এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চণ্ডিকাখ্যান।
১৩৫
কৰা ব্যক্ত মনোৰথ উভয়ে নিজৰ।
হৈলু তুষ্ট কৰিবোহোঁ পুৰণ দোহাৰ॥
মাৰ্কণ্ডেয় বদতি শুনিয়ো মুনিবৰ।
দেবীক প্ৰণাম কৰি প্ৰাৰ্থিলাহা বৰ॥
জন্মান্তৰে হৌক মোৰ অক্ষুন্ন ৰাজত্ব।
ইজন্মত কৰো মই বলে শত্ৰু নষ্ট॥
শত্ৰু নাশি হৌক মোৰ ৰাজ্যত বসতি।
বাঞ্চিলন্ত এহি বৰ সুৰথ নৃপতি॥
সংসাৰ বিৰগী সেহি বৈশ মহামতি।
পুঙ্খ ভাৰ্য্যা আৰু দেহি নকৰি আশক্তি॥
“মোৰ” মই এহি জ্ঞান থাকোক মোৰ।
খুজিলন্ত ব্ৰহ্ম জ্ঞান সমীপে দেবীৰ॥
উভয়ৰ নিবেদন শুনি কাত্যায়ণী।
প্ৰথমে ৰাজাক দেবী বুলিলন্ত বাণী॥
অল্প দিনে মহাৰাজ নাশি শত্ৰুগণ।
অকণ্টক পাবা ৰাজ্য নকৰা চিন্তন॥
এহি ৰাজ্য ভোগ তুমি কৰি সমাপত্তি৷
সূৰ্য্য দেব হস্তে পুনঃ হইবা উৎপত্তি॥
সাবৰ্ণিক মনুনামে হৈবাহ সিকালে।
শাসিবা বিবিধ প্ৰজা ন্যায় ধৰ্ম্ম বলে॥