পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
চণ্ডিকাখ্যান।

যাৰ তেজে যেহি অঙ্গ ভৈলন্ত দুৰ্গাৰ ।
তাক ব্যক্ত কৰি কহোঁ শুনা নৃপবৰ॥
শম্ভুতেজে হৈল দুর্গাদেবীৰ বদন।
শমন শােণিত হন্তে কেশ বিতােপন॥
বিষ্ণুতেজে উতপতি হাজাৰেক কৰ।
চন্দ্রতেজে স্তন যুগ্ম আতি মনােহৰ ॥
হৈল মধ্যদেশ দেৱৰাজৰ ৰুধিৰে ।
মনােহৰ জঙ্ঘা উৰু বৰুণ তেজেৰে॥
বসুমতী তেজে হৈল নিতম্ব দেবীৰ।
চৰণ কমল দুটী ৰুধিৰে ব্ৰহ্মাৰ ॥
পদৰ অঞ্জলী যত ভাস্কৰ শােণিতে।
হাতত আঞ্জলী হৈল বসুগণ ৰক্তে॥
যক্ষৰাজ তেজে হৈল নাসিকা দেবীৰ।
প্রজাপতি ৰক্তে দন্ত পংক্তি মনোহৰ ॥
নয়ন ত্ৰিতয় হৈল তেজে অগনিৰ।
সন্ধ্যা তেজে ভ্ৰুযুগল পৰম সুন্দৰ ॥
পবনৰ তেজে হৈল কাণ দুইখান।
অন্য দেবতাৰ তেজে অবয়ব আন॥
সমস্ত দেবৰ তেজে দেবী উতপতি।
দেখি দেবগণ পাছে ভৈলা হৃষ্ট অতি ॥