ বচন।
শুম্ভ নিশুম্ভৰ,  সমীপে তােমাৰ,
  উচিত কৰা গমন॥
নোহে সাধাৰণ,  মহাবল বান,
  নিশুম্ভ শুম্ভ দানৱ।
কেশে ধৰি নিলে,  অৱশ্য তােমাৰ,
  হৈবন্ত নষ্ট গৌৰব॥
শুনি দূত বাণী,  বুলিলা গােসাণী,
  সত্য সত্য তযু বাণী ,
শুম্ভ দৈত্যপতি,   বলবন্ত আতি,
  নিশুম্ভও পৰাক্ৰমী॥