পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চণ্ডিকাখ্যান।

নমঃ শ্ৰীচণ্ডিকায়ৈঃ।

জয় জয় জগদ্ধাত্ৰি জগত জননী।
চৰণে শৰণ লৈলো তুমি নাৰায়ণী॥
স্ৰজনত তুমি সৃষ্টি পালনত স্থিতি।
সংহৰণে তুমি দেবি আতি ঘোৰমূৰ্ত্তি॥
ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তোমাৰ কিঙ্কৰ।
তুমি বিনে সিসবাৰ নাই অধিকাৰ॥
তযুশক্তি বলে বিধি কৰন্ত সৃজন।
পালয় জগত বিষ্ণু শিবে সংহৰণ॥
প্ৰধান প্ৰকৃতি তুমি জগত কাৰণ।
তযু লোমকূপে আছে চৈধ্যয় ভুবন॥
অনন্ত ৰূপিনী তুমি দেবী ভগবতী।
চৰণে তোমাৰ, মোৰ অসংখ্য প্ৰণতি