সমললৈ যাওক

পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
চণ্ডিকাখ্যান।

বিষ্ণু মহামতি,  তােমাৰ শকতি,
 দেখি তুষ্ট ভৈলাে আমি।
ইচ্ছা অনুসৰি,  তােমাক আদৰি,
 দিও বৰ লােৱা তুমি ॥
শুনি চক্রপাণি,  অসুৰৰ বাণী,
 লভিলা সন্তোষ মনে।
দিয়া মােক বৰ, বাঞ্চিত আমাৰ,
 খ্যাত দুই ত্রিভুবনে॥
তােমা দুই বীৰ,  হাতত আমাৰ,
 বধ্যহােৱা শীঘ্ৰ কৰি।
অন্যবৰে মােৰ,  নাই প্রয়ােজন,
 বুলিলা দেব শ্রীহৰি॥
মেধস বদতি,  শুনা নৰপতি,
 পাছে যেহি কথা ভৈল।
মায়াত দেবীৰ,  মুগ্ধ দুই বীৰ,
 মনত বহু ভাবিল॥
ডুবিছে জলত, সমস্ত জগত,
 অলপো নাহিকে স্থল।
স্থলত বধোক, দিও এহি বৰ,
 আত পৰে নাই ছল॥